Logo
image

হিমন্তৰ মহামনোনয়নৰ প্ৰস্তুতি আহিব ৬জনকৈ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৮ মাৰ্চঃ ১৯ মাৰ্চত গুৱাহাটীত হ’ব এক গ্ৰেণ্ড মনোনয়ন পত্ৰ দাখিল অনুষ্ঠান৷ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে [১৯ মাৰ্চত] গুৱাহাটীত জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিব৷ অসম, ত্ৰিপুৰা, মেঘালয়, অৰুণাচলৰ লগতে নেডাৰ অধীনত থকা উত্তৰ-পূবৰ ছয় ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ উপস্থিতিত শুকুৰবাৰে দিনৰ ১২ বজাত মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব৷ দলীয় সূত্ৰই জনোৱা মতে সেইদিনা গুৱাহাটীৰ সোণাৰাম খেলপথাৰৰ পৰা এক বৃহৎ সমদল কৰি গৈ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিব৷ এই মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত ভাগ ল’বলৈ জালুকবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ১০৫খন ডাঙৰ গাড়ী আৰু ৫০০খন সৰু-বৰ গাড়ীৰে বিজেপিৰ দলীয় কৰ্মী আহিব৷ পুৱা ১০ বজাতে তেওঁলোক আহি সোণৰাম খেলপথাৰত উপস্থিত হ’ব৷ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত অতুল বৰা, কেশৱ মহন্তকে ধৰি অগপৰ নেতৃত্বও উপস্থিত থাকিব৷ ইফালে, নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত ১৯ মাৰ্চত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা সদৰী কৰি কয় যে সমষ্টিত কি হৈ আছে, সেয়া সমষ্টিৰ ৰাইজেহে জানিব৷