Logo
image

পত্নীসহ ৰাজনৈতিক সন্ন্যাস ঘোষণা কৰি পুত্ৰৰ বাট মোকলালে ফণীয়ে

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধি, ২৯ অক্টোবৰ : পত্নীসহ ৰাজনৈতিক সন্ন্যাস গ্ৰহণ ঘোষণা কৰি পুত্ৰৰ ৰাজনৈতিক বাট মোকলালে নেকি ফণীভূষণ চৌধুৰীয়ে? এতিয়া এই প্ৰশ্নই বঙাইগাঁৱত বিশেষ চৰ্চা লাভ কৰিছে৷ পুত্ৰৰ উপযুক্ত বয়সৰ বাট চাই ফণীভূষণ চৌধুৰীয়ে পত্নীসহ ৰাজনৈতিক সন্ন্যাস লোৱাৰ কথা ঘোষণা কৰা বুলিও লাভ কৰিছে চৰ্চা৷ এনেবোৰ চৰ্চা চলি থকাৰ মাজতে আন কিছু প্ৰশ্নৰো উদয় হৈছে সাংসদ ফণীভূষণ চৌধুৰীয়ে ঘোষণা কৰা এই ৰাজনৈতিক সন্ন্যাস সিদ্ধান্তৰ প্ৰতি৷ প্ৰশ্ন আহিছে ৰাজনীতিৰ প্ৰতি তিক্ততা বৃদ্ধি পাইছে নেকি অগপ দলৰ এই জ্যেষ্ঠ নেতাজনৰ৷ উল্লেখ্য, অগপ দলৰ বৰ্ষীয়ান নেতা ফণীভূষণ চৌধুৰী দলটোৰ জন্মলগ্নৰে জড়িত হৈ থকা বঙাইগাঁও বিধানসভা সমষ্টিত ১৯৮৫চনৰ পৰা একেৰাহে ২০২১ চনলৈকে অষ্টমবাৰৰ বাবে বিধায়ক হিচাপে জয়লাভ কৰি ৰাজ্যখনৰ ভিতৰত ইতিহাস সৃষ্টি কৰা তেওঁ শেহতীয়াভাৱে চলিত বৰ্ষত অনুষ্ঠিত হোৱা বৰপেটা লোকসভাৰ পৰা সাংসদ হিচাপেও জয়লাভ কৰে৷ উল্লেখ্য, ৰাজনীতিত কোনো অৱসৰৰ বয়সৰ সীমা নাই যদিও ইয়াৰ মাজতেই ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা কৰে সাংসদ ফণীভূষণ চৌধুৰীয়ে৷ আজি বঙাইগাঁৱত সংবাদ মাধ্যমৰ আগত এই মন্তব্য  কৰে সাংসদ ফণীভূষণ চৌধুৰীয়ে৷  তেওঁ জনোৱা মতে, আগন্তুক ২০২৬চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনতো তেওঁ অথবা তেওঁৰ পত্নীয়ে নিৰ্বাচনত অংশগ্ৰহণ নকৰে৷ তেওঁ লগতে জনায় যে এইবেলি উপ-নিৰ্বাচনত বঙাইগাঁওবাসী ৰাইজে তেওঁৰ পত্নীক প্ৰাৰ্থী হিচাপে বিচৰাৰ মূল কাৰণ হ’ল ফণীভূষণ চৌধুৰীৰ আধৰুৱা কামবোৰ যাতে সম্পূৰ্ণ কৰা হয়, সেইবাবেই ৰাইজে বিচাৰিছে তেওঁৰ পত্নীক৷  মৃত্যুৰ আগমুহূৰ্তপৰ্যন্ত তেওঁ অগপ দলৰ হৈ সেৱা আগবঢ়াব আৰু বঙাইগাঁৱৰ ৰাইজৰ বাবে কাম কৰি যাব বুলিও জনায় তেওঁ৷ তেওঁৰ মতে, অগপ দল কেতিয়াও অভিভাৱকহীন নহয়, অগপ দলে মোক বহু দিলে এতিয়া অবসৰ লোৱাৰ পাছতো দল আৰু ৰাইজৰ হকে কাম কৰিম বুলি জনায় সাংসদজনে৷


সাংসদজনে হঠাতে ঘোষণা কৰা এই সিদ্ধান্তই ৰাজনীতিৰ প্ৰতি তেওঁৰ তিক্ততা বৃদ্ধি পোৱা বুলি একাধিক মহলে ক’ব বিচাৰে৷ কাৰণ অগপ দলৰ জন্মলগ্নৰে পৰা জড়িত সকলোকে বঞ্চিত কৰি এইবেলি বঙাইগাঁও বিধানসভাৰ উপ-নিৰ্বাচনত তেওঁৰ পত্নী দিপ্তীময়ী চৌধুৰীক কৰা হৈছে প্ৰাৰ্থিত্ব প্ৰদান৷ দলৰ লগত কোনোদিনে জড়িত নথকা পত্নী দিপ্তীময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাত সাংসদ ফণীভূষণ চৌধুৰী দলৰ ভিতৰে-বাহিৰে যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনেকি সাংসদজনৰ এনে পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ প্ৰতিবাদ জনাই দলটোৰ জিলা সভাপতি বিজয় সিংহ, সাধাৰণ সম্পাদক শৈলেন সৰকাৰসহ প্ৰায় ত্ৰিশজন নেতাই পদত্যাগ কৰিছে৷ এই ঘটনাত সাংসদজন আৰু অধিক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়৷  এইবোৰ ঘটনাই হয়তো সাংসদ ফণীভূষণ চৌধুৰীৰ ৰাজনীতিৰ প্ৰতি মোহভঙ্গ তথা তিক্ততা আহি পৰা বুলি ধাৰণা কৰা হৈছে৷ যাৰ বাবে তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰিছে বিভিন্ন মহলে৷ ইপিনে সাংসদজনে ৰাজনীতিৰ পৰা অৱসৰগ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাৰ আঁৰত আন এটি প্ৰধান কাৰণ হ’ব পাৰে যে বিজেপি দলৰ আগ্ৰাসন নীতি৷ উল্লেখ্য, ৰাজ্যখনত বিজেপি আৰু অগপ দলৰ মিত্ৰ চৰকাৰৰ দ্বাৰা শাষণ পৰিচালিত হৈছে যদিও বঙাইগাঁৱত এই মিত্ৰতা নাটকীয়ভাৱে চলিছে৷ আনুষ্ঠানিকভাৱে এই মিত্ৰতা চলিলেও বঙাইগাঁৱত বিজেপি আৰু অগপ দলৰ মাজত সম্পৰ্ক হৈছে সাপ আৰু নেউলৰ৷ ২০২৬চনৰ বিধানসভা নিৰ্বাচনত ফণীভূষণ চৌধুৰী বিজেপি দলৰ কুটিল ৰাজনীতিৰ স্বীকাৰ হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কৈছে যে এইবাৰ উপ-নিৰ্বাচনত বঙাইগাঁও সমষ্টিটো অগপ দলক এৰি দিয়া হৈছে যদিও ২০২৬চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বঙাইগাঁও সমষ্টিত বিজেপি দলে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাত ৰাজনৈতিকভাৱে আতংকিত হৈ পৰিছে ফণীভূষণ চৌধুৰী৷ কাৰণ ২০২৬চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত অগপ আৰু বিজেপি দলৰ মাজত বঙাইগাঁও সমষ্টিত জোঁট স্থাপন নহ’লে হয়তো অগপ আৰু বিজেপিয়ে এককভাৱে নিৰ্বাচনত সন্মুখ সমৰ হ’ব লাগিব৷

সাংসদ ফণীভূষণ চৌধুৰীৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিক কেন্দ্ৰ কৰি ইতিমধ্যে অগপ দলৰ ভেটি খহা ২০২৬ চনত অগপ দলটোৰ বাবে তীব্ৰ প্রত্যাহ্বানৰ সন্মুখীন হৈ আছে বিজেপি দল৷ বিজেপি দলৰ এই প্রত্যাহ্বানে বঙাইগাঁৱত অগপ দল ২০২৬ চনত ধূলিসাৎ হৈ যোৱাৰ সম্ভাৱনাও দেখা গৈছে৷ যাৰ বাবে ২০২৬ চনৰ এই আতংকৰ ভূতে খেদিছে ফণীভূষণ চৌধুৰীক৷ ২০২৬চনত অগপ দলে সমষ্টিটোত পৰাজয়বৰণ কৰিলে নিশ্চয় ৰাইজৰ জৱাবদিহিৰ সন্মুখীন হ’ব লাগিব তেওঁ৷ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বাবেই যে দলটোক ধবংসৰ গৰাহলৈ ঠেলি দিয়া হ’ল নিশ্চয় এই প্ৰশ্নৰ জৱাবদিহি হ’ব লাগিব ফণীভূষণ চৌধুৰী৷ উল্লেখ্য, বঙাইগাঁও বিধানসভা সমষ্টিত ১৯৮৫চনৰ পৰা ২০২১ চনলৈকে অগপ দলৰ হৈ একেৰাহে অষ্টমবাৰৰ বাবে বিধায়ক হিচাপে জয়ী হৈ ৰাজ্যখনত ইতিহাস সৃষ্টি কৰা নায়কৰ শাৰীত থকা ফণীভূষণ চৌধুৰীৰ শেহতীয়াকৈ পৰিয়ালতান্ত্ৰিক ৰাজনীতিয়ে তেওঁৰ গাত লগাইছে দাগ৷ ২০২৬চনত বিজেপি দলৰ আগ্ৰাসন নীতি তথা তেওঁৰ পৰিয়ালতান্ত্ৰিক প্ৰশ্নই দলটো যদি বিপৰ্যয়ৰ সন্মুখীন হয় তেতিয়াহ’লে তেওঁৰ সকলো গৰিমা ম্লান হৈ যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ নায়কৰ আসনত থকা ফণীভূষণক যাতে খলনায়ক সজোৱা নহয় তাৰ বাবেই সাংসদ ফণীভূষণ চৌধুৰীয়ে এই অৱসৰৰ সিদ্ধান্ত লোৱা বুলিও বিভিন্ন মহলে ক’ব বিচাৰে৷ এক ৰাজনৈতিক মহলে ক’ব বিচাৰে যে প্ৰতিটো নিৰ্বাচনৰ আগতে তেওঁৰ শেষ নিৰ্বাচন বুলি ঘোষণা কৰি ৰাইজৰ সহানুভূতি ল’ব বিচাৰে৷  ফণীভূষণ চৌধুৰীৰ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ঘোষণা কৰা এয়া নতুন নহয় ইয়াৰ পূৰ্বেও ২০১১ চনত বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰভাত বৈষ্ণৱ নামৰ বঙাইগাঁৱত কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনৰ ভোটৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁ ৰাজনীতিৰ পৰা সন্যাস ল’ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল৷ তেওঁ কৈছিল কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰভাত বৈষ্ণৱে ২৫ হাজাৰতকৈ যদি এটা ভোটো বেছি লাভ কৰে তেতিয়াহ’লে তেওঁ ৰাজনীতিৰ পৰা সন্যাস ল’ব৷ কিন্তু উক্ত নিৰ্বাচনত প্ৰভাত বৈষ্ণৱে ৩৫ হাজাৰতকৈয়ো অধিক ভোট লাভ কৰিছিল৷ কিন্তু তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰা উক্ত সন্ন্যাস লোৱাৰ কাহিনী কিন্তু পাছত ফুটুকাৰ ফেনত পৰিণত হৈছিল৷ অৱশ্যে কেৱল ফণীভূষণ চৌধুৰীৰ ক্ষেত্ৰতেই নহয় এনেবোৰ ঘটনা ৰাজনীতিত এক নিয়মীয়া দৃশ্য৷ ৰাজনীতিত সম্ভৱ-অসম্ভৱ বুলি একো নাই৷