Logo
image

আদানিয়ে চেৰ পেলালে আম্বানিক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ আগষ্ট : পুত্ৰৰ বিয়াত ৫০০০ কোটিৰো অধিক টকা খৰছ কৰি দেশৰ জনতাক ঈৰ্ষাত জ্বলোৱা মুকেশ আম্বানি চহকীৰ তালিকাত আদানিয়ে চেৰ পেলালে দ্বিতীয় স্থানলৈ অৱনমিত হৈছে৷ প্ৰত্যাশিতভাৱে তেওঁক দেশ চহকী ব্যক্তিৰ শীৰ্ষ আসনখনৰ পৰা বিতাড়িত কৰিছে গুজৰাটৰে আনজন ধনকুবেৰ গৌতম আদানিয়ে৷ এই মুহূৰ্তত উদ্যোগপতি গৌতম আদানিৰ মুঠ সম্পদৰ পৰিমাণ ১১.৬ লাখ কোটি টকা৷ আনহাতে ধনাঢ্যৰ তালিকাৰ দ্বিতীয় স্থানলৈ অৱনমিত হোৱা মুকেশ আম্বানিৰ সম্পদৰ পৰিমাণ ১০.১৪ লাখ কোটি টকা৷ ১৮ মাহ পূৰ্বে মাৰ্কিন ‘শ্বৰ্ট শ্বেলিং’ সংস্থা হিণ্ডেনবাৰ্গে গৌতম আদানিৰ কোম্পানীয়ে দেশৰ শ্বেয়াৰ বজাৰত জুৱাচুৰি কৰা বুলি বিস্ফোৰক প্ৰতিবেদন প্ৰকাশ কৰোতে নিশাটোৰ ভিতৰতে গৌতম আদানি ৰজাৰ পৰা খৰিভাৰীত পৰিণত হৈছিল৷ কিন্তু বিগত এবছৰত অবিশ্বাস্য আৰু ৰহস্যজনক ব্যৱসায়িক দক্ষতাৰে সম্পদৰ বৃদ্ধিৰ পৰিমাণ ৯৫ শতাংশলৈ আগবঢ়াই পুনৰ দেশৰ ধনাঢ্য ব্যক্তিত পৰিগণিত হয় গুজৰাটী উদ্যোগপতি আদানি৷ হাৰুণ ইণ্ডিয়া ৰিচ লিষ্ট নামৰ এটা সংস্থাই এই প্ৰতিবেদন প্ৰকাশ কৰিছে৷ সেই অনুসৰি আদানি পৰ্ট, এনাৰ্জি, গেছ, পাৱাৰৰ দৰে একাধিক আদানি গোষ্ঠীৰ কোম্পানীৰ শ্বেয়াৰ মূল্য বিগত এবছৰত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷


সামগ্ৰিকভাৱে এই সময়ছোৱাত আদানিৰ মুঠ সম্পদৰ বৃদ্ধিৰ হাৰ ৯৫ শতাংশ৷ অভাৱনীয় হাৰত শ্বেয়াৰ মূল্য বৃদ্ধি হোৱাৰ বাহিৰে বছৰত আৰ্থিক বৃদ্ধিৰ হাৰ ৯৫ শতাংশ হোৱাৰ আন কোনো বিকল্প অৰ্থনীতি বিজ্ঞানৰ সূত্ৰত নাই৷ তথাপি একাংশ অৰ্থনীতিবিদে আদানিৰ এই আৰ্থিক বৃদ্ধিৰ হাৰক ৰহস্যময় বুলি ক’বলৈ কুণ্ঠাবোধ কৰা নাই৷হাৰুণ ইণ্ডিয়া ৰিচ লিষ্টৰ তালিকা অনুসৰি এতিয়া দেশত বিলিয়নাৰৰ মুঠ সংখ্যা হৈছে ৩৩৪ জন৷ ২০২৪ তে প্ৰথমবাৰৰ বাবে ভাৰতত বিলিয়নাৰৰ সংখ্যা ৩ শতাধিক হ’ল৷ এই তালিকাৰ কনিষ্ঠ বিলিয়নাৰ হ’ল ৰেজ’ৰপে’ৰ প্ৰতিষ্ঠাতা হৰ্ষিল মাথুৰ আৰু শশাংক কুমাৰ৷ আনহাতে ৫৮ বছৰীয়া শ্বাহৰুখ খানে ৭,৩০০ কোটি টকাৰ সম্পদেৰে সামগ্ৰিকভাৱে তালিকাত স্থান লাভ কৰিছে৷