Logo
image

‘কৱচ’ অস্তিত্বহীন! ‘অভিজ্ঞতা’ৰ পৰা শিক্ষা নল’লে ৰে’ল বিভাগে

নতুন দিল্লী, ১৮ জুনঃ চাকিৰ তলতেই যেন  অন্ধকাৰ৷ যি দেশত বুলেট ট্ৰেইন চলোৱাৰ সপোন দেখুওৱা হৈছে, ধুমধামেৰে ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ উদ্বোধন কৰা হৈছে, দ্ৰুতগতিৰ সৈতে বিলাসী যাত্ৰাৰ প্ৰচাৰ চলোৱা হৈছে, সেইখন দেশতে বাৰে বাৰে সংঘটিত হৈছে ভয়াৱহ ৰে’ল দুৰ্ঘটনা৷ ৰে’ল বিভাগে দুৰ্ঘটনা ৰোধৰ বাবে ‘এণ্টি কলিশ্বন ডিভাইছ’ৰ পৰা আৰম্ভ কৰি ‘এণ্টি টেলিস্কোপিক বডী’ তথা ৰে’ল  আধুনিকীকৰণৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰিছে৷ কিন্তু এই ব্যৱস্থা যে অশ্বডিম্বলৈ পৰিণত হৈছে সেয়া প্ৰমাণিত কৰিলে সোমবাৰে পুৱা সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাটোৱে৷ এটা দশক পূৰ্বে হোৱা জ্ঞানেশ্বৰী এক্সপ্ৰেছৰ দুৰ্ঘটনা বা কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা, সময় সলনি হ’লেও দুৰ্ঘটনাৰ কাৰণ বা ধৰণ কিন্তু একেধৰণেই থাকি গ’ল৷ পূৰ্বৰ সেই মালগাড়ীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষ, একেধৰণে ভাঙি চূৰমাৰ হোৱা ডবা, যাত্ৰীৰ হাহাকাৰ আৰু মৃত্যুযন্ত্ৰণাৰ সেই ছবি একেই থাকি গ’ল৷ কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল মন্ত্ৰণালয়ৰ তৰফৰ পৰা ৰে’ল দুৰ্ঘটনা ৰোধৰ বাবে বাৰে বাৰে ‘এণ্টি কলিশ্বন ডিভাইছ’কে ধৰি ‘এণ্টি টেলিস্কোপ বডী’ৰ কথা কোৱা হৈছে৷ কিন্তু দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত এই আধুনিক ব্যৱস্থা কিমান কাৰ্যকৰী হৈছে তাক লৈ এতিয়া উদ্ৰেক  হৈছে প্ৰশ্নৰ৷ 


প্ৰথমে অহা যাওক, ‘এণ্টি কলিশ্বন ডিভাইছ’ৰ বিষয়ে৷ সাধাৰণতে একেটা ট্ৰেকত দুখন ৰে’ল মুখামুখিকৈ আহি থাকিলে এইক্ষেত্ৰত হ’ব পৰা দুৰ্ঘটনা ৰোধৰ বাবে  এইবিধ ডিভাইছ ব্যৱহাৰ কৰা হয়৷ যাৰ নাম দিয়া হৈছে ‘কৱচ’ বুলি৷ উত্তৰবংগৰ দৰে এলেকাত  কুঁৱলিৰ প্ৰকোপ অতি বেছি হয় বাবে এইবিধ ডিভাইছ এই অঞ্চলটোত অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছিল বিশেষজ্ঞসকলে৷ কিন্তু পূৰ্বে সংঘটিত হোৱা দুৰ্ঘটনাসমূহ ৰোধৰ ক্ষেত্ৰত ‘কৱচ’ নামৰ এইবিধ ‘এণ্টি কলিশ্বন ডিভাইছে’  ঠিকমতে কাম কৰিছিলনে, তাক লৈ আজি প্ৰশ্ন উত্থাপন হৈছে৷ তদুপৰি উত্তৰবংগৰ যিটো ৰে’লৱে ট্ৰেকত কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীখন দুৰ্ঘটনাত পতিত হ’ল সেই ট্ৰেকত যে ‘কৱচ’ নামৰ ‘এণ্টি কলিশ্বন ডিভাইছ’বিধৰ কোনো অস্তিত্ব নাছিল সেই কথা ৰে’লবিভাগে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ উল্লেখ্য যে মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী হৈ থকা সময়ছোৱাত দেশৰ সমস্ত ৰে’লআলিত ‘কৱচ’ নামৰ এণ্টি কলিশ্বন ডিভাইছ লগোৱা হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু ৰে’ল মন্ত্ৰণালয় সূত্ৰৰ উদ্ধৃতি দি একাংশ সংবাদ মাধ্যমে দুৰ্ঘটনাটোৰ পাছত উল্লেখ কৰা মতে সম্প্ৰতি সমগ্ৰ দেশৰ মাত্ৰ ৪০ শতাংশ ৰে’লৱে ট্ৰেক বা ৰে’লআলিতহে ‘কৱচ’ৰ অস্তিত্ব পোৱা গৈছে৷ 

এইবাৰ অহা যাওক ‘এণ্টি টেলিস্কোপ বগী’ সন্দৰ্ভত৷ কোনো দুৰ্ঘটনা সংঘটিত হ’লে যাতে ৰে’লৰ ডবাসমূহ যাতে ইটোৰ ওপৰত সিটো উঠি নাযায়, সেই ক্ষেত্ৰত ‘এণ্টি টেলিস্কোপ বগী’ নামৰ ডিভাইছবিধ কাৰ্যকৰী বুলি কোৱা হৈছে৷ কিন্তু সোমবাৰে সংঘটিত হোৱা দুৰ্ঘটনাটোৰ পাছত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালগাড়ীখনৰ ইঞ্জিনসহ ওপৰাউপৰিকৈ থকা ডবাকেইটাই ইংগিত দিয়ে যে কাঞ্চনজংঘা এক্সপ্ৰেছৰ ডবাসমূহ ‘এণ্টি টেলিস্কোপিক বগী’যুক্ত নাছিল৷ ইপিনে ৰে’ল বিভাগৰ এটা সূত্ৰই দাবী কৰা মতে, এনে ‘এণ্টিটেলিস্কোপিক বগী’ ৰাজধানী এক্সপ্ৰেছৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়৷ এনেক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে যে ৰাজধানী এক্সপ্ৰেছৰ বাহিৰে বাকী ৰে’লগাড়ীসমূহৰ দুৰ্ঘটনা হোৱাৰ আশংকা নাই নেকি? নে আন ৰে’লগাড়ীসমূহৰ যাত্ৰীসকল ৰে’লবিভাগৰ দৃষ্টিত যাত্ৰীৰ শাৰীত নপৰে৷ দুৰ্ঘটনাটোৱে এই প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ একাংশৰ মতে, প্ৰধানমন্ত্ৰীৰ সপোনৰ ‘বন্দে ভাৰত’ৰ বাবে কেন্দ্ৰীয় চৰকাৰে যিমান খৰচ কৰিছে, তাৰ তুলনাত আন আন ৰে’লগাড়ীসমূহৰ ক্ষেত্ৰত কৰা ব্যয় তেনেই নগণ্য৷ ৰে’ল দুৰ্ঘটনাৰ পূৰ্বৰ ইতিহাস খুচৰিলে দেখা যায় যে মাত্ৰ তিনিটা বছৰৰ ভিতৰত ভাৰতত ২৮ টাকৈ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে৷  তদুপৰি অশ্বিনী বৈষ্ণব ৰে’লমন্ত্ৰী হোৱাৰ পাছত এতিয়ালৈকে ভাৰতত সৰু-ডাঙৰ মিলাই ৩৪টা ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত আটাইতকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনাটো হৈছে কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাটো৷ এই দুৰ্ঘটনাটোত ওড়িশাৰ বালাচোৰ ষ্টেচনত কৰমণ্ডল এক্সপ্ৰেছৰ ওপৰত উঠি যায় এখন মালবাহী ৰে’ল৷ ছিগনেল বিভ্ৰাটৰ ফলত হোৱা এই দুৰ্ঘটনাটোৰ সময়ত কাষৰ ট্ৰেকেৰে পাৰ হ’বলৈ লোৱা আন এখন  ৰে’ল হাওৰা-যশৱন্তপুৰ ছুপাৰফাষ্ট এক্সপ্ৰেছো  দুৰ্ঘটনাত পতিত হ’ব লগা হয়৷ ফলত তিনিখন ৰে’লৰ কেইবাটাও ডবা ওপৰাউপৰিকৈ উঠাত প্ৰায় তিনি শতাধিক যাত্ৰীৰ মৃত্যু ঘটে৷ আনহাতে ১২০০ৰো অধিক যাত্ৰী আহত হয়৷ পৰৱৰ্তী সময়ত ৰে’ল যাত্ৰীসকলৰ নিৰাপত্তাক লৈ তীব্ৰ প্ৰশ্নবানৰ সন্মুখীন হ’ব লগাত পৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ৷ ইয়াৰ পাছত এইবাৰ বৈষ্ণৱে পুনৰ ৰে’লমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত কাঞ্চনজংঘা এক্সপ্ৰেছ নামৰ ৰে’লগাড়ীখন দুৰ্ঘটনাত পতিত হ’ব লগা হৈছে৷ বৈষ্ণৱৰ পূৰ্বে মোদী মন্ত্ৰীসভাত ৰে’ল মন্ত্ৰণালয়ৰ দায়িত্বত চম্ভালিছিল ডি ডি সদানন্দ গৌড়া, সুৰেশ প্ৰভু আৰু পীয়ূষ গোৱেলে৷ তেওঁলোকৰ আমোলতো যথাক্ৰমে ৬টা, ২১টা আৰু  ১৩টাকৈ দুৰ্ঘটনা সংঘটিত হয়৷ আনহাতে লালুপ্ৰসাদ যাদৱ ৰে’লমন্ত্ৰী হৈ থকা সময়তো ১৭টাকৈ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়৷ সেইদৰে নীতিশ কুমাৰৰ দিনত ৭টা, ৰামবিলাস পাছোৱান ৰে’লমন্ত্ৰী হৈ থকা দিনত ১১টা আৰু দীনেশ ত্ৰিবেদী ৰে’লমন্ত্ৰী হৈ থকা সময়ছোৱাত দেশত ১০টাকৈ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে ভাৰতত ৰে’লমন্ত্ৰী হিচাপে আটাইতকৈ বেছি দিন দায়িত্বত আছিল জৰ্জ ফাৰ্ণাণ্ডেজ৷ তেওঁৰ দিনত ৪টা ৰে’ল দুৰ্ঘটনা সংঘটিত হয়৷