Logo
image

ভূপেন বৰাৰ অভিযোগঃ কংগ্ৰেছ দলৰ বিসম্বাদী বিধায়কৰ পদ খাৰিজ নকৰি ৰক্ষণাবেক্ষণ দিছে বিধানসভাৰ অধ্যক্ষই

'আমাৰ অসম'ৰ জিনজিয়াৰ প্ৰতিবেদক, ১৫ জুনঃ ৭১ নং বিহালী বিধানসভা সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শনিবাৰে দলীয় কৰ্মীসভা অনুষ্ঠিত কৰি একপ্ৰকাৰে নিৰ্বাচনী ৰণ হুংকাৰ দিয়ে৷ বিহালীত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কংগ্ৰেছ সভাপতি ভূপেন বৰা নিজেই নিৰ্বাচনত নেতৃত্ব দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁ বিহালীবাসীৰ ঘৰে-ঘৰে গৈ ভোট বিচাৰিব বুলিও ইংগিত প্ৰদান কৰে ৷ তেওঁ কৰ্মী সভাতেই বিশ্বনাথ জিলা সভাপতিক নিৰ্দেশ দি কয় যে যিসকলে দলত থাকি কংগ্ৰেছ হাৰিব বুলি কথা-বতৰা পাতি সময় অতিবাহিত কৰে, তেনে কংগ্ৰেছীক দলৰ পৰা ডিঙিত ধৰি বাহিৰ কৰি দিব লাগে৷ সভাপতি ভূপেন বৰাই বিহালীত উপ-নিৰ্বাচনৰ বাবে কাৰ্যালয় মুকলি কৰি নিৰ্বাচনী কাম-কাজ তীব্ৰতৰ কৰিলৈ নিৰ্দেশ দিয়ে৷ 


ইফালে সভাপতি বৰাই অভিযোগ উত্থাপন কৰি কয় যে কংগ্ৰেছৰ ৫ জন বিসম্বাদী বিধায়কৰ পদ খাৰিজ নকৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰক্ষণাবেক্ষণ দিছে৷ হিমাচল প্ৰদেশত কংগ্ৰেছে অভিযোগ দিয়াৰ ১৫ দিনৰ ভিতৰতে অধ্যক্ষই ব্যৱস্থা লৈছিল যদিও অসমত অধ্যক্ষই লেহেমীয়া গতি লৈছে। কংগ্ৰেছ দলৰ বিধায়ক বিজেপিৰ কাৰ্যালয় লৈ সঘনাই অহা-যোৱা কৰি থকা বিষয়টি তেওঁ নেদেখাটো অতি দুখজনক বিষয় বুলি মন্তব্য কৰে বৰাই৷