আকাশবাণী গুৱাহাটীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ এয়া আকাশবাণী গুৱাহাটী। ১ জুলাই অৰ্থাৎ আকাশবাণী গুৱাহাটীৰ অষ্টসপ্ততিতম প্ৰতিষ্ঠা দিৱস। আকাশবাণী গুৱাহাটীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু বিবিধ ভাৰতী, গুৱাহাটীৰ অসমীয়া ভাষাত অনুষ্ঠান প্ৰচাৰৰ পুনৰ আৰম্ভণিৰ উপলক্ষে আয়োজন কৰা হয় এটি বিশেষ অনুষ্ঠান। উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় অনুষ্ঠানটো।
উল্লেখ্য যে অষ্টসপ্ততিতম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যুৱ বাণী শাখাৰ পৰা আয়োজন কৰা দৈনিক কুইজ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় অনুষ্ঠানত। লগতে আকাশবাণী গুৱাহাটীৰ কথা শিল্প অনুস্থানত প্ৰচাৰিত ড০ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ শীৰ্ষ গীত দুটি মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে আকাশবাণীৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে শ্ৰোতা দৰ্শকসকল।






