Logo
image

চন্দ্ৰভাগা নৈৰ ওপৰত বিশ্বৰ আটাইতকৈ ওখ ৰে’ল সেঁতু

ইতিহাস গঢ়াৰ পথত ভাৰতীয় ৰে’ল

আমাৰ অসম, ১৮ মাৰ্চঃ ইতিহাস ৰচনাৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় ৰে’ল বিভাগ৷ জম্মু-কাশ্মীৰৰ চন্দ্ৰভাগা নদীৰ ওপৰত ধনুৰ আকৃতিৰে ৰে’ল বিভাগে নিৰ্মাণ কৰি আছে বিশ্বৰ আটাইতকৈ ওখ ৰে’ল সেঁতুখন৷ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ূষ গোৱেলে এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য, যোৱা ২০১৭ চনৰ পৰা চন্দ্ৰভাগা নৈৰ ওপৰত ৰে’ল সেঁতুখনৰ নিৰ্মাণকাৰ্য চলি আছে৷ কৰ’না ভাইৰাছৰ বাবে কিছুদিন সেঁতুখনৰ নিৰ্মাণকাৰ্যত ব্যাঘাত জন্মিছিল৷ কিন্তু এতিয়া ১,২৫০ কোটি টকা ব্যয়সাপেক্ষ সেঁতুখন সম্পূৰ্ণ হোৱাৰ দিশত৷ ৩৫৯ মিটাৰ দৈৰ্ঘৰ এই সেঁতুখনে কাশ্মীৰক ভাৰতৰ বাকী অংশৰ সৈতে সংলগ্ন কৰিব৷ সমূদ্ৰ পৃষ্ঠৰ পৰা সেঁতুখনৰ উচ্ছতা হ’ব ১৩১৫ মিটাৰ৷