Logo
image

বজাৰলৈ গ'লেই পকেট হ'ব খালীঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক হাৰত দাম বৃদ্ধি

'আমাৰ অসম'ৰ দক্ষিণ নলবাৰীৰ প্ৰতিবেদক, ১৫ জুনঃ সম্প্ৰতি নলবাৰীত হোৰাহোৰে বাঢ়িছে পাচলিৰ দাম। একেৰাহে কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে এচাম সুযোগ সন্ধানী পাইকাৰী বিক্ৰেতাই অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছে পাচলিৰ দাম। বজাৰত পাচলি কিনিবলৈ গৈ দাম শুনি থমকি ৰৈছে ক্ৰেতা-ৰাইজ। বাঢ়নী পানীত কৃষি চহকী জিলাখনৰ বহু কৃষকৰ পাচলি খেতি বিনষ্ট হোৱাত এতিয়া থলুৱা উৎপাদিত পাচলিৰ তীব্ৰ নাটনি হৈছে। প্ৰতি কেজি পাচলি এতিয়া বিক্ৰী হৈছে ৬০-৮০ টকাত।


আদা, নহৰুৰ দাম আৰু এখোপ ওপৰত। নলবাৰীৰ বিভিন্ন বজাৰত প্ৰতিকেজি জিকা ৬০-৭০ টকা,পটল ৮০ টকা, ভাত কেৰেলা ৭০ টকা, ভেন্দি ৬০ টকা, লেচেৰি ৬০, তিয়হ ৭০ টকা দৰত বিক্ৰী হৈছে। ৰন্ধন শালত ব্যৱহাৰ হোৱা অত্যাৱশ্যকীয় আদা প্ৰতি কিলোগ্ৰামত ২০০-২২০ টকা আৰু নহৰু ২০০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে জলকীয়া ১৬০-১৮০ টকাপৰ্যন্ত দৰত বিক্ৰী হৈছে। বজাৰত আলু, পিঁয়াজৰ দামো প্ৰতিকিলোত ৫-৮ টকাপৰ্যন্ত বাঢ়িছে। কাচ কল আখি প্ৰতি বিক্ৰী হৈছে ৭০-৮০ টকাত। মুঠৰ ওপৰত প্ৰতিবিধ পাচলিৰ দাম আকাশলংঘী হৈছে। 

আনহাতে বৰষুণ বিঘ্নিত বতৰৰ সুযোগ লৈ বজাৰত এচাম সুযোগ সন্ধানী ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। চহৰৰ এনে এচাম সুযোগ সন্ধানী বিক্ৰেতাই বিশেষকৈ চাউল, দালি, মিঠাতেল,আটা, চেনি আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম কুইণ্টলে ২০০-২৫০ টকাপৰ্যন্ত বৃদ্ধি কৰিছে। খুচুৰা ব্যৱসায়ীয়ে আৰু এখোপ দাম বৃদ্ধি কৰিছে। মাত্ৰ দুই-চাৰিদিন আগলৈকে যি মচুৰ দালিৰ দাম প্ৰতি কেজি ৮৫ টকা আছিল সেই দালিৰ দাম এতিয়া ৯০- ৯৫ টকা হৈছে। একেদৰে প্ৰতিবিধ চাউলৰ দাম প্ৰতিকিলোত ৮ -১২ টকাপৰ্যন্ত বৃদ্ধি পাইছে। বজাৰত ব্ৰইলাৰ মাংস, কণীৰ দামো যথেষ্ট বৃদ্ধি হৈছে। যাৰ বাবে এতিয়া বজাৰলৈ গৈয়ো খালী মোনা লৈ উভতিবলৈ বাধ্য হৈছে এচাম ক্ৰেতা-ৰাইজ। অভাৱগ্ৰস্ত এখন জিলাত এনেদৰে জধে-মধে সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ পাছতো জিলা প্ৰশাসন, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে দাম নিয়ন্ত্ৰণৰ বাবে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।