Logo
image

হেমন্ত বনাম হিমন্ত! ঝাৰখণ্ড তোলপাৰ

ৰাঁচী, ১ নবেম্বৰ : ঝাৰখণ্ডত কাৰ্যতঃ যেন  চলিছে ‘হিমন্ত বনাম হেমন্ত’ যুঁজ৷ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এই ‘যুঁজ’৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডক লৈ কৰা মন্তব্যত জাঙুৰ খাই উঠিছে উক্ত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা জে এম এমৰ নেতা হেমন্ত চোৰেণ৷ উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা ঝাৰখণ্ড ভ্ৰমণকালত ঝাৰখণ্ডৰ আদিবাসী অঞ্চলত অনুপ্ৰৱেশকাৰী সকলৰ বাবে ভৱিষ্যতে ডেম’গ্ৰাফিক পৰিৱৰ্তন হ’ব বুলি উল্লেখ কৰে৷ লগতে ইয়াৰ পৰিণতিত ভৱিষ্যতে ঝাৰখণ্ড এখন মিনি বাংলাদেশলৈ পৰিৱৰ্তিত হ’ব বুলি মন্তব্য কৰে৷ হিমন্ত বিশ্বৰ এই মন্তব্যত জাঙুৰ খাই উঠা হেমন্ত চোৰেণে তেওঁক উভতি ধৰে৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে হিমন্ত বিশ্বক উদ্দেশ্যি কয় যে ‘এনেধৰণৰ নেতাই হিন্দু-মুছলমানৰ সংঘাতত উচতনি দিয়াৰ লগতে, ভাই-ভাইৰ মাজত সংঘাতৰ সৃষ্টি কৰে৷ ফলত ঘৰ ভাঙিবলৈ আৰম্ভ কৰে৷’


তদুপৰি তেওঁ বাংলাদেশ সীমান্তৰে হৈ থকা অনুপ্ৰৱেশ সন্দৰ্ভতো বিজেপি নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ হেমন্ত চোৰেণে আনকি বাংলাদেশৰ সংঘৰ্ষৰ পাছত সীমান্তৰে ভাৰতৰ ভূমিত হোৱা অনুপ্ৰৱেশৰ বাবে কোন দায়ী বুলিও প্ৰশ্ন উত্থাপন কৰে৷ চোৰেণে সীমান্তৰ নিৰাপত্তাক লৈ মোদী চৰকাৰৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে৷ চোৰেণৰ স্পষ্ট কথা– ‘সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ লগতে বিএছএফ আৰু ৰাজ্য চৰকাৰৰ৷ এনেক্ষেত্ৰত সীমান্তৰে হোৱা অনুপ্ৰৱেশৰ দায়িত্বও তেওঁলোকেই ল’ব লাগিব৷’ ইপিনে ঝাড়খণ্ডত হ’বলগীয়া নিৰ্বাচনৰ প্ৰচাৰক লৈ হেমন্ত চোৰেণে কয়– কৃষকক সহায় কৰিবলৈ মোদী চৰকাৰৰ হাতত ধন নাই৷ কিন্তু কোটিপতি ‘বন্ধু’সকলৰ ঋণ ৰেহাই কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু এবাৰো ভাবি নাচায়৷ সি যি কি নহওক,  ঝাড়খণ্ডৰ ৰাজনীতিত আৰম্ভ হোৱা হেমন্ত বনাম হিমন্ত যুঁজখনক লৈ ৰাজনৈতিক মহলত এতিয়া চৰ্চা আৰম্ভ হৈছে৷