Logo
image

আকৌ এবাৰ ঢৌ কৰ’নাৰ

◾অসমত তিনি তৰপীয়া মাস্ক বাধ্যতামূলক

◾দেশত এদিনতে ৪০ হাজাৰ আক্ৰান্ত


আমাৰ অসম, ২০ মাৰ্চঃ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমকে ধৰি ৫ খন ৰাজ্যত ক’ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে৷ দেশৰ নিৰ্বাচন আয়োগে ক’ভিড বিধি মানি চলি নিৰ্বাচনৰ মনোনয়ন দাখিল তথা প্ৰচাৰ অভিযান চলাবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল যদিও বাস্তৱত অসমত শাসক-বিৰোধী কোনো ৰাজনীতিকে ক’ভিড বিধি মানি চলা নাই৷ মাস্ক পৰিধান নকৰাকৈ তথা সামাজিক ব্যৱধান অবিহনেই নিৰ্বাচনৰ মনোনয়ন দাখিলপৰ্ব শুকুৰবাৰে অন্ত পৰাৰ পাছতহে সাৰ পাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ কামৰূপ জিলাৰ জিলা দণ্ডাধীশে শুকুৰবাৰে এটা নিৰ্দেশনাযোগে ৰাজহুৱা স্থানত তিনি তৰপীয়া মাস্ক পৰিধান বাধ্যতামূলক কৰিছে৷ তদুপৰি অফিচ, হাস্পতাল, ৰাস্তা-ঘাট, বজাৰ আদিত বাধ্যতামূলকভাৱে মাস্ক পৰিধান নকৰিলে ৫০০ টকা জৰিমনাৰ নিৰ্দেশ দিছে৷ দ্বিতীয়বাৰ এই নিৰ্দেশনা উলংঘা কৰিলে ১,০০০ টকা জৰিমনা ভৰিব লাগিব বুলিও নিৰ্দেশনাটোত স্পষ্ট কৰি দিছে৷ তদুপৰি বাহনৰ ভিতৰতো চালক-যাত্ৰীৰ মাস্ক পৰিধান বাধ্যতামূলক কৰিছে শুকুৰবাৰে জাৰি কৰা নিৰ্দেশনাটোত৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে, দুৰ্যোগ প্ৰশমন আইন ১৮৯৭ৰ ক’ভিড বিধি ২০২০ অনুসৰি পূৰ্বৰে পৰা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক আছিল যদিও বাস্তৱত এই নিৰ্দেশনা কোনেও কাৰ্যকৰী কৰা নাই৷ আৰক্ষী-প্ৰশাসনৰ ফালৰ পৰাই মাস্ক পৰিধান বিষয়টোত হোঁহকা-পিছলা নীতি গ্ৰহণ কৰাত অসমত ক’ভিড সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে৷ ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনে ক’ভিড বিধি পুনৰ সোঁৱৰাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অৱশ্যে কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনৰ এই তৎপৰতাৰ বিপৰীতে ৰাজ্যৰ স্বাস্থ্য বিভাগে এইপৰ্যন্ত কোনো সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা দেখা যোৱা নাই৷ ইপিনে, দেশত এতিয়া ক’ভিডৰ সংক্ৰমণে পৰিস্থিতি অধিক জটিলৰ দিশে লৈ গৈছে৷ প্ৰতিমুহূৰ্ততে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিড সংক্ৰমণৰ ভয়াৱহতাই এনে ৰূপ ধাৰণ কৰিছে যে, বিগত ২৪ ঘণ্টাত ৪০ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হৈছে৷ দেশৰ মুঠ ৭৭ শতাংশ ক’ভিড আক্ৰান্তই  হৈছে মহাৰাষ্ট্ৰ, কেৰালা আৰু পঞ্জাবৰ৷ উদ্বেগজনকভাৱে ক’ভিডত আক্ৰান্তৰ হাৰ বৃদ্ধিৰ সমান্তৰালভাৱে মৃত্যু হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে৷ এটা দিনতে দেশত ১৮৮ জন লোকৰ প্ৰাণ কাঢ়ি নিছে ঘাটক কৰ’নাই৷ ইপিনে, ক’ভিডৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণলৈ অনাৰ বাবে দেশৰ বিভিন্ন চহৰত লকডাউন- নৈশ সান্ধ্য আইন জাৰি কৰিবলগীয়া হৈছে৷ মহাৰাষ্ট্ৰত এটা দিনতে ২৫,৮৩৩ জন লোকৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাক্‌ৰে ৰাজ্যখনত লকডাউনৰ বাহিৰে বিকল্প একো নাই বুলিও স্পষ্ট কৰি দি জনসাধাৰণক সাজু হ’বলৈ আহ্বান জনাইছে৷ ইতিমধ্যে ১৫ মাৰ্চৰ পৰা মহাৰাষ্ট্ৰ নাগপুৰ জিলাত লকডাউন ঘোষণা কৰিছে৷ তদুপৰি পুনে চহৰতো নিশা ১১বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ জাৰি কৰিছে৷ নাছিক চহৰত সন্ধিয়া ৭ বজাৰ পৰা ১২ ঘণ্টীয়া  নৈশ সান্ধ্য আইন বলৱৎ কৰিছে৷ ইপিনে মধ্যপ্ৰদেশৰ ভূপাল-ইন্দোৰ চহৰতো অধিক কঠোৰভাৱে নৈশ সান্ধ্য আইন কাৰ্যকৰী কৰিছে৷ আনহাতে গুজৰাটৰ আহমেদাবাদ, চুৰাট, ভদোদৰা আৰু ৰাজকোট চহৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰিছে৷ উত্তৰাখণ্ডৰ কেইবাখনো চহৰত আংশিক লকডাউন ঘোষণা কৰিছে৷ পঞ্জাবৰ লুধিয়ানা, ম’হালিকে ধৰি ৮খন জিলাত নৈশ সান্ধ্য আইন ঘোষণা কৰাৰ লগতে শিক্ষানুষ্ঠানত পাঠদান বন্ধ কৰিছে৷ ইপিনে অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে সংশ্লিষ্ট কেওখন ৰাজ্যতে ক্ৰমাৎ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা দেশৰ নিৰ্বাচন আয়োগক উদ্বিগ্ন কৰি তুলিছে৷ অসমতো নীৰৱে ক’ভিডৰ সংক্ৰমণ এজন দুজনকৈ বৃদ্ধি পাইছে যদিও ৰাজ্যৰ স্বাস্থ্য-বিভাগেই হওক বা নিৰ্বাচন আয়োগেই হওক, কোনেও  বিষয়টো লৈ অলপো গুৰুত্ব দিয়া নাই৷ নিৰ্বাচন আয়োগৰ ক’ভিড বিধিক লৈ উদাসীনতাৰ বাবেই নিৰ্বাচনী প্ৰচাৰে অসমক ভয়ংকৰ বিপদৰ দিশে লৈ যোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ বৰ্তমান নিৰ্বাচনী প্ৰচাৰ অব্যাহত থকা কেৰালাত বিগত ২৪  ঘণ্টাত সৰ্বাধিক ১,৮৯৯জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ নিৰ্বাচন অনুষ্ঠিত হোৱা আন এখন ৰাজ্য তামিলনাডুতো এদিনতে ৯৮৯জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷ তদুপৰি বিগত ২৪ ঘণ্টাত পুডুচেৰীতো ৮১জন লোক ক’ভিডৰ স্বীকাৰ হৈছে৷ পুডুচেৰীতো অসমৰ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে দেশৰ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীয়ে সঘন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ চুবুৰীয়া পশ্চিমবংগতো ক’ভিডৰ সংক্ৰমণ নিতৌ বৃদ্ধি পাইছে৷ হাজাৰ হাজাৰ মানুহে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱা চুবুৰীয়া পশ্চিমবংগত মঙলবাৰে ক’ভিডত আক্ৰান্তৰ সংখ্যা আছিল ২৫৫জন৷ কিন্তু এটা দিনৰ পাছতেই বুধবাৰে নতুনকৈ ৩০৩ জন লোকৰ দেহত ক’ভিড সংক্ৰমণ বৃদ্ধি পায়৷ উদ্বেগজনকভাৱে বৃহস্পতিবাৰে পশ্চিম বংগত পুনৰ ৩২৩  জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ চুবুৰীয়া ৰাজ্যখনত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাত নিৰ্বাচন আয়োগক উদ্বিগ্ন হৈ পৰা দেখা গৈছে৷ নিৰ্বাচন আয়োগে স্বাস্থ্য বিভাগৰ সৈতে বাৰম্বাৰ জৰুৰী বৈঠকত মিলিত হৈ ক’ভিড প্ৰট’কল পালন কৰাৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰিছে৷ নিৰ্বাচন আয়োগে ক’ভিড বিধি মানি চলাৰ ক্ষেত্ৰত নিজাববীয়াকৈও সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে পশ্চিমবংগত৷ কিন্তু পশ্চিংবগত নিৰ্বাচন আয়োগৰ এই তৎপৰতাৰ বিপৰীতে অসমত ওলোটা দৃশ্যহে দেখা গৈছে৷ নিৰ্বাচন আয়োগৰ চকুৰ সন্মুখতে ক’ভিড বিধিক অংগুষ্ঠ প্ৰদৰ্শন কৰি মনোনয়ন দাখিল তথা নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ পাছতো কাণসাৰ নাই আয়োগৰ৷ নিৰ্বাচন আয়োগে অধিসূচনা ঘোষণা কৰাৰ সময়ত আয়োগৰ জাননীৰ ৯নং কলমৰ ‘কেম্পেইন বাই পলিটিকেল পাৰ্টীজ, কণ্টেষ্টিং কেণ্ডিডেট্‌ছ’ শিতানত ক’ভিড বিধি সম্পৰ্কীয় সবিশেষ লিপিবদ্ধ কৰিছিল৷ নিৰ্বাচনী প্ৰচাৰ, মনোনয়ন তথা ভোটদানৰ সময়ত মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা, থাৰ্মেল ষ্ক্ৰেনিঙৰ আশ্ৰয় লোৱা আৰু ৬ ফুট দূৰত্বত অৱস্থান কৰি সামাজিক ব্যৱধান মানি চলাটো বাধ্যতামূলক ঘোষণা কৰিছিল৷ এই নিয়ম উলংঘন কৰিলে প্ৰাৰ্থী, নেতা-কৰ্মীৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন আইন, ২০০৫ৰ ৫১, ৬০ অনুচ্ছেদৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বুলিও আয়োগৰ জাননীত লিখা আছে৷ কিন্তু বাস্তৱত অসমত আয়োগৰ সেই জাননী ফুটুকাৰ ফেনলৈ পৰ্যৱশিত হৈছে৷ বিশেষকৈ মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীৰ লগত সৰ্বাধিক দুজন লোকহে যাব পাৰিব বুলি আয়োগে ঘোষণা কৰিছিল৷ তদুপৰি মাস্ক আৰু সামাজিক দূৰত্ব বিধি মানি চলিব লাগিব বুলিও নিয়ম বান্ধি দিছিল৷ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিল পৰ্ব শুকুৰবাৰে অন্ত পৰিল যদিও মনোনয়ন দাখিল কৰোতে শাসক-বিৰোধী প্ৰতিজন প্ৰাৰ্থীয়ে নিৰ্বাচনী বিষয়াৰ সন্মুখতে ক’ভিড বিধি উলংঘন কৰা দেখা গ’ল৷ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিবলৈ যাওতে প্ৰতিজন প্ৰাৰ্থীৰ লগতে বৃহৎ সংখ্যক অঙহী-বঙহী উপস্থিত থকা দেখা গ’ল৷ পত্নী-পুত্ৰৰ পৰা আৰম্ভ কৰি অধিবক্তা, দলীয় নেতা, ধৰ্মীয় গুৰুক লগত লৈ বহুজনে মনোনয়ন পত্ৰ দাখিল কৰিলে৷ মাস্ক পৰিধান কৰি সামাজিক ব্যৱধান মানি চলাটো দূৰৰে কথা– ৰিটাৰ্ণিং বিষয়াৰ কোঠাত ভিৰৰ বাবে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হোৱাহে দেখা গ’ল৷ অথচ নিৰ্বাচনী বিষয়াই ক’ভিড বিধি উলংঘন কৰাৰ পাছতো মৌন হৈ থাকিল৷ আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়তো মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলাৰ লগতে প্ৰচাৰ ৰেলীত এবাৰত পাঁচখন বাহন যাত্ৰা কৰাৰ আধা ঘণ্টা সময়ৰ ব্যৱধানত আন পাঁচখন বাহন যাত্ৰা কৰিব লাগিব বুলি স্পষ্ট কৰি দিছিল৷ তদুপৰি নাগৰিকৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ সময়তো তিনিজনতকৈ অধিক লোক যাব নোৱাৰিব বুলিও প্ৰকাশ কৰিছিল৷ কিন্তু নিৰ্বাচনী প্ৰচাৰত বিপৰীত ছবি এখনহে দেখা গ’ল৷ সামাজিক ব্যৱধান দূৰৰে কথা হাজাৰ হাজাৰ সমৰ্থক-দলীয় কৰ্মীৰ মাজত প্ৰাৰ্থী তথা নেতাই ভাষণ দিয়াতে ক্ষান্ত নাথাকি ডেকা-বুঢ়াৰ লগত আলিংগন কৰাও দেখা গ’ল৷ আধা ঘণ্টা সময়ৰ ব্যৱধানত পাঁচখন বাহনৰ ৰেলী উলিওৱাৰ নিৰ্দেশ দিয়া নিৰ্বাচন আয়োগৰ শেনচকুৰ সন্মুখতে হাজাৰ হাজাৰ সমৰ্থকে দিনে-নিশাই চাইকেল সমদল কৰি আয়োগক বৃদ্ধাংগুষ্ঠ দেখুৱালে৷ লক্ষণীয়ভাৱে নিৰ্বাচনী অধিসূচনা ঘোষণাৰ পূৰ্বে সংশ্লিষ্ট ৰাজ্যকেইখনত ক’ভিডে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰিয়েই আয়োগে কঠোৰ ক’ভিড বিধি জাৰি কৰিছিল৷ স্বাভাৱিকতেই যিখন ৰাজ্যত প্ৰাৰ্থীয়েই সাধাৰণ এখন মাস্ক পৰিধান নকৰে, তেনে ৰাজ্যত নিৰ্বাচনৰ পাছত যে ক’ভিডে ভয়ংকৰ ত্ৰাসৰ সৃষ্টি নকৰিব তাক কোনেও ন-দি ক’ব নোৱাৰে৷ কিয়নো ইতিমধ্যে অসমত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে৷ দুদিন পূৰ্বে গড়ে ২০জনকৈ লোক ক’ভিডত আক্ৰান্ত হৈছিল যদিও সম্প্ৰতি গড়ে ৩৩জনকৈ লোক ক’ভিডৰ চিকাৰ হৈছে৷ ইপিনে চিকিৎসা বিশেষজ্ঞৰ সূত্ৰই শেহতীয়াকৈ অসমত সংক্ৰমিত ক’ভিড ভাইৰাছ নতুন প্ৰজাতিৰ বুলিও দাবী কৰিছে৷ নিৰ্বাচনী প্ৰচাৰত ক’ভিড বিধি উলংঘনৰ ফলত যিকোনো মুহূৰ্ততে অসমত ভাইৰাছে ছানি ধৰাৰ আশংকা অমূলক নহয়৷ নিৰ্বাচন আয়োগে সময় থাকোতেই হস্তক্ষেপ নকৰিলে পৰিস্থিতি বিষময় হোৱাটো খাটাং৷ কিয়নো স্বাস্থ্য বিভাগে ক’ভিডৰ যিমান পৰীক্ষা হ’ব লাগিছিল, তাক যেন গুৰুত্ব দিয়া নাই৷ আনহাতে স্বাস্থ্য বিভাগে প্ৰায় ৭৪ হাজাৰ চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীক ক’ভিডৰ ভেক্‌চিন ল’বলৈ উৎসাহিত কৰিব নোৱাৰা বিষয়টোৱে বিফলতাৰ ছবিখনহে স্পষ্ট কৰিছে৷ এটা সময়ত ক’ভিড বুলি নাগৰিকৰ ঘৰৰ বাহিৰলৈ ওলাবলৈ বাধা দি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিশ্চুপ হৈ নিজৰ ৰাজনৈতিক ভৱিষ্যৎ গঢ়াতহে ব্যস্ত আছে৷ অথচ এইখন অসমত ক’ভিড নিয়ন্ত্ৰণৰ নামত ইতিপূৰ্বে প্ৰায় ৭ হাজাৰ কোটি টকা ৰাজকোষৰ পৰা খৰচ কৰিছিল৷