Logo
image

বেজীৰ সলনি কেপছুলেৰে ল’ব পৰা যাব কৰ’না ভেক্‌চিন

আমাৰ অসম, ২৩ মাৰ্চঃ কৰ’নাৰ পৰা ৰক্ষা পৰিবলৈ হয়তো অনাগত দিনসমূহত আৰু বেজী ল’বলগীয়া নহ’ব৷ অৰ্থাৎ বেজীৰে কৰ’নাৰ ভেকছিন গ্ৰহণৰ ব্যৱস্থা আঁতৰ হ’ব ৷ ইয়াৰ বিপৰীতে অ’ৰেল ভেকছিনৰ ব্যৱস্থা হ’ব ভাৰতত৷ ভাৰতৰ এটা ফাৰ্মাচিউটিকেল কোম্পানীয়ে কৰ’নাৰ কেপছুল প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ সেই অনুসৰি অচিৰেই বেজীৰ সলনি কেপছুল বা টেবলেটৰ জৰিয়তে কৰ’নাৰ ভেকছিন গ্ৰহণ কৰিব পৰা যাব৷ উল্লেখ্য যে, কৰ’নাৰ কেপছুল প্ৰস্তুত কৰিবলৈ ওলোৱা ভাৰতীয় ফাৰ্মাছিউটিকেল কোম্পানীটোৰ নাম প্ৰেমাছ বায়’টেক৷ হাৰিয়ানাৰ গুৰগাঁৱত থকা এই কোম্পানীটোৱে আমেৰিকাৰ অৰ্মেট ফাৰ্মাছিউটিকেলছৰ সৈতে যুটীয়াভাৱে কৰ’না ভেকছিনৰ কেপছুল প্ৰস্তুত কৰি পৰীক্ষা সম্পূৰ্ণ কৰিছে৷