Logo
image

দাঁতৰ বিষৰ পৰা উপশম পাবলৈ এইখিনি কৰক

দাঁতৰ বিষত আক্ৰান্ত হ’লে ঘৰুৱা চিকিৎসা কৰিও উপশম পাব পাৰি৷
- বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ হ্ৰাস পায়৷ 
- মৰাণ আদা খুন্দিলৈ কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলেও দাঁতৰ বিষৰ পৰা উপশম পাব পাৰি৷ 
- পাঁচটা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ হ্ৰাস পায়৷  
- সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলাই দাঁত মাজিলে দাঁত পৰিষ্কাৰ হোৱাৰ লগতে বিষ দূৰ হয়৷ 
- ভেদাইলতাৰ গুটি পিহি কেইদিনমান দাঁত মাজিলে বিষ কমে৷ 
- ফিটকিৰি পিহি বিষোৱা দাঁতত লগাব লাগে৷ তেতিয়াও বিষ কমে৷


- নহৰুঃ দাঁতৰ বিষ হলে নহৰু পিছি লৈ লগালেও বিষৰ পৰা মুক্তি পাব৷ 
- পিঁয়াজঃ পিঁয়াজৰ টুকুৰা দাঁতেৰে ভালদৰে চোবালেও বিষ উপশম হয়৷ ই দাঁতৰ বিষ উপশম কৰাৰ লগতে মুখৰ বেক্টেৰিয়াও আঁতৰ কৰিব৷ 
- হিংঃ হিঙৰ ব্যৱহাৰে দাঁতৰ বিষ উপশম কৰাত সহায় কৰে৷ তিনি বা চাৰিটা হিং লওক আৰু তিনি বা চাৰি টোপাল নেমুৰ ৰস মিহলি কৰি দাঁতত লগালেও বিষ ভাল হয়৷ 
- লংঃ লঙে দাঁতৰ বিষ উপশম কৰে৷  ইয়াৰ বাবে তিনি বা চাৰিটা লং মঠি বিষ হোৱা দাঁতৰ তলত দি থব পাৰে৷  ইয়াৰ বাবে লং তেলো ব্যৱহাৰ কৰিব পাৰে৷ 
- গোটা নিমখঃ দাঁতৰ বিষ উপশম কৰিবলৈ গোটা নিমখো ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে এগিলাচ কুহুমীয়া পানীত এচামুচ গোটা নিমখ যোগ দিয়ক আৰু এই পানীৰে গাৰ্গল কৰক৷  দিনত দুই-তিনিবাৰ এনে কৰিলে বিষৰ পৰা সকাহ পাব৷
দাঁতৰ বিষৰ পৰা সকাহ লাভ কৰিবলৈ আলুও ব্যৱহাৰ কৰিব পাৰে৷ আলুৰ বাকলি গুচাই টুকুৰা টুকুৰাকৈ কাটি লৈ বিষ হৈ থকা দাঁতৰ তলত ৰাখিলে বিষ কমে৷ 
- সৰিয়হৰ তেল আৰু নিমখঃ সৰিয়হৰ তেল আৰু নিমখৰ ব্যৱহাৰ কৰিলেও দাঁতৰ বিষৰ পৰা মুক্তি পোৱাত সহায় কৰে৷ মৰাণ আদা খুন্দিলৈ কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলেও দাঁতৰ বিষৰ পৰা উপশম পাব পাৰি৷