দুঃসংবাদ! এপ্ৰিলৰ পৰা অধিক বাঢ়িব ঔষধৰ দাম
আমাৰ অসম, ২১ মাৰ্চঃ অহা এপ্ৰিল মাহৰ পৰা ঔষধৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে দেশত পে’ট্ৰল-ডিজেল আৰু ৰন্ধনগেছৰ লগতে আনকি নিত্য প্ৰয়োজনীয় শাক-পাচলিৰ অত্যধিক দামে জনসাধাৰণক সংকটৰ মুখলৈ ঠেলি দিছে৷ ইয়াৰ মাজতে এইবাৰ ঔষধৰ দাম বৃদ্ধি হ’ব বুলি ওলোৱা খবৰে ৰাইজক চিন্তাত পেলাইছে৷ উল্লেখ্য যে নেছনেল ফাৰ্মাছিউটিকেল প্ৰাইচিং অথৰিটীয়ে কালি ঔষধৰ দাম বৃদ্ধিৰ ইংগিত প্ৰদান কৰে৷ এই সংস্থাটোৰ মতে কেন্দ্ৰীয় চৰকাৰে ঔষধ প্ৰস্তুতকাৰীসকলৰ পাইকাৰী মূল্যসূচীত ০.৫ শতাংশ বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে৷ এনে ক্ষেত্ৰত এপ্ৰিল মাহৰ পৰা ঔষধৰ দাম বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত৷






