Logo
image

বিদ্যুৎ অবিহনে ৮০ বছৰ! চাকিৰ পোহৰত জীৱন বৃদ্ধাৰ

আমাৰ অসম, ১৮ মাৰ্চঃ প্ৰযুক্তি নিৰ্ভৰ সাম্প্ৰতিক কালত বিদ্যুৎ অবিহনে দিন পাৰ কৰাটো অসম্ভৱ৷ কিন্তু এই অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে আশী বছৰীয়া এগৰাকী বৃদ্ধাই৷ পুনেৰ বুধোৱাৰ অঞ্চলৰ হেমা ছান নামৰ এই বৃদ্ধাগৰাকীৰ জীৱনশৈলী সঁচাকৈয়ে আশ্চৰ্যকৰ৷ উদ্ভিদ বিজ্ঞানত পি এছ ডি ডিগ্ৰীধাৰী এই বৃদ্ধাগৰাকীয়ে সন্ধিয়া হ’লে গৃহত জ্বলাই লয় এটি চাকি৷ চাকিৰ পোহৰতে তেওঁৰ জীৱন৷ ঘৰখনত সংগী হিচাপে তেওঁ ৰাখিছে এটা কুকুৰ, দুটা মেকুৰী আৰু অজস্ৰ চৰাই৷ বহুতেই বৃদ্ধাগৰাকীক মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিও ক’ব খোজে৷ কিন্তু আচৰিত যে সংবাদ-কৰ্মীয়ে তেওঁৰ সৈতে মত-বিনিময় কৰাত মানসিক বিকাৰৰ কোনো লক্ষণ দেখা পোৱা নগ’ল৷ সৰুৰে পৰা চাৰি কুৰি বছৰলৈকে তেওঁ বিজুলিৰ পোহৰৰ পৰা আঁতৰি থকা বুলি স্পষ্ট ভাৱে প্ৰকাশ কৰে৷ তেওঁ কয়– লোকে কি কয় নাজানোঁ, চাকিৰ পোহৰ মই ভাল পাওঁ, প্ৰকৃতিক ভালপাওঁ বাবে মই সংগী হিচাপে ৰাখিছোঁ কুকুৰ-মেকুৰী, চৰাই৷ বিদ্যুৎ নহয়, চাকিৰ পোহৰেই মোৰ জীৱন– আশী বছৰীয়া হেমা ছানৰ ভাষ্য এয়া৷