Logo
image

২তকৈও কমিব নেকি কাট অফ মাৰ্ক?

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ জুনঃ  মাধ্যমিক শিক্ষা বিভাগে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ প্ৰায় ৯ হাজাৰ খালী পদৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ অৱশ্যে শিক্ষা বিভাগে বিজ্ঞাপনভিত্তিত খালী পদৰ বিপৰীতে ১ঃ১ ত প্ৰাৰ্থীৰ নথি পৰীক্ষণ অব্যাহত ৰাখিছে যদিও খালী পদ পূৰণ নোহোৱাত এতিয়া দ্বিতীয়খন মেধা তালিকা প্ৰকাশ কৰিবলৈ সাজু হৈছে৷ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ  প্ৰায় ৯  হাজাৰ পদৰ বিপৰীতে দ্বিতীয় মেধা তালিকা প্ৰকাশ কৰিব বুলি ঘোষণা কৰিছে খোদ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ শনিবাৰে মন্ত্ৰী পেগুৱে টুইটযোগে এই কথা ঘোষণা কৰি কয়–  ‘স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে বৰ্তমান চলি থকা প্ৰমাণ পত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপনৰ পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ’ব৷’ শিক্ষামন্ত্ৰীৰ এই ঘোষণাত প্ৰথম তালিকা অতি কম নম্বৰৰ বাবে নাম অন্তৰ্ভুক্ত নোহোৱাত প্ৰাৰ্থীসকলৰ মুখলৈ হাঁহি আহিছে যদিও সচেতন মহলক উৎকণ্ঠিত কৰি তুলিছে৷ কিয়নো ইতিপূৰ্বে প্ৰকাশ কৰা হাইস্কুলৰ স্নাতক শিক্ষক পদৰ বিষয় আৰু মাধ্যমভেদে সংৰক্ষিত পদত কাট অৱ মাৰ্ক নূ্যনতম ২.২৫ নম্বৰলৈ হ্ৰাস পাইছিল৷ একেদৰে অসংৰক্ষিত পদৰ বিপৰীতে মাধ্যমভেদে কাট অৱ মাৰ্ক সৰ্বনিম্ন ৩৫ নম্বৰ স্পৰ্শ কৰিছিল৷ তেনেস্থলত এতিয়া হাইস্কুল শিক্ষকৰ খালী পদ পূৰণ নহ’লে শিক্ষা বিভাগে প্ৰকাশ কৰিবলগীয়া দ্বিতীয়খন মেধাৰ তালিকাত কাট অৱ মাৰ্ক ২ নম্বৰতকৈও কমিব নেকি বুলিও প্ৰশ্ন উঠিছে৷ কিয়নো এই সংৰক্ষিত পদসমূহ প্ৰথমখন মেধা তালিকাত পূৰণ নহ’লে প্ৰকাশ পাবলগীয়া দ্বিতীয় মেধা তালিকাত কাট অৱ মাৰ্ক ২ নম্বৰতকৈ হ্ৰাস পোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য, হাইস্কুল স্নাতক শিক্ষকৰ ৭,৫৮৮টা পদৰ টে’ট-কাম-ৰিকুইটমেণ্ট পৰীক্ষাৰ বিপৰীতে ৬,২৩৬ গৰাকী যোগ্য প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল মাধ্যমিক শিক্ষা বিভাগে৷ এই পৰীক্ষাত কাট অৱ মাৰ্ক গণিত পদৰ বিপৰীতে সংৰক্ষিত পদত নূ্যনতম ২.২৫ নম্বৰ ধাৰ্য কৰা হৈছিল৷ একেদৰে সংস্কৃত শিক্ষকৰ সংৰক্ষিত পদত নূন্যতম কাট অৱ মাৰ্ক ৭.৫০ নম্বৰ, বিজ্ঞান শিক্ষক পদৰ বিপৰীতে ১৯.৭৫ নম্বৰ আৰু কলা শাখাৰ শিক্ষক পদৰ বিপৰীতে নূ্যনতম কাট অৱ মাৰ্ক ১১ নম্বৰ ধাৰ্য কৰিছিল৷ অৱশ্যে, যোগ্য প্ৰাৰ্থীৰ অভাৱত স্নাতক শিক্ষকৰ ১,৩৫২টা পদ খালী কৰি ৰাখিছিল মাধ্যমিক শিক্ষা বিভাগে৷ ইফালে ১,৪৮৭ টা স্নাতকোত্তৰ শিক্ষক পদৰ বিপৰীতেও যোগ্য প্ৰাৰ্থীৰ অভাৱত শিক্ষা বিভাগে খালী কৰি ৰাখিছিল ২৩০টা পদ৷ কিন্তু বঞ্চিত প্ৰাৰ্থীয়ে সংবাদ মেল পাতি হেঁচা প্ৰয়োগ কৰাৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ শিক্ষা বিভাগে এতিয়া খালী পদৰ বিপৰীতে কাট অৱ মাৰ্ক  হ্ৰাস কৰি হ’লেও পদ পূৰণৰ বাবে পৰিকল্পনা কৰিছে৷ সেয়েহে প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষা প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ খালী হৈ ৰোৱা পদৰ বিপৰীতে কাট অৱ মাৰ্ক হ্ৰাস কৰি দ্বিতীয়খন মেধা তালিকা প্ৰকাশ কৰিবলৈ সাজু হৈছে৷ সেই অনুসৰি হাইস্কুলৰ স্নাতক শিক্ষকৰ ক্ষেত্ৰত ১৪০ নম্বৰ টে’ট পৰীক্ষাত নূন্যতম ২.২৫ নম্বৰ লাভ কৰা প্ৰাৰ্থীক বাছনি কৰাৰ পাছত এতিয়া সংৰক্ষিত পদৰ বিপৰীতে ২ নম্বৰতকৈ কম পোৱা প্ৰাৰ্থীকো স্থান দিয়াতো নিশ্চিত হৈ পৰিল৷ যদি এনে হয়, তেনেহ’লে শিক্ষাগুৰুৰ নামত বৰ্তমানৰ চৰকাৰে বিজেপি মিত্ৰজোঁটৰ এনে একাংশ প্ৰাৰ্থীক বাছনি কৰিব, যিয়ে ভাৱিষ্যত ছাত্ৰ-ছাত্ৰীক কিদৰে শিক্ষা প্ৰদান কৰিব তাক লৈ উদ্বেগৰ কাৰণ হৈ পৰিছে৷


টে’ট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ কৃতজ্ঞতা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ  সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলক আপোন ঘৰ ঋণৰ সুবিধা প্ৰদানৰ বাবে সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে দীৰ্ঘদিন ধৰি অসম চৰকাৰৰ লগতে শিক্ষা বিভাগত আহ্বান জনাই আহিছিল৷  শিক্ষক সমাজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে শিক্ষক সমাজে৷ সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে ইয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক  কৃতজ্ঞতা জ্ঞাপন কৰে৷ সম্প্ৰতি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ  তদাৰক আৰু শিক্ষা বিভাগৰ প্ৰচেষ্টাত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ দৰমহা গাঁথনিৰ আসোঁৱাহ নিৰ্মূল, টাইম স্কেল আদি সমস্যাসমূহ সমাধানৰ কামো যথোচিতভাবে আগবাঢ়িছে বুলি সদৰি কৰি সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ প্ৰধান দাবী তথা সমস্যা—‘বিনাচতে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ’ এই চৰকাৰখনৰ কাৰ্যকালতে সমাধান হ’ব বুলিও সংগঠনটোৱে  আশা প্ৰকাশ কৰে৷