Logo
image

উক্তি-বক্ৰোক্তি

ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ যুদ্ধবিৰতি হ’ব পাৰে৷ কিন্তু ইয়াৰ বাবে ৰাছিয়াই ধাৰ্য কৰি দিয়া চৰ্তসমূহ মানি ল’ব লাগিব ইউক্ৰেইনে৷ সেয়ে হ’লে আমি অচিৰেই যুদ্ধবিৰতি ঘোষণা কৰিম৷ ইউক্ৰেইনে যদি ‘নাটো’ত যোগদান কৰাৰ পৰিকল্পনা ত্যাগ কৰে, তেন্তে ৰাছিয়াই যুদ্ধবিৰতি ঘোষণা কৰি ইউক্ৰেইনৰ সৈতে শান্তি আলোচনাত বহিবলৈ সাজু আছে৷ ৰাছিয়াই অধিগ্ৰহণ কৰা চাৰিটা এলেকাৰ পৰা ইউক্ৰেইনে তেওঁলোকৰ সেনাবাহিনী আঁতৰাই নিব লাগিব৷ ইউক্ৰেইনত থকা ৰাছিয়ানসকলৰ স্বাৰ্থ সুৰক্ষিত হ’ব লাগিব৷
– ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

ৰামে সকলোৰে প্ৰতি ন্যায় বিচাৰ কৰে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ লক্ষ্য কৰিলে এই কথা বুজা যায়৷ যিসকলে ৰামৰ পূজা কৰিছিল, তেওঁলোকৰ মাজত লাহে লাহে অহংকাৰৰ জন্ম হ’ল৷ নিৰ্বাচনত সেই দলটোৱে বৃহৎ দল হিচাপে থিয় দিলে৷ তেওঁলোকে সংখ্যাগৰিষ্ঠতা পোৱা উচিত আছিল৷ অহংকাৰৰ কাৰণে ভগৱানে সেয়া বন্ধ কৰি দিলে৷ যিসকলে ৰামৰ বিৰোধিতা কৰিছিল, সেইসকলকো ক্ষমতা লাভ কৰিবলৈ নিদিলে৷
– আৰ এছ এছ নেতা ইন্দ্ৰেশ কুমাৰ

আহোম ৰাজত্বৰ দিনৰ পৰাই শিৱসাগৰ জিলাই গৌৰৱময় ঐতিহ্যৰ ধ্বজা বহন কৰি আহিছে৷ সেই ঐতিহ্যৰ ভেটিতেই আমাৰ সমাজ ব্যৱস্থা গঢ়ি উঠিছে৷ ইমানদিনে দেশত ঔপনিৱেশিক যুগৰ আইনসমূহৰ দ্বাৰা ফৌজদাৰী বিধি-ব্যৱস্থা নিয়ন্ত্ৰিত হৈ আছিল৷ সেয়ে আমাৰ সংসদে তিনিখন গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন কৰিছিল৷ এই আইন ‘নাগৰিক প্ৰথম, মৰ্যাদা প্ৰথম আৰু ন্যায় প্ৰথম’ নীতিৰ দ্বাৰা পৰিচালিত হ’ব৷ এই আইনৰ বাবে আৰক্ষীয়ে এতিয়া লাঠীৰ পৰিৱৰ্তে তথ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব৷ প্ৰযুক্তিয়ে আগস্থান লাভ কৰিব৷ প্ৰযুক্তিৰ প্ৰয়োগেৰে গোচৰৰ বোজাৰ পৰা ন্যায় ব্যৱস্থাই ৰেহাই পাব৷ অসম আৰক্ষীৰ বিশেষ প্ৰশিক্ষণৰো দিহা কৰা হ’ব৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

চিলনী চোৰৰ বিৰুদ্ধে বিশেষ অভিযান চলোৱা হ’ব৷ চুৰি কৰা সোণৰ চেইন, গহনা একাংশ জুৱেলাৰীয়ে কিনি লয়৷ এনেধৰণৰ জুৱেলাৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ কামাখ্যাধামত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ’ব৷ ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ দিহা কৰা হৈছে৷
– ডিজিপি জি পি সিং

মোৰ হাতত টকা কম থকাৰ বাবে টোলটেক্স দিব পৰা নাছিলোঁ৷ উপায়হীন হৈ মোক দলে দিয়া শোণিতপুৰ বিজেপি যুৱ মৰ্চা আৰু ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যৰ পৰিচয়-পত্ৰ দেখুৱাইছিলোঁ যদিও টোলগেটৰ কৰ্মচাৰীসকলে মূল কমিটীৰ কৰ্মকৰ্তাৰ বাহিৰে যুৱ মৰ্চাকে ধৰি আন কোনো মৰ্চাৰ টোলকৰ ৰেহাই নাই বুলি ক’লে৷ মই ৰাস্তাতে অপমানিত হ’লোঁ৷ গাঁঠিৰ ধন ভাঙি দিনে-নিশাই দলৰ কাম কৰাৰ পাছতো মন্ত্ৰী-বিধায়কৰ পৰা এটাও কাম নাপাওঁ৷ কাম বিচাৰি বিচাৰি ভাগৰি যাওঁ৷ বিধায়কৰ ওচৰলৈ গ’লে সন্মান নাপাওঁ৷ মন্ত্ৰীৰ ওচৰলৈ গ’লে সন্মান নাপাওঁ৷ এইবোৰ কিমান দিনলৈ সহ্য কৰি থাকিম?
– বিতাড়িত বিজেপি নেতা ৰাকেশ দাস