Logo
image

শিক্ষাসেতু এপ আৰু শিক্ষকৰ ধৰফৰণি

বিগত কেইটামান দিনত ৰাজ্যৰ সংবাদ আৰু সামাজিক মাধ্যমত সজোৰে প্ৰচাৰ হোৱা এটা বিষয় হৈছে শিক্ষা সেতু এপ৷ ২০২৩ বৰ্ষৰ ২৪ এপ্ৰিলত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে মুকলি কৰা উক্ত এপটোৱে বহুতো কথাই মুকলি কৰিলে ৰাজ্যৰ শিক্ষা বিভাগৰ৷ প্ৰকৃতাৰ্থত প্ৰথম অৱস্থাত চৰকাৰে বিদ্যালয়সমূহলৈ যোগান ধৰা টেবলেটটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা শিক্ষকসকলে পৰৱত¹ সময়ত বুজি উঠিছিল এপটোৰ কথা৷ ৰাজ্যৰ বিদ্যালয়ৰ সংখ্যা কিমান, কিমান শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বিচাৰি একালত ধৰফৰাই ফুৰিব লগা শিক্ষা বিভাগৰ বৰমূৰীয়াসকলৰ হাতত আহি পৰিল সকলো তথ্য৷ বিদ্যালয়ত শিক্ষকৰ উপস্থিতি, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দৈনিক গণনা কৰা শিক্ষা সেতু এপটোৱে বিচাৰি পালে ভুৱা শিক্ষক কিম্বা ভুৱা ছাত্ৰৰ তথ্য৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে বৰ্তমান দিছপুৰত বহি থাকিয়েই মন্ত্ৰী-বিষয়াই উলিয়াব পাৰে কৰ্তব্যত অনুপস্থিত থকা শিক্ষকক৷ এপৰ জৰিয়তে বিদ্যালয়ত কিমানজন ছাত্ৰ বা ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ ইত্যাদি তথ্য বিদ্যালয়ৰ প্ৰধানক নোসোধাকৈ পাব পাৰে চৰকাৰে৷
শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশাৱলী মৰ্মে বিদ্যালয়ত পলমকৈ উপস্থিত হোৱা শিক্ষকক বাধ্যতামূক ছুটী প্ৰদান কৰিব চৰকাৰে৷ অৰ্থাৎ নিৰ্দিষ্ট সময়তকৈ পোন্ধৰ মিনিট পলমকৈ বিদ্যালয়ত উপস্থিত হোৱা শিক্ষকক আধা দিনৰ ছুটী প্ৰদান কৰি শিক্ষকৰ ছুটীৰ তালিকাখন দীঘলীয়া কৰিব৷ হয়তো ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উক্ত সিদ্ধান্তৰ আঁৰত আছে তথ্য৷ বিগত এটা বৰ্ষৰ অভিজ্ঞতাই হয়তো চৰকাৰক দিছে তেনেবোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা৷ শিক্ষকৰ বিদ্যালয়ত উপস্থিতি সকলোৱে কামনা কৰে৷ ছাত্ৰ-ছাত্ৰীক উচিত শিক্ষা প্ৰদানৰ লগতে শিক্ষাৰ ধাৰাবাহিকতা ৰক্ষাৰ স্বাৰ্থত প্ৰতিটো দিনতেই শিক্ষক শ্ৰেণীকোঠাত উপস্থিত থকাটো সকলোৱে কামনা কৰে৷ পুৱা বিদ্যালয়লৈ পলমকৈ অহা এজন শিক্ষকৰ অনুপস্থিতি প্ৰত্যক্ষ কৰা প্ৰথম ব্যক্তিজন হৈছে ছাত্ৰ-ছাত্ৰী৷ ৰাজ্যত আজিও কাৰ্যক্ষম হৈ থকা এজনীয়া বা দুজনীয়া শিক্ষকৰ বিদ্যালয়খনত শিক্ষক অনুপস্থিত থাকিলেই হয় অশোভনীয় পৰিৱেশ৷ চৰকাৰী কামত শিক্ষা বিষয়াৰ কাৰ্যালয়ে কাৰ্যালয়ে ভ্ৰমি ফুৰা, ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন ক্ৰয়ৰ বাবে বজাৰ যোৱা, বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে অহা চৰকাৰী পুঁজিৰ ব্যৱহাৰৰ নামত নিজকে ব্যস্ত কৰি ৰখা বহু শিক্ষকৰ কাৰণে সম্ভৱ নহয় নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত হোৱাটো৷ এনেবোৰ কৰ্মৰ উপৰি  ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ নামত অহা প্ৰতিটো চৰকাৰী নিৰ্দেশ পালন কৰিবলৈ বাধ্য হোৱা শিক্ষকৰ কাৰণে নিৰ্দিষ্ট সময়ত বিদ্যালয় গৈ পোৱাটো যেন কষ্টকৰ কাম হৈ পৰিছে৷ পুৱাৰ পৰা বিয়লিলৈকে হাতত টেবলেট লৈ নিৰ্দেশৰ তথ্য আপলোড কৰাত ব্যস্ত শিক্ষকসকলৰ কাৰণে নিশ্চিতভাৱে কষ্টৰ দিন কঢ়িয়াই আনিছে শিক্ষা সেতু এপটোৱে৷
এটা সময় আছিল, যেতিয়া বিদ্যালয়ত শিক্ষকগৰাকীৰ উপস্থিতিৰ বিচাৰ কৰিবলৈ সুবিধা পোৱা নাছিল চৰকাৰে৷ স্থানীয় নাগৰিক বা অভিভাৱকসকলে অনুপস্থিত শিক্ষকক দুই এষাৰ কথা গোপনে কৈ সোঁৱাৰাই দিছিল দায়িত্ব কৰ্তব্যৰ কথা৷ কিন্তু সাম্প্ৰতিক কালত তথ্য প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰে সলনি কৰিলে সকলো ব্যৱস্থাৰ৷ বিদ্যালয়ত দেৰিকৈ উপস্থিত হোৱা শিক্ষকক গেটৰ সন্মুখতে ককৰ্থনা কৰা, সামাজিক মাধ্যমত উপস্থাপন কৰি চৰিত্ৰ হনন কৰা কামবোৰ সহজলভ্য হ’ল৷ পৰিৱৰ্তনৰ এনে জোৱাৰত নিজকে সক্ষম কৰি ৰখাৰ দায়িত্ব শিক্ষকজনৰ নিজৰ বুলি ক’ব পাৰি৷ যিমানেই চৰকাৰী কাম নাথাকক কিয়, পুৱা বিদ্যালয়ত নিৰ্দিষ্ট সময়ত উপস্থিত থকাটো শিক্ষকজনৰ কৰ্তব্য৷ বতৰৰ অজুহাতত বা ব্যক্তিগত সমস্যাৰ দোহাই দি প্ৰতিটো দিনতে পলমকৈ বিদ্যালয়লৈ অহা শিক্ষকক ক্ষমা কৰি যোৱাটো কিমান সমীচিন তাৰ বিচাৰ শিক্ষকেই কৰিব লাগিব৷ 
ৰাজ্য চৰকাৰৰ ক্ষেত্ৰতো প্ৰয়োজনীয়তা আছে অনেক সংস্কাৰৰ৷ চৰকাৰৰ দ্বাৰা ন্যস্ত কৰা অত্যাধিক কৰ্তব্যৰ পৰা শিক্ষক সমাজক ৰেহাই দিবলৈ প্ৰচেষ্টা লোৱা প্ৰয়োজন৷ বিদ্যালয়ৰ নিয়ন্ত্ৰণৰ ভূমিকাত থকা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় বা জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়বোৰত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাটো অতিকৈ জৰুৰী৷ অনাশিক্ষা কৰ্মৰ পৰা শিক্ষকক মুক্তি দিয়াৰ প্ৰয়াস নল’লে পৰিৱেশ পৰিস্থিতিৰ পৰিৱৰ্তন অসম্ভৱ৷ এটা কথা আমি পাহৰিলে নহ’ব যে শিক্ষকৰ পদটো অতিকৈ সন্মানৰ আৰু শিক্ষকক শাসনৰ নামত ৰাজহুৱাকৈ আস্ফালন কৰাৰ বৰ্ধিত প্ৰৱণতা ৰোধ কৰাটো প্ৰয়োজন৷ শিক্ষাদান আৰু কাৰ্যালয়ত চৰকাৰী ফাইলৰ সেৱাৰ মাজত থকা পাৰ্থক্যৰ কথাবোৰ যেন পাহৰি গৈছে সকলোৱে৷ শিক্ষকক শিক্ষক হৈয়েই থকাৰ সুযোগ  দিয়ক সকলো পক্ষই৷ অন্যথা এটা সময় আহিব ছাত্ৰই হেৰুৱাব গুণী জ্ঞানী শিক্ষকৰ সংগ৷