Logo
image

গাখীৰৰ মূল্য ৩ টকা বৃদ্ধি, সুৰাৰ ৩০ % হ্ৰাস

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ ছেপ্টেম্বৰ : পহিলা ছেপ্টেম্বৰৰ দিনটোত গৃহিনীৰ খঙে মূৰৰ চুলিৰ আগ পোৱাৰ বিপৰীতে সুৰাপায়ীৰ মুখলৈ হাঁহি আনি দিলে চৰকাৰে৷ কিয়নো দেওবাৰৰে পৰা ৰাজ্যত গাখীৰ আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য৷ সুৰাৰ দাম হ্ৰাস পোৱাত সুৰাপায়ীসকলে সন্তুষ্টি প্ৰকাশ কৰিছে যদিও গাখীৰ আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে গৃহিনী তথা সৰ্বসাধাৰণক ক্ষুব্ধ কৰি তুলিছে৷ উল্লেখ্য, বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই দেওবাৰৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি কৰিছে৷ সেই অনুসৰি পূৰ্বতে প্ৰতি লিটাৰ গাখীৰৰ খুচুৰা মূল্য ৬৪ টকা আছিল যদিও এতিয়া প্ৰতি লিটাৰ গাখীৰৰ দাম ৬৭ টকালৈ বৃদ্ধি পালে৷ আনহাতে পূৰ্বে পাইকাৰী ৬১.৪০ টকাকৈ উপলব্ধ প্ৰতি লিটাৰ গাখীৰ এতিয়া খুঁটিৰ মূল্য ৬৪.৪০ টকালৈ বৃদ্ধি পালে৷ বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গাখীৰৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ পাছত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থায়ো খুচুৰা বজাৰত গাখীৰৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হয়৷ গাখীৰৰ দাম বৃদ্ধিৰ সমান্তৰালভাৱে দেওবাৰৰে পৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাইছে৷ প্ৰতিটো এলপিজি চিলিণ্ডাৰৰ বিপৰীতে ৩৯ টকাকৈ বৃদ্ধি পাইছে৷ ঘৰুৱা ৰন্ধন চিলিণ্ডাৰৰ মূল্য একেই আছে যদিও ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সমগ্ৰ দেশতে দেওবাৰৰ পৰা ১,৬৯১.৫০ টকালৈ বৃদ্ধি পালে৷


বিগত আগষ্ট মাহতো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছিল৷ অৱশ্যে, গাখীৰ আৰু চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ বিপৰীতে দেওবাৰে বিলাতী সুৰা আৰু বীয়েৰৰ দাম ব্ৰেণ্ডভেদে ৩০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে৷ চুবুৰীয়া অৰুণাচল আৰু মেঘালয়ৰ সৈতে অসমৰ সুৰাৰ দাম প্ৰায় সমমূল্য কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগে সুৰাৰ দাম হ্ৰাস কৰে৷ ইয়াৰ ফলত অৰুণাচল আৰু মেঘালয়ৰ সুৰাৰ অসমত চোৰাং বিক্ৰী হ্ৰাস পাব বুলিও আবকাৰী বিভাগে আশা ব্যক্ত কৰিছে৷ সেই অনুসৰি বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ দাম ২২ টকাৰ পৰা আৰম্ভ কৰি ২১৪ টকালৈকে হ্ৰাস কৰিছে৷ দেওবাৰৰে পৰা কাৰ্যকৰী হোৱা নতুন নিৰিখ অনুসৰি–প্ত শতাংশ এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস পাইছে৷ প্ত শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস পায়৷ আনহাতে জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ ৰামত ১১৭ টকাকৈ হ্ৰাস পাইছে আৰু লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ ৰামৰ দাম ১৬৬ টকাকৈ হ্ৰাস পাইছে৷ একেদৰে ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, জীংক আদিৰ দাম ১৪৪ টকাকৈ হ্ৰাস পোৱাৰ বিপৰীতে লাক্সাৰী ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, ব্ৰেণ্ডী, জীংকৰ দাম ১৬৬ টকাকৈ হ্ৰাস পাইছে৷ ইপিনে এলিগেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ ব্ৰেণ্ডী, জীংক, হুইস্কীৰ ২১৪ টকাকৈ হ্ৰাস পোৱা দেখা গৈছে৷ নতুন নিৰিখ অনুসৰি কিংফিচাৰৰ পূৰ্বৰ ১৫০ টকীয়া বীয়েৰ ১১০ টকাত উপলব্ধ হৈছে৷ একেটা ব্ৰেণ্ডৰ পূৰ্বৰ ১৩০ টকা আৰু ৯০ টকা মূল্যৰ বীয়েৰ ক্ৰমে ৯০ টকা আৰু ৭০ টকাত উপলব্ধ হৈছে৷ আনহাতে, ৪৫০ টকাৰ ডি এছ ব্লেকৰ মূল্য ৪৪০ টকা, ১৮০ টকাৰ অ’চি প্ৰিমিয়ামৰ মূল্য ১৬০ টকা, ১২০ টকাৰ আই বিৰ মূল্য ১১০ টকা আৰু ১৮০ টকাৰ আৰ এছ বেৰেলৰ মূল্য ১৬০ টকালৈ হ্ৰাস পাইছে৷