Logo
image

পুনৰ ৩ টকা বাঢ়িল, গাখীৰৰ মূল্য ৬৭ টকা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩০ আগষ্ট : পহিলা ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ ৩ টকাকৈ দাম বৃদ্ধি পাব৷ বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত নেপালী মন্দিৰ প্ৰাংগণত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে সংস্থাৰ সভাপতি গংগাধৰ পৌদেলে৷ তেওঁ লগতে কয়-৩ টকা বৃদ্ধিৰ পাছত ৬১.৪০ টকা পাইকাৰী মূল্যৰ গাখীৰ হল গৈ ৬৪.৪০ টকা৷ আনহাতে খুচুৰা বিক্ৰী ক্ষেত্ৰত ৩ টকা বৃদ্ধি কৰাৰ পাছত প্ৰতি লিটাৰত হলগৈ ৬৭ টকা৷ বৃহত্তৰ গুৱাহাটী  গো-পালক সন্থাই গাখীৰৰ দাম বৃদ্ধিৰ পাছতেই এই সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ৷ গো ধনৰ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ লগতে গো-ধনৰ ঔষধপাতি, শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ বাবে বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাই পহিলা জুনৰ পৰা ১৬আগষ্ট লৈ গাখীৰৰ যোগান বন্ধ কৰি ৰাখিছিল৷ বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থাই শেহতীয়াকৈ উৎস [খুটি]ত গাখীৰৰ মূল্য ২.৬০ প্ৰতি লিটাৰ বৃদ্ধি কৰিছে, যিটো ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে৷ আমাক জনোৱা হৈছিল যে. শেহতীয়াকৈ গৰুৰ খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অত্যধিক বৃদ্ধিৰ বাবে সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয় হৈ পৰিছিল৷


আমাৰ মূল্যৱান গ্ৰাহকৰ স্বাৰ্থত আৰু চিন্তাশীল বিবেচনাৰ অন্তত আমাৰ সংগঠন বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই বৃহত্তৰ গুৱাহাটী গো-পালক সংঘৰ কাৰ্যনিৰ্বাহক পৰিষদৰ সৈতে আলোচনাত মিলিত৷ ফলত মূল্যৰ সালসলনি কৰা হৈছে আৰু গাখীৰৰ নতুন খুচুৰা হাৰ প্ৰতি লিটাৰত ৬৭.০০ হ’ব৷ আনহাতে পাইকাৰী হাৰ [বৃহৎ পৰিমাণৰ বাবে] প্ৰতি লিটাৰত ৬৪.৪০ হ’ব, যিটো পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব৷ আমি প্ৰত্যাহ৩ানমূলক অৰ্থনৈতিক পৰিস্থিতিৰ মাজতো সমাজখনক মানসম্পন্ন গাখীৰ যোগান ধৰিবলৈ চেষ্টা কৰিছো৷ আমাৰ মুঠ ৫৭২জন সদস্য আছে৷ সমগ্ৰ গুৱাহাটীত প্ৰতিদিনে ৰ লাখ ৯১ হাজাৰ ২০০ লিটাৰ গাখীৰৰ প্ৰয়োজন হয়৷  দুগ্ধ ভেজালকাৰীসকলক চিনাক্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷‘সংবাদ মেলত সংস্থাৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে৷ মনকৰিবলগীয়া যে বৃহত্তৰ গুৱাহাটী গো-পালক সংস্থা আৰু বৃহত্তৰ গুৱাহাটী দুগ্ধব্যৱসায়ী সংস্থাৰ মাজত থকা মতৰ অমিল আৰু জিলা প্ৰশাসনক বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই এই বিষয়ত বাৰম্বাৰ আলোচনাত বহিবলৈ যোগাযোগ কৰিবলৈ বিচাৰি কোনো সহাঁৰি লাভ নকৰা বুলি সংস্থাই সংবাদ মেল যোগে অৱগত কৰে৷ যাৰ ফলত কোনো ধৰণৰ নিয়ন্ত্ৰণ নোহোৱাকৈ যেতিয়াই মন যায় তেতিয়াই গাখীৰৰ মূল্য বৃদ্ধি হৈ থকা পৰিলক্ষিত হৈছে৷ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা নিম্ন মধ্যবৃত্ত শ্ৰেণীয়ে এতিয়া গাখীৰ খাদ্য তালিকাৰ পৰা ত্যাগ কৰাৰ গত্যান্ত নাই৷