Logo
image

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীঃ আগন্তুক চাৰিদিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৬ জুনঃ ৰিমাল নামৰ বিধ্বংসী সামুদ্ৰিক ধুমুহাৰ ফলত স্বাভাৱিক সময়তকৈ প্ৰায় এক সপ্তাহ পূৰ্বে  দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত ৩০ মে'ত  প্ৰৱেশ কৰিছে। তাৰ পাছৰে পৰা বিগত প্ৰায় ১৬ দিন ধৰি উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু ঠাইবিশেষে মজলীয়াৰ পৰা গাজনি-ঢেৰেকনিৰ সৈতে ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈ আছে। ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি বংগোপ সাগৰত শেহতীয়াভাৱে সৃষ্টি হোৱা বতৰৰ কেতবোৰ পৰিঘটনাৰ বাবে আগন্তুক চাৰিদিনলৈ উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমৰ আকাশ বেছিভাগ ঠাইতে মেঘাছন্ন হৈ থকাৰ লগতে কম-বেছি পৰিমাণে বৰষুণ হৈ থাকিব। 

কেন্দ্ৰৰ তথ্য অনুসৰি দেওবাৰ সন্ধিয়া পৰ্যন্ত অসমৰ ভিতৰত বৰপেটা জিলাত অভিলেখ পৰিমাণৰ ৩০০ মিলিমিটাৰ বা ৩০ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। ইফালে ভূটান সীমান্তবৰ্তী অঞ্চলসমূহত বিগত ২৪ ঘণ্টাত ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈ থকাত ভূটানৰ পৰা বৈ অহা মানাহ, বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। আনকি দেওবাৰে সন্ধিয়া মানাহ নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। সন্ধিয়া মানাহ নৈৰ জলস্তৰৰ পৰিমাণ আছিল ৪৮.৫৭ মিটাৰ (বিপদসীমা ৪৮.৪২ মিটাৰ)। তেনেদৰে  উত্তৰ পূবৰ ভিতৰত মেঘালয়ৰ চেৰাপুঞ্জীত সৰ্বাধিক ৪৫ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হ'লে তাক ধাৰাসাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয়। 



আনহাতে মৌচুমী বায়ুৰ প্ৰভাৱত ৰাজ্যৰ সকলো ঠাইতে বিগত প্ৰায় ১৬ দিন ধৰি মাজে সময়ে বৰষুণ হৈ তাপমাত্ৰা স্বাভাৱিকতকৈ কিছু কমি গৈছে। ফলত ৰাইজে গৰমৰ পৰা বহুখিনি সকাহ লাভ কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে সদৰি কৰা অনুসৰি অহা বুধবাৰ পৰ্যন্ত মেঘালয়, অৰুণাচল প্ৰদেশ, ভূটানৰ সীমান্তবৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাজনি, ঢেৰেকনি, ব্ৰজপাতৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে দেওবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্চ তাপমাত্রা আছিল এনে ধৰণৰ- গুৱাহাটীত ২৮.০ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড়ত ৩১.০ ডিগ্ৰী চেলছিয়াছ, তেজপুৰত ২৮.৬ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ২৬.৪ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ২৬.০ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩১.০ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩১.৪ ডিগ্রী চেলছিয়াছ, মাজবাটত ২৮.০ ডিগ্ৰী চেলছিয়াছ , চাপৰমূখত ৩০.২ ডিগ্ৰী চেলছিয়াছ। আনহাতে উত্তৰ পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২০.০ ডিগ্রী চেলছিয়াছ।   

ইফালে মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয়  আৰু ভূটানত শনিবাৰৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱাত আৰু এই ধাৰা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আৰু যদি এটা সপ্তাহ পৰ্যন্ত অব্যাহত থাকে তেন্তে ৰাজ্যখন পুনৰ দ্বিতীয়টো বানপানীৰ কবলত পৰাটো নিশ্চিত। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো কিছুদিন পূৰ্বে জিলা উপায়ুক্ত সকলৰ সৈতে হোৱা ভিডিঅ' কনফাৰেন্সযোগে হোৱা এটা অনুষ্ঠানত সকলো জিলা আয়ুক্তক সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। আনকি ডিমা হাছাও জিলাৰ আয়ুক্তক বিগত ২০২২ বৰ্ষৰ দৰে বৰষুণৰ ফলত হ'ব পৰা ভূমিস্খলনৰ প্ৰতি অধিক সতৰ্কতা অৱলম্বন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে।