Logo
image

ৰাজ্যত পুনৰ বাঢ়িব বাইক-গাড়ীৰ কৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ আগষ্ট : নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু ঔষধৰ মূল্য বৃদ্ধিৰ পাছত এইবাৰ বৃদ্ধি পাব বাইক-গাড়ীৰ কৰ৷ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে দিছপুৰে এইবাৰ চাৰিচকীয়া বাহনৰ পৰা আৰম্ভ কৰি মটৰ চাইকেলৰ গৰাকীৰ পৰাও অধিক কৰ সংগ্ৰহৰ পৰিকল্পনা কৰিছে৷ হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবে ঋণ লৈ লৈ ভাগৰি পৰা বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে পুনৰবাৰ সাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শোধাই ব্যক্তিগত বাহনৰো পঞ্জীয়ন মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰিছে৷ অসম মটৰ বাহন কৰ সংশোধনী বিধেয়ক-২০২৪ জৰিয়তে অসম চৰকাৰে সকলো ধৰণৰ বাহন ক্ৰয়ৰ সময়ত পঞ্জীয়নৰ বাবে পৰিবহণ দিবলগীয়া কৰৰ পৰিমান বৃদ্ধি কৰি ৰাজহ সংগ্ৰহৰ বাবে সাজু হৈছে৷ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে এই সংশোধনী বিধেয়কক অনুমতি দিছে৷ ‘ৱান টাইন টেক্স’ৰ জৰিয়তে সৰ্বাধিক বিক্ৰী হোৱা ৫-১০ লাখ টকা মূল্যৰ চাৰিচকীয়া বাহন আৰু সৰ্বাধিক বিক্ৰী হোৱা ৭০ হাজাৰ টকাৰ পৰা ১ লাখ টকা মূল্যৰ মটৰ চাইকেলৰ ওপৰতো কৰ পূৰ্বৰ তুলনাত বৃদ্ধি কৰিছে৷ পৰিবহণ বিভাগৰ ফালৰ পৰা সদৰী কৰা অনুসৰি নতুন পঞ্জীয়ন নিৰিখ মতে চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ৩ লাখ টকাৰ মূল্যৰ ভিতৰৰ বাহনৰ কৰ নিৰ্ধাৰণ কৰিছে ৪ শতাংশ৷ একেদৰে ৩-প্ত লাখ টকাৰ বাহনৰ কৰ ৬ শতাংশ আৰু ৫ লাখ টকাৰ পৰা ২০ লাখ টকাৰ ভিতৰৰ বাহনৰ ক্ষেত্ৰত কৰ নিৰ্ধাৰণ কৰিছে ১০ শতাংশ৷ তদুপৰি ২০ লাখৰ ওপৰৰ বাহনৰ কৰ আৰোপ কৰিছে ১৪ শতাংশ৷ অৱশ্যে বৰ্তমান চাৰিচকীয়া বাহনৰ ৩ লাখ টকা মূল্যৰ ভিতৰৰ বাহনৰ কৰ ৪.৫ শতাংশ আৰু ৩ লাখ টকাৰ পৰা ১০ লাখ টকা মূল্যৰ বাহনৰ কৰ ২০ শতাংশকৈ আদায় কৰি আছে৷ অনুৰূপভাৱে ১০ লাখ টকাৰ পৰা ২০ লাখ টকা মূল্যৰ বাহনৰ কৰ ১০ শতাংশ আৰু ২০ লাখ টকাৰ অধিক মূল্যৰ বাহনৰ পৰা ১৪ শতাংশকৈ কৰ সংগ্ৰহ কৰি আহিছে পৰিবহণ বিভাগে৷



ইফালে, দুচকীয়া বাহনৰ ক্ষেত্ৰতো নতুনকৈ কৰ নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি ৭০ হাজাৰ টকাৰ মূল্যৰ ভিতৰৰ বাইকৰ কৰ ৬ শতাংশ আৰু ৭০ হাজাৰ টকাৰ পৰা ৩ লাখ টকা মূল্যৰ মটৰ চাইকেলৰ কৰ ৪ শতাংশলৈ বৃদ্ধি পাব৷ একেদৰে ৩ লাখ টকাৰ অধিক মূল্যৰ মটৰ চাইকেল ক্ৰয় কৰোঁতে কৰ দিব লাগিব ১০ শতাংশকৈ৷ এই নতুন কৰ নিৰিখৰ বিপৰীতে বৰ্তমান ৰ লাখ টকা পৰ্যন্ত দুচকীয়া বাহনৰ পৰা কৰ ৬ শতাংশকৈ আদায় কৰি আহিছে৷ বিপৰীতে ১ লাখ টকাৰ পৰা ৩ লাখ টকা মূল্যৰ মটৰ চাইকেলৰ পৰা ৬ শতাংশ কৰ আৰু ৩ লাখ টকাতকৈ অধিক দামৰ বাইকৰ বিপৰীতে ৯ শতাংশ কৰ সংগ্ৰহ কৰি আহিছে৷ আনহাতে, নতুন বিধেয়কখনত ইলেক্টªনিক বাইক কৰ ২ শতাংশ, তিনিচকীয়া যাত্ৰীবাহী ই-ৰিক্সাৰ পৰা ৪ শতাংশ আৰু তিনিচকীয়া মালবাহী ই-ৰিক্সাৰ পৰা ৬ শতাংশ কৰ সংগ্ৰহৰ প্ৰস্তাৱ দিয়া হৈছে৷ বৃহস্পতিবাৰে বিধানসভাৰ শৰৎকালীন অধিৱেশনত বিধেয়কখন উত্থাপন কৰে ৰাজ্য চৰকাৰে৷‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ আগষ্ট : নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু ঔষধৰ মূল্য বৃদ্ধিৰ পাছত এইবাৰ বৃদ্ধি পাব বাইক-গাড়ীৰ কৰ৷ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে দিছপুৰে এইবাৰ চাৰিচকীয়া বাহনৰ পৰা আৰম্ভ কৰি মটৰ চাইকেলৰ গৰাকীৰ পৰাও অধিক কৰ সংগ্ৰহৰ পৰিকল্পনা কৰিছে৷ হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবে ঋণ লৈ লৈ ভাগৰি পৰা বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে পুনৰবাৰ সাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শোধাই ব্যক্তিগত বাহনৰো পঞ্জীয়ন মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰিছে৷ অসম মটৰ বাহন কৰ সংশোধনী বিধেয়ক-২০২৪ জৰিয়তে অসম চৰকাৰে সকলো ধৰণৰ বাহন ক্ৰয়ৰ সময়ত পঞ্জীয়নৰ বাবে পৰিবহণ দিবলগীয়া কৰৰ পৰিমান বৃদ্ধি কৰি ৰাজহ সংগ্ৰহৰ বাবে সাজু হৈছে৷ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে এই সংশোধনী বিধেয়কক অনুমতি দিছে৷

‘ৱান টাইন টেক্স’ৰ জৰিয়তে সৰ্বাধিক বিক্ৰী হোৱা ৫-১০ লাখ টকা মূল্যৰ চাৰিচকীয়া বাহন আৰু সৰ্বাধিক বিক্ৰী হোৱা ৭০ হাজাৰ টকাৰ পৰা ১ লাখ টকা মূল্যৰ মটৰ চাইকেলৰ ওপৰতো কৰ পূৰ্বৰ তুলনাত বৃদ্ধি কৰিছে৷ পৰিবহণ বিভাগৰ ফালৰ পৰা সদৰী কৰা অনুসৰি নতুন পঞ্জীয়ন নিৰিখ মতে চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ৩ লাখ টকাৰ মূল্যৰ ভিতৰৰ বাহনৰ কৰ নিৰ্ধাৰণ কৰিছে ৪ শতাংশ৷ একেদৰে ৩-প্ত লাখ টকাৰ বাহনৰ কৰ ৬ শতাংশ আৰু ৫ লাখ টকাৰ পৰা ২০ লাখ টকাৰ ভিতৰৰ বাহনৰ ক্ষেত্ৰত কৰ নিৰ্ধাৰণ কৰিছে ১০ শতাংশ৷ তদুপৰি ২০ লাখৰ ওপৰৰ বাহনৰ কৰ আৰোপ কৰিছে ১৪ শতাংশ৷ অৱশ্যে বৰ্তমান চাৰিচকীয়া বাহনৰ ৩ লাখ টকা মূল্যৰ ভিতৰৰ বাহনৰ কৰ ৪.৫ শতাংশ আৰু ৩ লাখ টকাৰ পৰা ১০ লাখ টকা মূল্যৰ বাহনৰ কৰ ২০ শতাংশকৈ আদায় কৰি আছে৷ অনুৰূপভাৱে ১০ লাখ টকাৰ পৰা ২০ লাখ টকা মূল্যৰ বাহনৰ কৰ ১০ শতাংশ আৰু ২০ লাখ টকাৰ অধিক মূল্যৰ বাহনৰ পৰা ১৪ শতাংশকৈ কৰ সংগ্ৰহ কৰি আহিছে পৰিবহণ বিভাগে৷ ইফালে, দুচকীয়া বাহনৰ ক্ষেত্ৰতো নতুনকৈ কৰ নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি ৭০ হাজাৰ টকাৰ মূল্যৰ ভিতৰৰ বাইকৰ কৰ ৬ শতাংশ আৰু ৭০ হাজাৰ টকাৰ পৰা ৩ লাখ টকা মূল্যৰ মটৰ চাইকেলৰ কৰ ৪ শতাংশলৈ বৃদ্ধি পাব৷ একেদৰে ৩ লাখ টকাৰ অধিক মূল্যৰ মটৰ চাইকেল ক্ৰয় কৰোঁতে কৰ দিব লাগিব ১০ শতাংশকৈ৷ এই নতুন কৰ নিৰিখৰ বিপৰীতে বৰ্তমান ৰ লাখ টকা পৰ্যন্ত দুচকীয়া বাহনৰ পৰা কৰ ৬ শতাংশকৈ আদায় কৰি আহিছে৷ বিপৰীতে ১ লাখ টকাৰ পৰা ৩ লাখ টকা মূল্যৰ মটৰ চাইকেলৰ পৰা ৬ শতাংশ কৰ আৰু ৩ লাখ টকাতকৈ অধিক দামৰ বাইকৰ বিপৰীতে ৯ শতাংশ কৰ সংগ্ৰহ কৰি আহিছে৷ আনহাতে, নতুন বিধেয়কখনত ইলেক্টªনিক বাইক কৰ ২ শতাংশ, তিনিচকীয়া যাত্ৰীবাহী ই-ৰিক্সাৰ পৰা ৪ শতাংশ আৰু তিনিচকীয়া মালবাহী ই-ৰিক্সাৰ পৰা ৬ শতাংশ কৰ সংগ্ৰহৰ প্ৰস্তাৱ দিয়া হৈছে৷ বৃহস্পতিবাৰে বিধানসভাৰ শৰৎকালীন অধিৱেশনত বিধেয়কখন উত্থাপন কৰে ৰাজ্য চৰকাৰে৷