Logo
image

উপ-নিৰ্বাচনত পৰিয়ালতন্ত্ৰ!

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জুনঃ ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ বিধায়ক লোকসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টিকেইটাত উপ-নিৰ্বাচন আৱশ্যম্ভাবী হৈ পৰে৷ কিন্তু এই সমষ্টিকেইটাত ৰাজনৈতিক দলসমূহে কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব তাক কেন্দ্ৰ কৰি নানা জল্পনা-কল্পনা অব্যাহত আছে৷ বঙাইগাঁও সমষ্টিৰ ৮বাৰৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত বঙাইগাঁও সমষ্টিত উপ-নিৰ্বাচন নিশ্চিত হৈ পৰে৷ অগপ আৰু বিজেপি মিত্ৰতাত থাকিলেও বঙাইগাঁও সমষ্টি নিজৰ দখললৈ অনাৰ বাবে বিজেপি দলে দীৰ্ঘদিন ধৰি কুচকাৱাজ অব্যাহত ৰাখিছে৷ ইয়াৰে প্ৰথম পদক্ষেপ হ’ল ফণীভূষণ চৌধুৰীক লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিওৱা৷ 



অৱশ্যে আগন্তুক উপ-নিৰ্বাচনত বঙাইগাঁও সমষ্টি অগপ দলকে এৰি দিব বুলি দুই পক্ষৰ মাজত এক বুজাবুজি হৈছে৷ কিন্তু সাংসদ চৌধুৰীয়ে বঙাইগাঁও সমষ্টিটো নিজৰ হাতত ৰখাৰ কৌশল ৰচনা কৰিছে আৰু এই কৌশলৰ অংশ হিচাপে আগন্তুক উপ-নিৰ্বাচনত ফণীভূষণ চৌধুৰীয়ে অগপ দলৰ প্ৰাৰ্থী হিচাপে তেওঁৰ পত্নী দীপ্তি চৌধুৰীক থিয় কৰাব বিচাৰিছে৷ শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা পত্নীক সাংসদ চৌধুৰীয়ে বিধায়ক বনাই সমষ্টিটো নিজৰ দখলত ৰখাৰ লগতে নিজে সুৰক্ষিত হৈ থকাৰ ৰণকৌশল গ্ৰহণ কৰিছে৷ অৱশ্যে দলৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলে এই সিদ্ধান্ত মানি ল’ব বিচৰা নাই৷ সাংসদ চৌধুৰীৰ পত্নীৰ পৰিৱৰ্তে দলৰ এজন নিষ্ঠাবান নেতাক উপ-নিৰ্বাচনত টিকট দিয়াৰ দাবী দলৰ ভিতৰতে উত্থাপিত হৈছে৷ একেই পৰিয়ালতন্ত্ৰবাদৰ ধাৰা অক্ষুন্ন ৰাখিব বিচাৰিছে ধলাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা শিলচৰ সমষ্টিৰ বিজেপি সাংসদ পৰিমল শুক্লবৈদ্যই৷ সততে পৰিয়ালতন্ত্ৰবাদৰ বিৰোধিতা কৰি ফুৰা অসম চৰকাৰৰ প্ৰাক্তন আবকাৰী মন্ত্ৰীজনে আগন্তুক উপ-নিৰ্বাচনত ধলাই সমষ্টিত পুত্ৰ উৎপল শুক্লবৈদ্যক টিকট দিয়াব বিচাৰিছে৷ অসম বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ গৱেষক ছাত্ৰ উৎপল শুক্লবৈদ্যক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰি ৰাজনৈতিকভাৱে নিষ্কণ্টক হ’ব বিচাৰিছে শুক্লবৈদ্য৷ আগন্তুক উপ-নিৰ্বাচনত চামগুৰি সমষ্টি অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত সমষ্টিটোত উপ-নিৰ্বাচন নিশ্চিত হৈ পৰে৷ অসম কংগ্ৰেছৰ অন্যতম ক্ষমতাশালী নেতাজনে পুত্ৰ তানজিল হুছেইনক নিজৰ ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত কৰিব বিচাৰিছে৷ 

উল্লেখ্য, ৰকিবুল হুছেইনে চামগুৰি সমষ্টি তেওঁৰ প্ৰয়াত পিতৃ নুৰুল হুছেইনৰ পৰা উত্তৰাধিকাৰীসূত্ৰে লাভ কৰিছিল৷ সেয়ে পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি ৰকিবুল হুছেইনে চামগুৰি সমষ্টি তেওঁৰ পুত্ৰক দিব বিচাৰিছে৷ সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত তানজিল হুছেইন বৰ্তমান ছাত্ৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ আৰু সম্পাদক পদত আছে৷ অসম ছাত্ৰ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু উপ-সভাপতি হিচাপে কাম কৰিছে তানজিল হুছেইনে৷ লক্ষণীয়ভাৱে ৰকিবুল হুছেইনৰ এই তৎপৰতাৰ বিপৰীতে ধুবুৰীত সন্মুখীন হোৱা পৰাজয়ৰ গ্লানি দূৰ কৰাৰ উদ্দেশ্যৰে বদৰুদ্দিন আজমলে তেওঁৰ প্ৰাক্তন বিধায়ক পুত্ৰ আব্দুৰ ৰহিম আজমলক আগন্তুক উপ-নিৰ্বাচনত চামগুৰিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে৷ ৰকিবুল হুছেইনৰ পুত্ৰক নিৰ্বাচনত হৰুৱাই নিজৰ পৰাজয়ৰ প্ৰতিশোধ পূৰণ কৰিব বিচাৰিছে আজমলে৷ উল্লেখ্য, অগপ দলে চামগুৰি সমষ্টি পুনৰ উদ্ধাৰৰ অভিযানত নামি পৰিছে৷ ১৯৯৬ চনৰ বিধানসভাৰ নিৰ্বাচনত ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনক পৰাজিত কৰি চামগুৰি সমষ্টিৰ বিধায়ক হৈছিল অগপৰ অতুল শৰ্মা৷ সেয়ে আগন্তুক উপ-নিৰ্বাচনত চামগুৰি সমষ্টি উদ্ধাৰৰ লক্ষ্য হিচাপে দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই পৰিয়ালতন্ত্ৰৰ অংশ হিচাপে তেওঁৰ ভাতৃ মণিমাধৱ মহন্তক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে৷ ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হাতত পৰাজিত হোৱা প্ৰাক্তন আছু নেতাজন চামগুৰি সমষ্টিৰ পৰা অগপৰ টিকটত নিৰ্বাচিত হৈ নিজৰ সংসদীয় কেৰিয়াৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে৷