প্ৰথম টেষ্টত ৰোহিতে নেখেলে ভাৰতক নেতৃত্ব দিব বুমৰাই
নতুন দিল্লী, ১৮ নৱেম্বৰ: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত নেখেলে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই৷ দ্বিতীয় বাৰৰ বাবে সন্তানৰ পিতৃ হোৱা ৰোহিতে পৰিয়ালক সময় দিয়াৰ বাবে বি চি চি আইৰ পৰা আৰু কেইদিনমান ছুটী বিচাৰিছে৷ ৰোহিতৰ অনুপস্থিতিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথম টেষ্টত ভাৰতীয় দলক নেতৃত্ব দিব যশপ্ৰীত বুমৰাই৷ ৰোহিতৰ স্থানত প্ৰথম টেষ্টৰ বাবে দলত লোৱা হৈছে দেৱদূত পাড়িক্কালক৷ অ’পেনাৰ হিচাপে কে এল ৰাহুলে খেলাটো প্ৰায় নিশ্চিত৷ নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা অন্ত পৰা পাছৰ পৰাই প্ৰথম টেষ্টত ৰোহিতে খেলা-নেখেলাক লৈ অনেক জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল৷ অৱশেষত পাৰ্থৰ প্ৰথম টেষ্টত ৰোহিতে নেখেলাটো নিশ্চিত হ’ল৷
ব’ৰ্ডৰ এক সূত্ৰই সংবাদ মাধ্যমৰ আগত কয়–‘ৰোহিত অষ্ট্ৰেলিয়ালৈ যাব বুলি ভাবিছিলো৷ কিন্তু তেওঁ ব’ৰ্ডক জনাই দিছে যে এতিয়াই অষ্ট্ৰেলিয়ালৈ যাব নোৱাৰিব৷ পৰিয়ালৰ সৈতে তেওঁ অধিক সময় পাৰ কৰিব বিচাৰে৷ দিবা-নৈশ টেষ্টৰ পূৰ্বেই তেওঁ দলৰ সৈতে যোগ দিব৷ মাজত ৯ দিনৰ ব্যৱধান আছে৷ সেয়ে এডিলেইড টেষ্টত ৰোহিতে খেলাক লৈ কোনো সংশয় নাই৷’ আনহাতে, এক সূত্ৰই জনোৱা মতে ৰোহিত শৰ্মাৰ স্থানত টপ-অৰ্ডাৰ বেটাৰ দেৱদূত পাড়িক্কাল ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে৷ অষ্ট্ৰেলিয়াৰ ‘এ’ দলৰ বিৰুদ্ধে দুখনকৈ চাৰিদিনীয়া মেচত খেলা লোৱা ভাৰতীয় ‘এ’ দলৰ অংশ আছিল দেৱদূত৷ ছৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে শেহতীয়াকৈ কৰ্ণাটক দলত স্থান দিয়া হৈছিল বাঁওহতীয়া খেলুৱৈজনক৷ ‘এ’ দলৰ হৈ তেওঁ অষ্টে˜লিয়াত সংগ্ৰহ কৰে ক্ৰমে ৩৬,৮৮,২৬,১ ৰান৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম মেচত শতক অৰ্জন কৰা টপ-অৰ্ডাৰ বি ছাই সুদৰ্শনো ভাৰতীয় দলৰ বেক-আপ হিচাপে অষ্ট্ৰেলিয়াত থাকি যাব পাৰে৷ কলকাতা নাইট ৰাইডাৰ্ছৰ বেগী বলাৰ হৰ্ষিত ৰানাৰ প্ৰথম টেষ্টত অভিষেকৰ সম্ভাৱনা প্ৰকাশ কৰিছে সূত্ৰটোৱে৷ হৰ্ষিতে এতিয়ালৈকে ১০খন প্ৰথম শ্ৰেণীৰ মেচত খেলিছে৷ প্ৰথম শ্ৰেণীৰ মেচত তেওঁৰ মুঠ সংগ্ৰহ ৪৩টা উইকেট৷