Logo
image

এদিনৰ লাভ ১.৮২ লাখ কোটি টকা

আমাৰ অসম, ১৫ মাৰ্চঃ টেছলা গাড়ী নিৰ্মাতা কোম্পানীৰ স্বত্বাধিকাৰী এলন মাস্কৰ এদিনৰ ব্যৱসায়ত যিমান পৰিমানৰ লাভ হয়, সেই ধনেৰে আই পি এলৰ অন্যতম সৰ্বাধিক মুল্যবান ক্ৰিকেটাৰ বিৰাট কোহলিক ১০হাজাৰ ৪৩০বছৰ ধৰি খেলাব পৰা যাব৷ শুনিলে আচৰিত যেন লাগিলেও সঁচা, এলন মাস্কৰ এদিনৰ ব্যৱসায়ৰ লাভৰ পৰিমান হৈছে আঢ়ৈ হাজাৰ কোটি ডলাৰ৷ ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমান হৈছে ১ লাখ ৮২ হাজাৰ কোটি টকা৷ অলপতে ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইনডেক্সে প্ৰকাশ কৰা পৰিসংখ্যাত বিশ্বৰ ধনাঢ্য জেফ বেজ’ছ, এলন মাস্কৰ চলিত বছৰৰ উপাৰ্জন কিমান সেয়া প্ৰকাশ কৰিছে৷ সেই অনুসৰি চলিত বছৰত দৈনিক উপাৰ্জন আৰু লাভ আমাজনৰ স্বত্বাধিকাৰী জেফ বেজ’ছতকৈ এলন মাস্কৰ অধিক৷ এলন মাস্কে বেজ’ছৰ সৈতে সম্পত্তিৰ পৰিমানৰ ব্যৱধানো হ্ৰাস কৰি আনিছে৷ বেজ’ছৰ সম্পত্তিৰ পৰিমান হৈছে ১৭,৯৯০ কোটি ডলাৰ আৰু মাস্কৰ সম্পত্তি হৈছে ১৭,৪১০ কোটি ডলাৰ৷ এলন মাস্কৰ দৈনিক লাভৰ ধনেৰে যিদৰে এটা ছিজনত ১৭ কোটি টকা লোৱা বিৰাট কোহলিক ১০৪৩০ বছৰ আই পি এলত খেলাব পৰা যাব, সেইদৰে সেই ধনেৰে ৩৬ হাজাৰখন লেম্বৰগিনি গাড়ী, ১.১০ কোটি ৫১২ জিবি-ৰ আই ফোন, ৪০ কোটি জেক ডেনিয়েল মংক সুৰাৰ ৭৫০ মিঃমিঃৰ বটল ক্ৰয় কৰিব পৰা যাব৷ আনহে নালাগে এই ধনেৰে বিশ্বৰ সৰ্বোচ্ছ মূল্যৰ ব্যক্তিগত বাসভবন, মুকেশ আম্বানিৰ এণ্টিলা ক্ৰয় কৰিব পৰা যাব ১ ডজন৷