বিশাল-চুমি-স্বপ্ননীল-ৰঞ্জিতক গুৱাহাটীতে জেৰা কৰিব চিবিআয়ে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ অক্টোবৰ : অচিৰেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ ঠিকনা হ’ব কৰিঅ’গ্ৰাফাৰ, অভিনেত্ৰী চুমি বৰা, বিশাল ফুকন, ৰঞ্জিত কাকতিহঁতৰ৷ ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ বিশাল ফুকনৰ গোচৰটোৰ লগতে ৰঞ্জিত কাকতিৰ ট্ৰেডিং এফ এক্সৰ গোচৰটো গুৱাহাটীস্থ চিবিআইৰ বিশেষ আদালতলৈ হস্তান্তৰৰ অনুমতি প্ৰদান কৰিছে ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ আদালতে৷ ইতিমধ্যে দুয়োটা গোচৰত গ্ৰেপ্তাৰ হোৱা চুমি বৰা, বিশাল ফুকন, তাৰ্কিক বৰা, অম্লান বৰা, ৰঞ্জিত কাকতি, শুভজ্যোতি কুৰ্মী, চন্দন নাথ আৰু অভিজিৎ চন্দাক ৩০ অক্টোবৰত চি বি আইৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ বাবে ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশৰ আদালতে তদন্তকাৰী সংস্থাটোক অনুমতি প্ৰদান কৰিছে৷ সেই সূত্ৰে যিকোনো মুহূৰ্ততে আটাইকেইজন অভিযুক্তকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ হস্তান্তৰ কৰি চি বি আয়ে ৩০ অক্টোবৰত বিশেষ ন্যায়াধীশৰ ওচৰত হাজিৰ কৰোৱাব৷
সেই দিনাই চি বি আয়ে আটাইকেইজন অভিযুক্তক জিম্মাত লৈ জেৰা কৰাৰ বাবে আবেদন জনাব বুলিও তদন্তকাৰী দলটোৰ এটা সূত্ৰই নিশ্চিত কৰিছে৷ ইয়াৰোপৰি দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা স্বয়ম্ভ² ট্ৰেডিং গুৰু স্বপ্ননীল দাসকো চি বি আয়ে জিম্মাত লৈ জেৰাৰ বাবে আবেদন জনাব বুলি জানিবলৈ দিছে৷ উল্লেখ্য, চি বি আয়ে ইতিমধ্যে অসমৰ ৪১টা ট্ৰেডিং কেলেংকাৰিৰ গোচৰ চমজি লৈ ইয়াৰে ৬টা গোচৰ নিজাকৈ পঞ্জীয়ন কৰিছে৷ গুৱাহাটীস্থ চি বি আইৰ বিশেষ আদালতে আটাইকেইটা গোচৰ নিয়মমাফিক কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত থকা চি বি আইৰ বিশেষ ন্যায়াধীশলৈ গোচৰসমূহ হস্তান্তৰ কৰিছে৷ এতিয়াৰে পৰা বিশেষ ন্যায়াধীশে অনলাইন ট্ৰেডিঙৰ সকলো গোচৰৰ বিচাৰ তথা আইনী প্ৰক্ৰিয়া আগবঢ়াব৷






