Logo
image

টোলগেটৰ পৰা মুক্তি...

'আমাৰ অসম’ ১৯মাৰ্চঃ অহা এবছৰৰ ভিতৰত দেশৰ নাগৰিকসকলে টোলগেটত সন্মুখীন হোৱা যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিব৷ কিয়নো এবছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ‘টোলপ্লাজা’সমূহ আঁতৰোৱাৰ চিন্তা-চৰ্চা কৰিছে৷ আজি লোকসভাৰ মজিয়াত কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি অহা এবছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথসমূহত টোলপ্লাজাৰ সলনি জি পি এছ ব্যৱহাৰ হ’ব আৰু গাড়ীত লগাই ৰখা ‘ফাষ্ট টেগ’ৰ জৰিয়তে টোল সংগ্ৰহ কৰা হ’ব৷ এই ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ টোলপ্লাজাত  কোনো বাহনে আৰু  টোলটেক্স আদায় দিয়াৰ বাবে ৰৈ থাকিবলগীয়া নহ’ব৷ অৰ্থাৎ গাড়ীৰ পৰা চলন্ত অৱস্থাতে ‘ফাষ্ট টেগ’ৰ জৰিয়তে টোল কৰ্তন কৰা হ’ব৷ উল্লেখ্য যে লোকসভাৰ প্ৰশ্নোত্তৰকালত আজি আমৰোহাৰ বি এছ পি সাংসদ কুনোৱাৰ ডেনিছ আলীয়ে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ টোলপ্লাজা সন্দৰ্ভত এক প্ৰশ্ন উত্থাপন কৰে৷  সাংসদজনে উক্ত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে অহা এবছৰৰ ভিতৰত টোলপ্লাজাসমূহ আঁতৰোৱা হ’ব বুলি উল্লেখ কৰি লগতে কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত চহৰৰ একাধিক পথত টোলপ্লাজা স্থাপন কৰা হৈছিল৷ এয়া অন্যায় আৰু ভুল সিদ্ধান্ত আছিল৷ যাৰ বাবে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই টোলপ্লাজাসমূহ আঁতৰোৱা চিন্তা-চৰ্চা কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয় যে চৰকাৰে এনেধৰণৰ এক প্ৰযুক্তিৰ ব্যৱস্থা কৰিছে, যাৰ বাবে টোলপ্লাজাত কোনো বাহনে আৰু যান-জঁটৰ মাজত আৱদ্ধ হৈ থাকিবলগীয়া নহ’ব৷