Logo
image

ৰঞ্জিত কুমাৰ দেৱগোস্বামী, আদিল হুছেইনলৈ সন্মানীয় ডক্টৰেট

‘আমাৰ অসম’ ২২ মাৰ্চঃ  মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ যোগেদি দেশৰ মুঠ ১১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উচ্ছ শিক্ষাৰ সুযোগ লাভ কৰিছে৷ ক’ভিড অতিমাৰীয়ে শিক্ষাখণ্ডলৈ কঢ়িয়াই অনা নানা প্ৰত্যাহ্বানৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত আৰম্ভ হোৱা ‘ভাৰত পঢ়ে অন লাইনে’ এই ক্ষেত্ৰত নতুন সপোন গঢ়িছে৷ গোটেই দেশতে এতিয়া গুৰুত্বপূৰ্ণ হৈ উঠিছে ডিজিটেল আৰু প্ৰযুক্তি সম্বলিত শিক্ষা৷ দৰাচলতে একবিংশ শতিকাৰ সমগ্ৰ বিশ্বৰ শিক্ষা জগতৰ বাবে এয়াই হৈ উঠিব মূল পৰিচালনা শক্তি৷– এই মন্তব্য ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা দেশৰ বিশিষ্ট শিক্ষাবিদ অধ্যাপক নাগেশ্বৰ ৰাওৰ৷ দেওবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি পূব ভাৰতত প্ৰথমখন আৰু একমাত্ৰ মুক্ত বিশ্ববিদ্যালয়খনৰ দুটা বৈশিষ্টলৈ অধ্যাপক ৰাওৱে বিশেষভাৱে আঙুলিয়াই দিয়ে৷ এটা হ’ল, তথ্য প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰেৰে শিক্ষাৰ প্ৰসাৰৰ বাবে বিশ্ববিদ্যালয়ৰ অহৰহ প্ৰচেষ্টা আৰু আনটো হ’ল শিক্ষা-শিকনৰ ক্ষেত্ৰত নানা উদ্ভাৱনমূলক পদক্ষেপ গ্ৰহণ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনে বিশিষ্ট শিক্ষাবিদ-সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক, বৈষ্ণৱ সাহিত্যৰ বিশেষজ্ঞ, অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীলৈ সন্মানীয় ‘ডি লিট’ ডিগ্ৰী আগবঢ়ায়৷ লগতে ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘গীতাঞ্জলি’ৰ অনুবাদেৰে বড়ো সাহিত্যলৈ নৱজাগৰণৰ ঢল বোৱাই অনা সাহিত্যিক সুৰথ নাৰ্জাৰী আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা, অসম সন্তান আদিল হুছেইনক এই অনুষ্ঠানত সন্মানীয় ‘পি এইচ ডি’ ডিগ্ৰী প্ৰদান কৰা হয়৷ প্ৰায় ৫০০ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠান পৰিচালনা কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড॰ কন্দৰ্প দাসে৷ ড॰ দাসে আদৰণি ভাষণো প্ৰদান কৰে৷ অধ্যাপক ড॰ দাসে দীক্ষান্ত সমাৰোহৰ দিনটোৱে শিক্ষাৰ্থীৰ মনলৈ সফলতা, সন্তুষ্টি আৰু পূৰ্ণতাৰ ধাৰণাক কঢ়িয়াই আনে বুলি উল্লেখ কৰে৷ উপাচাৰ্যগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে আজীৱন শিক্ষাৰ চেতনাৰে উজ্জীৱিত এই বিশ্ববিদ্যালয়ৰ দুৱাৰ শিক্ষা গ্ৰহণৰ বাবে ইচ্ছুক সকলোৰে বাবে খোলা৷ তেওঁ লগতে কয়– এই উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানত নামভৰ্তি কৰা ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই সমাজৰ পিছপৰা আৰু দুৰ্গত শ্ৰেণীৰ৷ লক্ষণীয় যে ইয়াৰে ৪০ শতাংশ মহিলা৷ উপাচাৰ্যগৰাকীয়ে ভাষণ প্ৰসংগত নামভৰ্তিৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা লেটাৰেল এণ্ট্ৰিক বিশেষভাৱে উল্লেখ কৰাৰ লগতে ক’ভিড অতিমাৰীৰ সময়ত শিক্ষা-শিক্ষণৰ প্ৰত্যাহ৩ানসমূহৰে মোকাবিলা কৰি শিক্ষা প্ৰতিষ্ঠানটোৱে দেশৰ ভিতৰতে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰ অনুষ্ঠিত কৰাৰ কথাও স্মৰণ কৰে৷ দেশৰ তিনিগৰাকী যশস্বী শিক্ষাবিদেৰে গঠিত উচ্ছস্তৰীয় শৈক্ষিক আৰু প্ৰশাসনীয় নিৰীক্ষণ সমিতিয়ে শেহতীয়াকৈ বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰি ইয়াৰ শৈক্ষিক, পাঠ্যক্ৰমসমূহক প্ৰশংসা কৰাৰ বিষয়টোৱেও উপাচাৰ্যৰ ভাষণত স্থান পায়৷ স্মৰ্তব্য যে বিশ্ববিদ্যালয়খনে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত ২২টা পাঠ্যক্ৰম শিক্ষাৰ্থীসকললৈ আগবঢ়াইছে৷ উল্লেখ্য, ক’ভিড অতিমাৰীৰ প্ৰাক্‌মুহূৰ্তত উপাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰা অধ্যাপক ড॰ কন্দৰ্প দাসৰ উদ্যোগত বিশ্ববিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ আগ্ৰহ তথা প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ তাৰ ভিতৰত নতুন দিল্লীস্থিত জাপান ফাউণ্ডেছনৰ সহযোগত জাপানী ভাষা আৰু সংস্কৃতিৰ বিশেষ পাঠ্যক্ৰম, স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা আৰু তথ্য প্ৰযুক্তিক বিষয় হিচাপে লৈ উচ্ছ শিক্ষা গ্ৰহণৰ সুবিধা অন্যতম৷ শেহতীয়াকৈ বিশ্ববিদ্যালয়খনে অনা অসমীয়াভাষীসকলৰ বাবে অসমীয়া ভাষা শিকনৰ বিশেষ পাঠ্যক্ৰমৰ পৰিকল্পনাও কৰিছে৷ এই সময়ছোৱাতে শিক্ষাৰ্থীসকলক সকলো ধৰণৰ স্বাৰ্থক সুৰক্ষিত কৰি ৰাখিবলৈ বিশ্ববিদ্যালয়খনে শিক্ষাৰ্থী চনদো প্ৰস্তুত কৰি উলিয়াইছে৷