Logo
image

আহমেদাবাদৰ এখন ৰেস্তোৰাঁত ‘ধোনি খিচিৰি’

আমাৰ অসম, ১৬ মাৰ্চঃ বিভিন্ন ধৰ্ম, বৰ্ণৰ দেশ ভাৰতত খাদ্যৰ ক্ষেত্ৰতো একাধিক বৈচিত্ৰতা দেখিবলৈ পোৱা যায়৷ উত্তৰ ভাৰতেই হওক বা দক্ষিণ ভাৰতেই হওক, নাইবা পূৱ অথবা পশ্চিম ভাৰতেই হওক দেশৰ প্ৰান্তে প্ৰান্তে খাদ্য ব্যঞ্জনৰ বিস্তৰ বিভাজন দেখা যায়৷ তদুপৰি একো একোবিধ খাদ্যৰ বাবে একো একোটা অঞ্চল প্ৰখ্যাত হৈ পৰে৷ কিন্তু এইবাৰ অলপ বেলেগ ধৰণৰ খাদ্যৰ বাবে আহমেদাবাদৰ এখন ৰেস্তোৰাঁ জনপ্ৰিয় হৈ পৰিছে৷ এই ৰেস্তোৰাঁখনৰ নাম মেৰিয়ট ৰেস্তোৰাঁ৷  প্ৰায় পাঁচ ফুট ব্যাসাৰ্ধৰ থালত এই ৰেস্তোৰাঁখনে গ্ৰাহকক আগবঢ়াইছে ‘ধোনি খিচিৰি’৷ থালৰ মেনুও বহু দীঘলীয়া৷ ক্ৰিকেটাৰ ধোনিৰ নামকৰণেৰে ৰেস্তোৰাঁখনে গ্ৰাহকক আগবঢ়োৱা এই থালিয়ে আহমেদাবাদত বেছ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷