Logo
image

চৰকাৰে নামনি অসমক গুৰুত্ব নিদিয়াৰ অভিযোগ আজমলৰ

'আমাৰ অসম'ৰ হাটশিঙিমাৰীৰ প্ৰতিবেদক, ১৬ জুলাইঃ বিৰসিং সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে। অসুস্থ অৱস্থাতো বানপীড়িত ৰাইজৰ কাষলৈ গৈ পৰিস্থিতিৰ বুজ লয় প্ৰাক্তন সাংসদ জনে। 



সোমবাৰৰ দিনা আজমলে বিৰসিং সমষ্টিৰ কাতলামাৰী, বুঢ়াবুঢ়ী,মেদেৰটাৰী,ফকিৰগঞ্জৰ চান্দিপাৰাত, হামিদাবাদ, ওৱাহাব বাজাৰকে ধৰি কেইবাটাও অঞ্চল ইঞ্জিনচালিত নাৱেৰে পৰিদৰ্শন কৰি বানাক্ৰান্তক বিভিন্ন ধৰণৰ খাদ্য-সামগ্ৰী বিতৰণ কৰে। আজমলে আবেলি প্ৰায় ৫-০০ বজাত ফকিৰগঞ্জৰ শান্তিপাৰাত নাৱেৰে উপস্থিত হয় আৰু তাৰ পাছত ফকিৰগঞ্জৰ চান্দিপাৰাত উপস্থিত হৈ শান্তিপাৰা ফকিৰগঞ্জ ৰাস্তাৰ খহি যোৱা অংশ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ সৈতে মত-বিনিময় কৰে। 

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি আজমলে কয় যে চৰকাৰে উজনি অসমত কাম কৰে কিন্তু নামনি অসমত মানুহ নাই বুলি ভাবে৷ নামনি অসমৰ মানুহৰ খবৰ নলয় চৰকাৰে৷ তদুপৰি ধুবুবীৰ সাংসদ ৰকিবুল হুছেইনক সমালোচনা কৰি কয় যে বৰ্তমানৰ সাংসদজনে এই দুৰ্যোগৰ সময়তো ৰাইজৰ কাষলৈ এবাৰো অহা নাই৷ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি সন্ধিয়া ৬-০০ বজাত পুনৰ ধুবুৰী লৈ ৰাওনা হয় আজমল।