Logo
image

দেশত পুনৰ অভিলেখ ৪৩,৮৪৬জন কৰ’নাত আক্ৰান্ত

নাগপুৰত লকডাউন ৩১ মাৰ্চলৈ বৃদ্ধি

আমাৰ অসম, ২২ মাৰ্চঃ ভাৰতত প্ৰতিদিনে বাঢ়ি আছে কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা৷ যোৱা বছৰৰ মাৰ্চ মাহত যেনেদৰে দেশত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছিল, এতিয়া ২০২১ চনৰ মাৰ্চ মাহতো পুনৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ দেওবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৪৩,৮৪৬জন লোক আক্ৰান্ত হয় কৰ’নাত৷ ফলত ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ১১,৫,৯৯,১৩০জনলৈ বৃদ্ধি পায়৷ অৱশ্যে ইয়াৰে সৰহসংখ্যক লোকেই আৰোগ্য হয় যদিও বৰ্তমান ভাৰতত পুনৰ দ্ৰুতগতিত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাটো চিন্তাৰ বিষয়৷ বৰ্তমান দেশৰ ৩ লাখৰো অধিক লোকৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ আছে৷ তেওঁলোকৰ কোনোবা হাস্পতালত আছে আৰু কোনোবাই ঘৰতে কোৱাৰেণ্টীন বা আইছ’লেশ্বনত আছে৷ উল্লেখ্য, ভাৰতত শুকুৰবাৰে ৩৯,৭২৬জন, শনিবাৰে ৪০,৯৫৩জন আৰু দেওবাৰে ৪৩,৮৪৬জন লোক আক্ৰান্ত হয়৷ অহা দিনকেইটাত এই সংখ্যা আৰু বিপজ্জনকভাৱে বাঢ়িব৷ সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত৷ গতিকে মহাৰাষ্ট্ৰৰ নাগপুৰত লকডাউন ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে৷