Logo
image

বাহাৰুল ইছলাম পৰিচালিত ‘দ্য ছেভেণ্টথ ষ্টিঁং' লৈ শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ

আমাৰ অসম ১৯ মাৰ্চঃ অসমীয়া চলচিত্ৰ জগতলৈ এটি সুখবৰ বাহাৰুল ইছলামৰ দ্য ছেভেণ্টথ ষ্টিঁং-এ ড্ৰুুক আন্তৰ্জাতিক চলচ্ছিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লাভ কৰি সন্মানিত ‘ড্ৰেগন এৱাৰ্ড ২০২১’ লৈ মনোনীত হৈছে৷ বৰ্ষা বাহাৰৰ কাহিনীৰ ভিত্তিত নিৰ্মিত ছবিখনত অভিনয় কৰিছে কুনাল শৰ্মা, জিলমিল হাজৰিকা, আছফাক খান, নিদেশ কাকতী, সিদ্ধাৰ্থা মুখাৰ্জী, নেইন ইবটিচাম, ভাগীৰথী, কৈলাশ বৰ্মন, পূৰ্ণিমা শইকীয়া, জিত বৰুৱা, ৰাহুল গৌতম শৰ্মা, বৰ্ষা বাহাৰ, ৰাজীৱ ক্ৰ, দেৱজিত বৰঠাকুৰ, বিনোদ লাল দাস, প্ৰশান্ত কলিতা, পাৰ্থ বৰদলৈ, ৰাজীৱ মেধী, পাৰ্থ পুৰকায়স্থ, ৰজি বৰা আদিয়ে৷  দি ফ্লায়িং ছিগাল প্ৰডাকচনে প্ৰযোজনা কৰা এই ছবিখনৰ শ্বুটিং লকডাউনৰ আগেয়ে মুম্বাই আৰু অসমৰ বিভিন্ন ঠাইত হৈছিল৷ চিত্ৰগ্ৰহণ কৰিছে পাপু ডেকাই৷ ছবিখনৰ সম্পাদনা কাজু মজিদ তথা সহযোগী জুমি৷  সহকাৰী পৰিচালনা বিৰিকি কুমাৰ গগৈৰ, কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদ আৰু দিৱস জ্যোতি বৰুৱাৰ৷ গুৱাহাটী জ্যোতি চিত্ৰবন ষ্টুডিঅ বিজয় নাথৰ তত্বাৱধানত শব্দ আৰু ডাবিং সম্পাদন কৰাৰ পিছত মুম্বাইত জ্যোতি চেতিয়াই মিশ্ৰণ সম্পন্ন কৰে৷ সুজিত বৰাই ছবিখনৰ কালাৰ কাৰেকচন কৰিছে৷ উল্লেখ্য, ছবিখন পৰিচালনা কৰাৰ উপৰিও সংগীত পৰিচালনাও কৰিছে বাহাৰুল ইছলামে৷ চলিত বছৰৰ শেষৰ ফালে ছবিখনে মুক্তি লাভ কৰিব৷