Logo
image

গোপনে বিজেপিত যোগ দিলে নেকি বিতৰ্কিত ৰুমী নাথে

‘আমাৰ অসম’ ২২ মাৰ্চঃ গোপনে পুনৰ বিজেপিত যোগ দিলে নেকি বৰখলা সমষ্টিৰ বিতৰ্কিত, প্ৰাক্তন কংগ্ৰেছ বিধায়িকা ডাঃ ৰুমী নাথে?– এই প্ৰসংগ এতিয়া ৰাজনৈতিক মহলত চৰ্চিত হৈছে৷ উল্লেখ্য, বিজেপিত যোগ দিয়াৰ উদ্দেশ্যে গুৱাহাটীত বাহৰ পাতি থকা প্ৰাক্তন বিধায়িকা ডাঃ ৰুমী নাথে অলপতে দিছপুৰৰ মিনিষ্টাৰ কলনীৰ আৱাসত নিশা মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰিছিল৷ ১৮ মাৰ্চ, বৃহস্পতিবাৰৰ পৰাই ডাঃ ৰুমী নাথে বিজেপিত যোগ দিয়াৰ বিষয়টো চৰ্চা হৈ আছিল৷ একাংশ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা খবৰ অনুসৰি ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেত পাই ডাঃ ৰুমী নাথে তেওঁৰ পিতৃ ত্ৰৈলোক্যভূষণ নাথৰ সৈতে দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়া বুলিও খবৰ ওলাইছে৷ কিন্তু প্ৰদেশ বিজেপিৰ সূত্ৰ আৰু কাছাৰ বিজেপিৰ সূত্ৰই ডাঃ ৰুমী নাথৰ বিজেপিত যোগদান বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে৷ তেওঁলোকে জনাইছে যে ডাঃ ৰুমী নাথৰ বিজেপিত যোগদানৰ কোনো তথ্য বা সূচী প্ৰদেশ বা জিলা বিজেপিৰ হাতত নাই৷ ক’ত, কেনেকৈ ডাঃ ৰুমী নাথে বিজেপিত যোগদান কৰিলে এই সন্দৰ্ভত প্ৰদেশ বিজেপিৰ ওচৰত কোনো তথ্য নাই বুলিও স্পষ্ট কৰি দিছে৷ ইফালে, বিজেপিৰে আন এটাসূত্ৰই কয় যে ড॰ হিমন্ত বিশ্ব শৰ্মাই ডাঃ ৰুমী নাথক নিৰ্বাচনৰ পাছতহে বিজেপিত যোগদানৰ পৰামৰ্শ দিছে৷ নিৰ্বাচনৰ পূৰ্বে ৰুমী নাথে বিজেপিত যোগ দিলে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰিয়েই ড॰ শৰ্মাই তেওঁক এই পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে৷ লক্ষণীয় যে ৰুমী নাথে বিজেপিত যোগদান কৰাৰ ক্ষেত্ৰত কাছাৰ বিজেপিৰ লগতে প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰো আপত্তি থকা বুলি তেওঁলোকে ইতিমধ্যে ৰাজহুৱাভাৱে ঘোষণা কৰিছে৷ কংগ্ৰেছৰ পৰাও বহিষ্কৃত হৈ থকা বিধায়কগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰাৰ্থিত্বৰ বাবে আনুষ্ঠানিকভাৱে আৱেদন কৰিও বিতৰ্কৰ সূচনা কৰিছিল৷ উল্লেখ্য যে ২০১০ চনত বিজেপি দলৰ হৈয়ো ৰাজ্য সভাৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে বহিষ্কৃত হৈছিল আৰু তেতিয়াই কংগ্ৰেছত যোগদান কৰিছিল৷ তেতিয়াৰে পৰাই মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত ঘনিষ্ঠ বুলি পৰিচিত হৈ পৰিছিল ডাঃ ৰুমী নাথ৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ সৈতে কোনো কাৰণত মনোমালিন্য ঘটে ৰুমী নাথৰ আৰু দলৰ পৰা তেওঁ বহিষ্কৃত হয়৷ তেতিয়াৰে পৰাই তেওঁ পুনৰ বিজেপিত যোগদানৰ চেষ্টা চলাই আহিছিল যদিও বাৰে বাৰে বিফল হৈছিল৷ অৱশেষত তেওঁ বিজেপিত যোগ দিয়াৰ বাবে শৰণাপন্ন হয় ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷