Logo
image

অহংকাৰী বিজেপিক ‘শিক্ষা’ দিলে শ্ৰীৰামে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুনঃ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ পাছত এইবাৰ বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰিল ইন্দ্ৰেশ কুমাৰ৷ আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আৰু সংগঠনটোৰ অন্যতম জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰে কেন্দ্ৰত শাসনাধিস্থ বিজেপি দলক ‘অহংকাৰী’ আৰু ইণ্ডিয়া জোঁটক ‘ৰামবিৰোধী’ বুলি অভিহিত কৰে৷ বিজেপিক সমালোচনা কৰি আৰ এছ এছৰ শীৰ্ষ বিষয়ববীয়াজনে কয়– ৰামে সকলোৰে প্ৰতি ন্যায় বিচাৰ কৰে৷ ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰিলে এই কথা বুজা যায়৷ যিসকলে ৰামৰ পূজা কৰিছিল, লাহে লাহে তেওঁলোকৰ মাজত অহংকাৰে গঢ় ল’লে৷ নিৰ্বাচনত সেই দলটোৱে বৃহৎ দল হিচাপে থিয় দিলে৷ তেওঁলোকে সংখ্যাগৰিষ্ঠতা পোৱা উচিত আছিল৷ যি ক্ষমতা তেওঁলোকে পোৱা উচিত আছিল, অহংকাৰৰ কাৰণে ভগৱানে ইয়াক বন্ধ কৰি দিলে৷ যিসকলে ৰামৰ বিৰোধিতা কৰিছিল তেওঁলোকক কোনো ক্ষমতা দিয়া হোৱা নাই৷ তেওঁলোকৰ কোনেও ক্ষমতা লাভ নকৰিলে৷ একেলগে থকাৰ পাছতো তেওঁলোক প্ৰথম নহ’ল৷ বাওঁপন্থীসকল দ্বিতীয় হল৷ ঈশ্বৰৰ ন্যায়বিচাৰ বিচিত্ৰ নহয়৷ এইটো খুব উপভোগ্য৷ 

উল্লেখ্য যে, বৃহস্পতিবাৰে জয়পুৰৰ দাঁতিকাষৰীয়া কালোটাত ‘ৰামৰথ অযোধ্যা যাত্ৰা দৰ্শন পূজা অনুষ্ঠান’ত দিয়া ভাষণত ইন্দ্ৰেশ কুমাৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে৷ অৱশ্যে, নিজৰ ভাষণত আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্যজনে কোনো দলৰ নাম উল্লেখ নকৰি কয়– যি দলে ভগৱান ৰামৰ ভক্ত আছিল কিন্তু অহংকাৰী হৈ উঠিছিল, সেই দলটোক ২৪১খন আসনত ৰখাই দিয়া হ’ল৷ অথচ এই দলটোকে পূৰ্বতে বৃহত্তম দল কৰা হৈছিল৷ যিসকলৰ ৰামৰ ওপৰত বিশ্বাস নাছিল, তেওঁলোকক ২৩৪ নম্বৰত ৰখাই দিয়া হ’ল৷ যিসকলে ৰামক পূজা কৰিছিল, কিন্তু লাহে লাহে অহংকাৰী হৈ উঠিল, সেই দলটোৱে আটাইতকৈ বৃহৎ দল হিচাপে থিয় দিছে যদিও তেওঁলোকে যি ভোট আৰু ক্ষমতা পোৱা উচিত আছিল ভগৱানে তেওঁলোকৰ দাম্ভিকতাৰ কাৰণে সেয়া নিদিলে৷ ৰামৰ বিৰোধিতা কৰাসকলক তেওঁ ক্ষমতা নিদিলে৷ আনকি তেওঁলোক সকলোকে একেলগে দ্বিতীয় স্থানত ৰখা হ’ল৷ ঈশ্বৰৰ ন্যায় বিচাৰৰ সত্য আৰু আনন্দদায়ক৷ যিসকলে ৰামক পূজা কৰে তেওঁলোক নম্ৰ হোৱা উচিত৷ আৰু যিসকলে ৰামৰ বিৰোধিতা কৰে ভগৱানে নিজে তেওঁলোকৰ সৈতে মোকাবিলা কৰে৷ ভগৱান ৰামে কাৰো সৈতে বৈষম্য নকৰে৷ শাস্তিও নিদিয়ে৷ সকলোৰে ন্যায় বিচাৰ কৰে৷ ভগৱান ৰামে এনেদৰেই ন্যায় বিচাৰ দি থাকিব৷ ভগৱান ৰাম সদায় ন্যায়পৰায়ণ হৈ থাকিব৷ ভগৱান ৰাম মানুহক ৰক্ষা কৰিছিল আৰু ৰাৱণৰো মংগল কৰিছিল৷ এইবাৰৰ নিৰ্বাচনত ৰামে সকলোৰে অহংকাৰ ভাঙি দিলে৷ অহংকাৰী দলটোক উচিত শিক্ষা দিলে ৰামে৷ উল্লেখ্য যে, ইন্দ্ৰেশ কুমাৰৰ পূৰ্বে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতেও বিজেপি দলক সমালোচনা কৰি কৈছিল যে এজন প্ৰকৃত ‘সেৱক’ৰ কোনো অহংকাৰ হ’ব নালাগে আৰু মৰ্যদা অক্ষুন্ন ৰাখি মানুহৰ সেৱা কৰিব লাগে৷ যি সচাকৈয়ে ‘সেৱক’ তেওঁ মৰ্যদাৰে সৈতে আচৰণ কৰে৷ আনহাতে, আৰএছএছৰ মুখপত্ৰ ‘অৰ্গেনাইজাৰ’ত ক্ষোভ প্ৰকাশ কৰি কোৱা হয়– অহেতুক ৰাজনৈতিক মিত্ৰতাৰ লগতে অন্য দল ভাঙিবলৈ যোৱাটো বিজেপিৰ বাবে হিতে বিপৰীত হ’ল৷ ইয়াৰ উদাহৰণ হ’ল মহাৰাষ্ট˜৷ ৰাজ্যখনত বিজেপি শিৱসেনা চৰকাৰৰ সংখ্যাগৰিষ্ঠা থকাৰ পাছতো এনচিপিত ভাঙোন অনা হ’ল৷ ফলত অজিত পাৱাৰ এনডিএত যোগ দিয়ে৷ অজিত পাৱাৰৰ এনডিএত অন্তৰ্ভুক্তিৰ ফলত বিজেপিৰ পুৰণি কৰ্মীসকল ক্ষোভিত হৈ পৰে৷ কাৰণ তেওঁলোকে, কংগ্ৰেছৰ আদৰ্শৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি যুঁজ চলাই আহিছে৷ অজিত পাৱাৰৰ এনডিএত যোগদান ‘ব্ৰেণ্ড বিজেপি’ৰ বজাৰ মূল্য যথেষ্ট হ্ৰাস পায়৷ ভোটৰ পূৰ্বে বিজেপিত যোগ দিয়া বহু নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে৷ দল ত্যাগী নেতাই অধিক গুৰুত্ব পালে বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনত৷ স্থানীয় নেতাক উপেক্ষা কৰি লোকসভাৰ বহু আসনত ‘দল বাগৰা’ নেতাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হয়৷ এইসকল নেতাক টিকট দিবলৈ গৈ বহু ভাল সাংসদক উপেক্ষা কৰা হ’ল৷ ফলত বিজেপিৰ কৰ্মকৰ্তাসকল মনত আঘাত পালে৷ এনচিপিৰ অজিত পাৱাৰ গোটক বিজেপি-শিৱসেনা চৰকাৰক অন্তৰ্ভুক্ত কৰাটো ভুল সিদ্ধান্ত আছিল৷