Logo
image

মহানিম-চন্দন ব্যৱহাৰেৰে ঘামচিৰ পৰা সকাহ পাব পাৰি

আজি কালি গৰমৰ মাত্ৰা দিনক দিনে বাঢ়ি গৈছে৷ গৰম দিন আহিলেই বহুতৰে ছালত ঘামচিৰ সমস্যাই দেখা দিয়ে৷ ঘামচি ওলালে সেই ঠাইডোখৰ খজুৱাই চিটচিটনি উঠে আৰু জ্বলা পোৰা কৰে৷ আচলতে কেইটামান কাৰণত আমাৰ দেহত ঘামচিয়ে দেখা দিয়ে৷ শৰীৰৰ ছালৰ উপৰিভাগ অতিপাত লেতেৰা হ’লে, ঘামবোৰ শৰীৰৰ বাহিৰ নহ’লে ঘামচি ওলায়৷ অতিপাত ঘাম ওলাই তিতি থকা কাপোৰ পিন্ধি থাকিলেও ঘামচি ওলায়৷  টোপনি ক্ষতি হ’লেও ঘামচি ওলায়৷ অতিপাত গৰমৰ বাবেও দেহত ঘামচিয়ে দেখা দিয়ে৷ 

ঘামচি নিৰাময় কৰিবলৈ কিছুমান ঘৰুৱা দিহাঃ
 
- গৰমত শৰীৰৰ আভ্যন্তৰীণ তাপ মাত্ৰা বেচি হ’লে ঘামচি হয়৷ সেয়ে ইয়াৰ পৰিত্ৰাণ পাবলৈ প্ৰতিদিনে কেইবাবাৰো স্নান কৰি শৰীৰ শীতল কৰিব লাগে৷ 
- গৰমৰ দিন কেইটাত নিম চাবোন আৰু ডেটল চাবোনেৰে পৰিষ্কাৰকৈ গা-ধুব লাগে৷ মহানিমৰ পাত পানীত সিজাব লাগে আৰু সেই পানী ঠাণ্ডা কৰি ঘামচি ওলোৱা ঠাইত লগাব লাগে৷  ঘামচি হোৱা ঠাইত বৰফ লগালে দেহৰ সেই অংশ কিছু শীতল পৰি ঘামচি প্ৰতিৰোধ কৰে৷ 
- ওটচ্‌ৰ পেষ্ট ব্যৱহাৰ কৰি ঘামচিৰ জলা-পোৰাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ওটচ্‌ মিহিকৈ গুৰি কৰি তাত পানী দি পেষ্ট বনাই ঘামচি হোৱা অংশত লগাব লাগে৷ ঘামচি হোৱা অংশত চন্দন পিচি লগালে ঘামচিৰ জলা-পোৰা কমাব পাৰি৷ 
- ঘামচিৰ খজুৱতি বা জ্বলনৰ সমস্যাত বেকিং চ’ডা ব্যৱহাৰ কৰি উপশম পাব পাৰি৷ এক বাল্টি পানীত ৪চামুচ খোৱা চ’ডা মিহলাই সেই পানীৰে গা ধুব লাগে৷  ঘামচি হোৱা দেহৰ অংশত এলভেৰাৰ জেলি লগালে জ্বলা-পোৰা সমস্যাৰ পৰা সকাহ পোৱা যায়৷ 



- গোলনেমুৰ ৰস ঘামচি হোৱা ঠাইত প্ৰতি দিনে লগাব লাগে৷ 
তেজপাতৰ ৰস উলিয়ায় ঘামচি হোৱা ঠাইত লগালে ঘামচি ভাল হয়৷ 
সাজ - পোচাক পিন্ধোতে অলপ ঢিলাকৈ পিন্ধিব লাগে৷ গাত লিপিত খাই থকা পোচাকে শৰীৰ তাপ বঢ়ায় ঘামচিৰ সৃষ্টি হয়৷ ফেন বা এচি থকা ঠাণ্ডা পৰিবেশত থাকিও ঘামচিৰ পৰা হাত সাৰি থাকিব পাৰি৷ 
- ঘামচি ওলালে কণী খাব নালাগে, ঘামচিৰ দাগ ত্বকত ৰৈ যায়৷ 
এই সকলোবোৰ ঘৰুৱা দিহাৰ উপৰিও চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ 

 যুগুতালেঃ জ্যোতিৰ্ময়ী শৰ্মাই