১০ মে’ত নিযুক্তি, ১৫ হাজাৰ নতুন চাকৰি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ অক্টোবৰ : ৰাজ্যৰ নিবনুৱালৈ সুখবৰ৷ আগন্তুক বৰ্ষৰ ১০ মে’ৰ পাছত আৰু ১৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত এই ঘোষণা কৰি কয়–‘আজি অনুষ্ঠিত হোৱা এডিআৰ পৰীক্ষাৰ লগতে পূৰ্বৰ এডিআৰ পৰীক্ষাৰ ফলাফল ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰিবলৈ আমি চেষ্টা কৰিম৷ আজি অনুষ্ঠিত হোৱা এডিআৰ পৰীক্ষাৰ এনছাৰ কী অহা ৭-১০ দিনৰ ভিতৰত পৰীক্ষাৰ্থীসকলে চাব পাৰিব৷ প্ৰশ্নকাকত, অএমআৰ শ্বীটো ডাউনলোড কৰিব পাৰিব৷ প্ৰতিটো পদৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থী ৰখা হ’ব৷ ১০ মে’ত আমি এডিআৰ পৰীক্ষা উত্তীৰ্ণ প্ৰাৰ্থীৰ লগতে শিক্ষা, পুলিচকে ধৰি ৩৫ হাজাৰ পদত নিযুক্তি দিম৷ চৰকাৰৰ চতুৰ্থ বৰ্গ পূৰ্তিৰ লগত সংগতি ৰাখি এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব৷ ইয়াৰ পাছতে আৰু ১৫ হাজাৰ নতুন চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব৷
ৰাজ্যিক কৰ্মচাৰীৰ ডিএ ৩ শতাংশলৈ বৃদ্ধি, ফলত ডিএযডি আৰ হ’বগৈ ৫৩ শতাংশ
কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ মগৰীয়া ভাট্টা (ডিএ) আৰু মৰগীয়া সাহায্য (ডিআৰ) ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ পাছত আজি ৰাজ্যিক কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিএয ডিআৰ ৩ শতাংশ বৃদ্ধিত অনুমোদন জনাইছে৷ কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ‘এই ডিএযডিআৰ বৃদ্ধি পহিলা জুলাই ২০২৪ৰ পৰা কাৰ্যকৰী হ’ব৷ ইয়াৰ ফলত ডিএ/ডিআৰ ৫৩ শতাংশলৈ বৃদ্ধি পালে৷ ৫৩ শতাংশ ডিএ/ডিআৰৰ বৰ্ধিত হাৰ অক্টোবৰ ২০২৪ৰ মাহিলি দৰমহা/ পেন্সনৰ সৈতে নৱেম্বৰ ২০২৪ত পৰিশোধ কৰা হ’ব৷ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে বকেয়া পৰিমাণ ডিচেম্বৰ ২০২৪, জানুৱাৰী ২০২৫ ফেব্ৰুৱাৰী ২০২৫ আৰু মাৰ্চ ২০২৫ত চাৰিটা সমান কিস্তিত পৰিশোধ কৰা হ’ব৷ ৰাজ্য চৰকাৰে এই বৃদ্ধিৰ বাবে বছৰি অতিৰিক্ত ৮০.৫০ কোটি টকা ব্যয় কৰিব৷ কেবিনেটৰ আন গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হ’ল–পাথাৰকান্দিৰ ব্যস্ত নগৰাঞ্চলত সঠিক প্ৰশাসন নিশ্চিত কৰিবলৈ কেবিনেটে অসম পৌৰ আইন, ১৯৫৬ৰ ধাৰা ৪১ অধীনত পাথাৰকান্দি পৌৰ পৰিষদ গঠনৰ বাবে অনুমোদন দিয়ে৷ পৌৰ পৰিষদত জ্জখন ৰাজহ গাঁও সামৰি ১০টা ৱাৰ্ড অন্তৰ্ভুক্ত থাকিব৷ পাথাৰকান্দি পৌৰ পৰিষদ স্থাপনৰ লগে লগে নতুনকৈ সীমা নিৰ্ধাৰণ কৰা পাথাৰকান্দি গাঁও পঞ্চায়তৰ অস্তিত্ব নাইকিয়া হ’ব৷ কেবিনেটে মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ জনসাধাৰণৰ লাভৰ হকে ইয়াৰ অধীনৰ গাঁওসমূহৰ তালিকা সংশোধন সম্পৰ্কে এখন জাননী জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাই কেবিনেটে৷ মিচিং জনবসতি নথকা ২৭৩খন লোকপিয়ল গাঁৱৰ অধিসূচনা বাতিল কৰা হয়৷ কেৱল মিচিং জনবসতিপূৰ্ণ অংশ অন্তৰ্ভুক্ত কৰিবলৈ ২৫৩খন লোকপিয়ল গাঁৱৰ সংশোধন কৰা হয়৷ আংশিক বা সম্পূৰ্ণৰূপে মিচিং জনবসতি থকা ২৫৫খন গাঁৱৰ নতুন অধিসূচনা জাৰি কৰা হয়৷ মুখ্যতঃ মিচিং জনসংখ্যাৰ দ্বাৰা বাস কৰা যিকোনো গাঁৱৰ কেৱল অংশহে মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰা হ’ব৷ বিখ্যাত ধনুৰ্বিদ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত ব্ৰজৰ পদককে ধৰি দেশৰ বাবে বহু বঁটা লাভ কৰা জয়ন্ত তালুকদাৰলৈ কেবিনেটে উপ-আৰক্ষী অধীক্ষকৰ পদ আগবঢ়ায়৷
কেবিনেটে চাহ বাগিচাৰ কৰ্মচাৰীৰ সামাজিক সুৰক্ষা সম্প্ৰসাৰণ আঁচনিত অনুমোদন জনায়৷ মিনি ৰত্ন চি পি এিছ ইত অসম চৰকাৰৰ ২৬ শতাংশ অংশদাৰিত্বৰ বিপৰীতে ইকুইটি সঞ্চাৰ কৰিবলৈ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ তৃতীয় কেছ কল অনুসৰি কেবিনেটে এন আৰ এললৈ ২০৫.৭২ কোটি টকা মুকলি কৰিবলৈ অনুমোদন জনায়৷ এই সঞ্চাৰে এন আৰ এলৰ সম্প্ৰসাৰণ ক্ষেত্ৰ যথেষ্ট বৃদ্ধি কৰিব আৰু যুৱ সমাজৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিব৷ যাতায়াত আৰু জলসিঞ্চনৰ জৰিয়তে গ্ৰাম্য উন্নয়নক উৎসাহিত কৰিবলৈ কেবিনেটে ৰাজ্যত ৯৭টা গ্ৰাম্য পথ আৰু ৭০টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ বাবে অনুমোদন জনায়৷ প্ৰকল্পসমূহ ২৩খন জিলাত যাতায়াত ব্যৱস্থা উন্নত কৰিব আৰু অসমৰ ২৮খন জিলাত আমাৰ কৃষকসকলক সহায় প্ৰদান কৰিব৷ কেবিনেটে ৰাজ্যখনত সংপীড়িত বায়’ গেছ খণ্ডৰ প্ৰচাৰৰ বাবে মেচাৰ্ছ ৰিলায়েন্স বায়’-এনাৰ্জী লিমিটেড আৰু অসম চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনায়৷ বুজাবুজি অনুসৰি, ৰাজ্যত সংহত সংপীড়িত বায়’-গেছ আন্তঃগাঁথনিৰ নেটৱৰ্ক স্থাপন কৰা হ’ব৷ ৰাজ্যত জনস্বাস্থ্য নিশ্চিত কৰা আৰু ৰোগীসকলৰ সময়মতে তথা সুলভ চিকিৎসা নিশ্চিত কৰাৰ বাবে ঔষধ, অস্ত্ৰোপচাৰ আৰু ব্যৱহাৰযোগ্য সামগ্ৰী ক্ৰয়ৰ বাবে পুঁজি আবণ্টনত কেবিনেটে অনুমোদন জনায়৷ আঁচনিখনে ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান আৰু আঞ্চলিক দন্ত মহাবিদ্যালয় আৰু চাহ বাগিচা চিকিৎসালয়ত অতি-বিশেষ চিকিৎসককে ধৰি ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ বিনামূলীয়াকৈ অত্যাৱশ্যকীয় ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী, ব্যৱহাৰযোগ্য সামগ্ৰী আৰু লিনেনৰ ব্যৱস্থা কৰাটো নিশ্চিত কৰিব৷ আঁচনিৰ বাবে অনুমোদিত মুঠ ব্যয় হৈছে ১৭৫ কোটি টকা৷ ৰাজ্যত চলি থকা বৃহৎসংখ্যক আন্তঃগাঁঠনি প্ৰকল্প সুচাৰূৰূপে সম্পাদন কৰিবলৈ বিশেষ দক্ষতাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে ৰেগুলেশ্ব্যন ৩ (এফ)ৰ অধীনত লোক নিৰ্মাণ বিভাগত পূৰ্বতে অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰাশৰ্মমৰ্মে নোহোৱা ৩৬গৰাকী সহকাৰী অভিযন্তা (চি)ক পুনঃনিযুক্তিৰ অনুমোদন জনায় কেবিনেটে৷