Logo
image

কচুতলীৰ উচ্ছেদিতক ন্যায়ালয়ৰ সকাহ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ ছেপ্টেম্বৰ : টাইবেল বেল্ট আৰু ব্লক ঘোষণাৰ পূৰ্বৰে পৰা সোণাপুৰৰ কচুতলীত বসবাস কৰা আৰু তথা ম্যাদী থকা অ-জনজাতীয় লোকৰ উচ্ছেদ চলাব নোৱাৰিব ৰাজ্য চৰকাৰে৷ এই নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ কচুতলীৰ উচ্ছেদক লৈ প্ৰশাসনৰ পৰা জাননী লাভ কৰা ৫২ জন লোকে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হোৱাত কাৰ্যতঃ প্ৰশাসনৰ উচ্ছেদ কাৰ্য সাময়িকভাৱে বন্ধ হৈ পৰিল৷ উল্লেখ্য, ৰাজ্য চৰকাৰে সোণাপুৰৰ ট্ৰাইবেল বেল্টত বেদখল উচ্ছেদ চলোৱাৰ নামত একাংশ মুছলমান লোকলৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল৷ বিগত ১৩ আৰু ১৪ ছেপ্টেম্বৰত কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰ বিষয়াই তিনিদিনৰ ভিতৰত ঘৰ খালী কৰাৰ বাবে সময়সীমা বান্ধি দি ঘৰে ঘৰে জাননী আঁৰি দিছিল৷ কিন্তু এই উচ্ছেদৰ জাননীৰ পাছতেই একাংশ লোকে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল৷ আবেদনকাৰী লোকসকলৰ যুক্তি আছিল তেওঁলোকে ১০০ বছৰ আগৰ পৰাই উক্ত অঞ্চলটোত বসবাস কৰি আহিছে৷ ১৯২৩ চনত বৃটিছৰ দিনতে তেওঁলোকে লাভ কৰা একচনীয়া ভূমি পট্টা আৰু পৰৱৰ্তী সময়ত ম্যাদী পট্টা তথ্য লাভ কৰা প্ৰমাণো ন্যায়ালয়ত দাখিল কৰে৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উচ্ছেদৰ জাননী লাভ কৰা লোকসকলে সোণাপুৰৰ কচুতলী অঞ্চলটোক ১৯৫০ চনত জনজাতীয় আৱেষ্টনী ঘোষণাৰ বহু  পূৰ্বৰে পৰা বসবাস কৰি থকাৰ বিষয়টোও অৱগত কৰে৷


অৱশ্যে গোচৰীয়া পক্ষৰ এই যুক্তিৰ বিপৰীতে অসম চৰকাৰৰ মহাধিবক্তাই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৭৮/২০১২ নম্বৰৰ এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ সন্দৰ্ভত বিগত ২০১৯ চনৰ ৯ ডিচেম্বৰত প্ৰদান কৰা ৰায়ৰ ভিত্তিতে উক্ত উচ্ছেদ অভিযান চলোৱাৰ বিষয়টো ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে৷ অৱশ্যে এই যুক্তিৰ বিপৰীতে গোচৰীয়া পক্ষৰ অধিবক্তাই উক্ত গোচৰটোৰ সংক্ৰান্তত সৰ্বোচ্ছ ন্যায়ালয়ে টাইবেল বেল্টত সামূহিক উচ্ছেদৰ পৰিৱৰ্তে ব্যক্তিগত পৰ্যায়ত বেদখলৰ অনুসন্ধান কৰি প্ৰশাসনক উচ্ছেদৰ কতৃত্বৰ্ দিয়াৰ বিষয়টোকো উনুকিয়াই দিয়ে৷ দুয়োপক্ষৰ যুক্তিৰ পাছতেই গুৱাহাটী উচ্ছ ন্যায়ালয়ে লেখ আবেদনখন খাৰিজ কৰি গোচৰীয়াসকলক ব্যক্তিগতভাৱে ৩০ ছেপ্টেম্বৰৰ ভিতৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ওচৰত বসবাস তথা ভূমি পট্টাৰ সকলো নথি পত্ৰসহ আবেদন কৰিবলৈ নিৰ্দেশ দিয়ে৷ উক্ত আবেদনসমূহ পৰীক্ষা কৰি সংশ্লিষ্ট লোকসকল টাইবেল ব্লেট ঘোষণাৰ পূৰ্বৰে পৰা বা ১৯২৩ চনৰ পৰা বসবাস কৰি থকাটো নিশ্চিত কৰিব লাগিব জিলা আয়ুক্তই৷ যিসকলে ১৯২৩ চনৰ পূৰ্বৰ পৰা বসবাস কৰি আছে তথা ম্যাদী পট্টা আছে, তেওঁলোকক ১৯৮৬ চনৰ ৰাজহ আইনৰ ভিত্তিত কোনো কাৰণতে উচ্ছেদ চলাব নোৱাৰিব৷ প্ৰতিজন আবেদনকাৰী সন্দৰ্ভত উপায়ুক্তই পৃথকে পৃথকে নিৰ্দেশনা জাৰি কৰিব লাগিব বুলিও স্পষ্ট কৰি দিয়ে ন্যায়ালয়ে৷ গোচৰটোৰ শুনানিত জিলা আয়ুক্তই আবেদন সমূহ পৰীক্ষা কৰি নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত উচ্ছেদ অভিযান চৰকাৰে বন্ধ ৰাখিব বুলিও ন্যায়ালয়ক অৱগত কৰে মহাধিবক্তাই৷ অৰ্থাৎ উপায়ুক্তই উচ্ছেদৰ জাননী জাৰি কৰা লোকসকলৰ ভূমি পট্টা পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা পৰ্যন্ত সাময়িকভাৱে উচ্ছেদ কাৰ্য স্থগিত থাকিব৷ অৱশ্যে যিসকলে টাইবেল্ট বেল্ট ঘোষণাৰ পাছত কচুতলীত বসতি কৰিছে, তেওঁলোকৰ উচ্ছেদ নিশ্চিত হৈ পৰিছে৷

বেদখল উচ্ছেদক আদৰণি জনজাতি সুৰক্ষা মঞ্চৰ

‘আমাৰ অসম’ৰ কোকৰাঝাৰৰ বিশেষ প্ৰতিনিধি : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সোণাপুৰত জনজাতি বেষ্টনী-আৱেষ্টনীৰ পৰা অকল ইছলাম ধৰ্মৰ লোকসকলক উচ্ছেদ কৰাৰ লক্ষ্য গ্ৰহণ কৰাৰ সলনি বেদখল কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ লোকক উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই৷ সংগঠনটোৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে জনজাতিৰ ভূমি উদ্ধাৰৰ চলনাৰে অকল মুছলমানসকলক লক্ষ্য কৰি বেদখলকাৰী বুলি বাছি উলিয়াই নিজৰ প্ৰয়োজন হোৱা ভূমি অনুপাতে উচ্ছেদ অভিযান চলাই আছে৷ এই উচ্ছেদ অভিযান জনজাতিসকলৰ বাবে নহয় নিজৰ মুনাফাৰ বাবেহে৷ মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ জনজাতিসকলৰ শুভ চিন্তা কৰিছেহ্ল তেন্তে সোণাপুৰতে বহু অজনজাতীয় লোকে ভূমি বেদখল কৰি আছে৷ কিন্তু তেওঁলোকক কোনো ধৰণৰ উচ্ছেদ কৰা হোৱা নাই৷  ইয়াৰ দ্বাৰাই এইটোকে প্ৰমাণ কৰিছে যে অকল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেহে ভূমি উচ্ছেদৰ কাৰ্য আচলতে হাতত লৈছে৷ কেইবছৰমান আগতে চৰকাৰে গুৱাহাটীৰ বৰবাৰী আৰু দীপৰ বিলত বহু বছৰৰ পৰা বসবাস কৰি থকা বড়ো আৰু অন্যান্য জনজাতি লোকসকলক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰাৰ চলনাৰে অমানুষিকভাৱে খেদি পঠিয়াইছিল৷ এইবোৰ মাটি জনজাতি বেষ্টনীৰ অধীনত আছিল৷ এই একে এলেকাতেহ্ল আজিলৈকে বহু অজনজাতীয় লোক অবৈধভাৱে বিশাল অট্টালিকা আৰু ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰি আছে৷  দক্ষিণ কামৰূপৰ ছয়গাঁও ট্ৰাইবেল বেল্ট গুৱাহাটী ট্ৰাইবেল বেল্টৰ বিভিন্ন চক্ৰৰ অধীনত জনজাতি বেষ্টনীৰ হাজাৰ হাজাৰ বিঘা মাটি বহু অজনজাতীয় লোকে বেদখল কৰি আছে৷ এওঁলোকক কিন্তু মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰাৰ বাবে সাহস গোটাব পৰা নাই৷ একেদৰে বিটিচি এলেকাতো জনজাতি বেষ্টনীৰ মাটিত মুছলমানতকৈ অনামুছলমান অৰ্থাৎ বহিঃৰাজ্যৰ পৰা অহা বহু লোকে দখল কৰি আছে৷ বিশেষকৈ সন্দেহজনক হিন্দু লোকেও বেছিভাগেই বেদখল কৰি আছে৷ জনজাতিসকলৰ নিৰাপত্তা আৰু বৃহত্তৰ স্বাৰ্থত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শীঘ্ৰে উচ্ছেদ কৰাৰ বাবে দাবী জনাইছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই৷