গুগ্ল পে’ৰ জৰিয়তে আৰক্ষীৰ একাউণ্টত সোমায় ড্ৰাগছ ব্যৱসায়ৰ ধন : গ্ৰেপ্তাৰাধীন উপ-পৰিদৰ্শক মুছাদ্দিক হুছেইনক নিলম্বন
‘আমাৰ অসম’ৰ, ১৫ মাৰ্চ : গুগ্ল পে’ৰ জৰিয়তে ড্ৰাগছ ব্যৱসায়ত জড়িত ধৃত আৰক্ষী বিষয়া মুছাদ্দিক হুছেইনক ডিমাপুৰৰ ড্ৰাগছ মাফিয়াই ধনৰ যোগান ধৰে বুলি মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই তথ্য লাভ কৰিছে৷ এই তথ্যৰ পিছতেই অপৰাধ শাখাই আৰক্ষী বিষয়াজনৰ বেংক একাউণ্ট সমূহ জব্দ কৰে৷ জব্দকৃত একাউণ্ট সমূহত কোনে কৰ পৰা টকা পঠিয়াইছিল সেই সন্দৰ্ভত অপৰাধ শাখাই তদন্ত চলাই আছে৷ ইপিনে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই এক নিৰ্দেশ যোগে তৎকালে বলবৎ হোৱাকৈ অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক মুছাদ্দিক হুছেইনক চাকৰিৰ পৰা নিলম্বন কৰিছে৷ ড্ৰাগছ সৰবৰাহকাৰীৰ ম’বাইল বাৰ্তাত আৰক্ষী- অপৰাধীৰ সম্পৰ্ক ওলোৱাৰ পিছতেই আৰক্ষীয়ে উপ-পৰিদৰ্শক মুছাদ্দিক হুছেইনক গ্ৰেপ্তাৰ কৰিছিল৷ উল্লেখ্য যে, গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু বশিষ্ঠ আৰক্ষীৰ এটা দলে যৌথভাৱে যোৱা ৪ মাৰ্চত লালমাটিস্থিত হোটেল ব্ৰু’জ গেষ্ট হাউছত চলাইছিল অভিযান৷ এই অভিযানকালত বৃহৎ পৰিমাণৰ ডব্লিউ ৱাই টেবলেটসহ গ্ৰেপ্তাৰ কৰা হয় দুজন লোকক৷ গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে মনোহৰ প্ৰধান আৰু জেনেট ৰামনেমকিম তুলৰ৷ গেষ্ট হাউছটোৰ এটা আলমীৰাৰ পৰা জব্দ কৰা এই নিচাজাতীয় টেবলেটখিনিৰ ওজন প্ৰায় ৩ কেজি বুলি জানিব পৰা গৈছে৷ ইফালে, এই ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে এক গোচৰ৷ বশিষ্ঠ থানাত গোচৰ নং ৪১৬/২০২১ ইউ/এছ ২২(চি)/২৯ এনডিপিএছ আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰটো৷ লক্ষণীয় যে, আৰক্ষীয়ে এই টেবলেটখিনিৰ লগতে জব্দ কৰা এটা ম’বাইল ফোনত হোৱাটছএপ ছাট পৰীক্ষা কৰাৰ পাছতে ড্ৰাগছ চক্ৰটোৰ সৈতে অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চৰ উপ-পৰিদৰ্শক মুছাদ্দিক হুছেইন জড়িত থকাৰ সন্দেহত বুধবাৰে গ্ৰেপ্তাৰ কৰা হয় আৰক্ষী বিষয়াজনক৷