Logo
image

‘একে শ্ব’টে বিজেপিক বংগৰ বাহিৰত পেলাই দিম’

বিজেপিক উদ্দেশ্যি কাঁথিত মমতাৰ ঘোষণা, অশালীন বুলিলে বিজেপিয়েআমাৰ অসম, ২৩ মাৰ্চঃ বংগত ক্ষমতা দখলৰ বাবে জোৰদাৰ যুঁজ দিয়া বিজেপিয়ে দেওবাৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে৷ এই নিৰ্বাচনী ইস্তাহাৰেৰে বিজেপিয়ে চমক সৃষ্টি কৰিবলৈ চেষ্টা চলায়৷ আনহাতে, একেদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বংগত নিৰ্বাচনী প্ৰচাৰ চলাই মমতাৰ ভেটিত আঘাত সানে৷ একেদিনাই তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়ে মেদিনীপুৰৰ শক্তিশালী নেতা শিশিৰ অধিকাৰী আৰু তেওঁৰ পৰিয়ালে৷ শিশিৰ অধিকাৰী হৈছে মমতাৰ প্ৰতিদ্বন্দ্বী শুভেন্দু অধিকাৰীৰ পিতৃ৷ শিশিৰ অধিকাৰীৰ বিজেপি গমনে নন্দীগ্ৰামত শুভেন্দুৰ ভেটি অধিক শক্তিশালী কৰি তোলে৷ গতিকে কাঁথিত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী ক্ষুব্ধ হৈ পৰে৷ বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই বংগৰ জনতাক আকৰ্ষিত কৰা আৰু শিশিৰ অধিকাৰীক নিজ দললৈ নিয়াত মমতা খঙত ফাটি পৰে৷ সেয়ে কাঁথিৰ নিৰ্বাচনী সভাৰ পৰাই বিজেপিক উদ্দেশ্যি হুংকাৰ দিয়ে তেওঁ৷ হুইল চেয়াৰত বহি নিৰ্বাচনী প্ৰচাৰ চলোৱা মমতা বেনাৰ্জীয়ে হুংকাৰ দি কয় যে তেওঁৰ এখন ভৰি দুখ পাই থাকিলেও এখন ভৰি সম্পূৰ্ণ ভাল৷ সেই ভাল ভৰিখনেৰেই লাঠ মাৰি বিজেপিক বংগৰ পৰা বাহিৰ কৰি দিব পাৰে৷ উল্লেখ্য, মমতাই প্ৰতিখন নিৰ্বাচনী সভাতে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰুদ্ধে অশোভনীয় শব্দ ব্যৱহাৰ কৰি আহিছে৷ লঠিয়াই বিজেপিক বংগৰ পৰা বাহিৰ কৰি দিব বুলি মমতাই দিয়া হুংকাৰক অতি অশোভনীয় বুলি কয় বিজেপিয়ে৷