Logo
image

ইভিএমৰ পৰা আঁতৰি থাকক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ জুনঃ ইলেক্ট্ৰনিকছ ভোটিং মেচিন অৰ্থাৎ ই ভি এমক লৈ বিতৰ্কৰ অন্ত নাই৷ ই ভি এমৰ জৰিয়তে অষ্টাদশ লোকসভাৰ নিৰ্বাচন সমাপ্ত হ’ল যদিও সাধাৰণ ৰাইজৰ মাজত বৰ্তমানো ই ভি এমক লৈ সন্দেহ আঁতৰ হোৱা নাই৷ কিয়নো নিৰ্বাচনৰ ফলাফল ঘোষণা হ’লেও ই ভি এমত মুঠ ভোটদানতকৈ ৫৩৮টা লোকসভা সমষ্টিত ভোট গণনাত ই ভি এমত ভোটৰ সংখ্যা হ্ৰাস-বৃদ্ধিৰহে তথ্য পোহৰলৈ আহিছে৷ আনকি অসমৰো ১৪টা লোকসভা সমষ্টিত মুঠ ভোটদানৰ সংখ্যাতকৈ ভোট গণনাত ১২টা সমষ্টিৰ ই ভি এমত কম ভোট আৰু ২টা সমষ্টিৰ ই ভি এমত অধিক ভোট ওলাইছে৷ এই বিতৰ্কৰ মাজতে এইবাৰ টুইটাৰ (বৰ্তমান এক্স) আৰু টেছলাৰ কাৰ্যবাহী বিষয়া এল’ন মাস্কৰ এটা টুইটে সন্দেহ দুগুণে বৃদ্ধি কৰিছে৷ নিৰ্বাচনত ব্যৱহাৰ কৰা ই ভি এমক লৈ এলন মাস্কে মুকলিকৈ সন্দেহ ব্যক্ত কৰাত ভাৰতৰ ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা লাভ কৰিছে৷


এলন মাস্কে ই ভি এম হেক কৰাৰ আশংকা ব্যক্ত কৰি ই ভি এম বিলুপ্ত কৰাৰো আহ্বান জনাইছে৷ এই সন্দৰ্ভত দেওবাৰে নিজৰ এক্স হেণ্ডেলত এল’ন মাস্কে কয়– ‘আমি ই ভি এমসমূহ দূৰ কৰিব লাগিব৷ যদিও মানুহে বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা ই ভি এম হেক কৰাৰ আশংকা কম, তথাপিও ইয়াৰ সম্ভাৱনা অতি বেছি৷’ এলন মাস্কে শেহতীয়াকৈ উত্তৰ আমেৰিকাৰ এখন দেশ পৰ্টোৰ ৰিকোৰ নিৰ্বাচনত ই ভি এম বিলুপ্তি কৰাৰ আহ্বান জনাইছিল৷ উল্লেখ্য, প্ৰতিবেদন অনুসৰি ডিমিনিয়ন ভোটিং চিষ্টেমছ নামৰ এটা কোম্পানীয়ে যোগান ধৰা ই ভি এমত ভোট গণনাৰ সময়ত কিছু গুৰুতৰ সমস্যা লক্ষ্য কৰা হৈছিল৷ অভিযোগ অনুসৰি সেই ই ভি এমসমূহে দিয়া ভোটৰ সংখ্যা সঠিকভাৱে গণনা কৰিব পৰা নাছিল৷ কিছুমান ক্ষেত্ৰত গণনাৰ পাছত মেচিনবোৰে দেখুওৱাতকৈ অধিক ভোট গণনা কৰা হৈছিল৷ কিছুমান মেচিনত আনকি প্ৰতিপক্ষৰ কম ভোটও দেখা গৈছিল৷ এই ক্ষেত্ৰত গোটেই সমস্যাটোক চফটৱেৰৰ সমস্যা বুলি কোৱা হৈছে৷ পৰ্টো ৰিকোৰ নিৰ্বাচন আয়োগে কয় যে সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে৷ ইয়াৰ পূৰ্বে পৰ্টো ৰিকোৰ দুটা মূল ৰাজনৈতিক দলে ভোটৰ ফলত ফলাফলত ঠগবাজী হোৱাৰ অভিযোগ উত্থাপন কৰিছিল৷ 

লক্ষণীয়ভাৱে এলন মাস্কৰ উক্ত টুইটৰ প্ৰত্যুত্তৰত বিজেপি নেতা তথা প্ৰাক্তন ইলেক্ট্ৰনিকছ তথা তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে মাস্কে সৰলীকৃত ধাৰণাৰ উত্তৰত ভিত্তি কৰি মন্তব্য কৰিছে বুলি উল্লেখ কৰি ‘এক্স’ত কয়– ‘কোনোৱেই সুৰক্ষিত ডিজিটেল হাৰ্ডৱেৰ নিৰ্মাণ কৰিব নোৱাৰে বুলি এটা সৰল ধাৰণা আছে৷ কিন্তু মাস্কৰ এই অশুদ্ধ বক্তব্য আমেৰিকা বা অন্য ঠাইতহে প্ৰযোজ্য হ’ব পাৰে৷ য’ত ইণ্টাৰনেট নিয়ন্ত্ৰিত ভোটিং মেচিনত সাধাৰণ যন্ত্ৰাংশ ব্যৱহাৰ কৰা হয়৷ ব্লুটুথ, ইণ্টাৰনেট ৱাই ফাই ব্যৱহাৰ কৰি ই ভি এম হেক কৰিব নোৱাৰি৷ অৱশ্যে ৰাজীৱ চন্দ্ৰশেখৰ টুইটৰ প্ৰত্যুত্তৰত এলন মাস্কে যিকোনো বস্তুৱেই হেক কৰিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ ইফালে এলন মাস্কৰ টুইটৰ পাছতেই বিৰোধী নেতা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ দেওবাৰে নিজৰ এক্স হেণ্ডেলত ৰাহুল গান্ধীয়ে কয়–‘ই ভি এমত ভাৰতৰ ‘ব্লেক বক্স’৷ ইয়াক কোনেও পৰীক্ষা কৰিব নোৱাৰে৷ আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছাতাক লৈয়ো গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে৷’