’২৬ৰ পূৰ্বেই গাদীচ্যুত হ’ব হিমন্তবিশ্ব চৰকাৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ নৱেম্বৰ : বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এক-ডেৰ বছৰহে বাকী আছে৷ কিন্তু নিৰ্বাচনৰ পূৰ্বেই পতন হ’ব নেকি ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এসময়ৰ অতি ঘনিষ্ট সতীৰ্থ তথা বৰ্তমান ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এই সন্দৰ্ভত কৰিছে কেতবোৰ চাঞ্চল্যকৰ ভৱিষ্যতবাণী৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ সুদীৰ্ঘ সময়ৰ ৰাজনৈতিক বন্ধু ৰকিবুল হুছেইনে বৰ্তমানৰ চৰকাৰখন সন্দৰ্ভত ভৱিষ্যতবাণী কৰি কয়–২০২৬ নালাগে তাৰ আগতে হিমন্ত বিশ্ব শৰ্মাৰ পতন হ’ব৷ যেতিয়া চাকি নুমোৱাৰ সময় হয়, টুপকৈ জাগি উঠে৷ এতিয়া হিমন্ত বিশ্ব শৰ্মাও টুপকৈ জাগি উঠিছে৷ ২০২৬ত কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ হ’ব৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পতন হ’ব৷উপ-নিৰ্বাচনত দেখিবলৈ পাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱৰা হৈছে৷ ক্ষমতাৰ ৰাগীত বলীয়ান হৈ তেওঁ পুলিছ বিভাগটো ব্যৱহাৰ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই ওভোতগৰে নাছিছে৷ ৰাইজে তেওঁক বেয়া পাইছে৷
তেওঁ নিজেও বুজি পাইছে যে তেওঁ একো কাম কৰিব পৰা নাই৷ উপ-নিৰ্বাচনত সাধাৰণতে চৰকাৰত থকা দলকে ভোট দিয়ে৷ কিন্তু চৰকাৰত থকাৰ পাছতো বিজেপি দলে ইমান কষ্ট কৰিবলগীয়া হৈছে৷ কোনো দিনে উপ-নিৰ্বাচনত প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী নাযায়৷ কিন্তু তেওঁ ঝাৰখণ্ডৰ পৰা উধাতু খাই দৌৰি আহিবলগীয়া হৈছে৷ পুলিছ লগাবলগীয়া হৈছে৷ প্ৰশাসনক ব্যৱহাৰ কৰিছে৷ ৰেগিং কৰিবলগীয়া হৈছে৷ ২০২৬ চনত যে তেওঁ আৰু মুখ্যমন্ত্ৰী হ’ব নোৱাৰে সেই কথা তেওঁ নিজে বুজি উঠিছে৷ ৰাইজ তেওঁৰ পক্ষত নাই৷ আনহাতে ধুবুৰীৰ সাংসদজনে মুঙেৰী লাল কি হাচিন স্বপ্ন দেখা বুলি কটাক্ষ কৰি প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়– ৰকিবুল হুছেইনৰ এই সপোন কেতিয়াও পূৰণ নহয়৷ ২০২৬ত বিজেপিৰে চৰকাৰ হ’ব৷
কৃষকক মাটিৰ পট্টা নিদিয়া চৰকাৰে মাটি দিছে
আদানি-ৰামদেৱক : অখিল ‘আমাৰ অসম’ৰ কয়াকুছিৰ প্ৰতিবেদক : ২২ নৱেম্বৰত পাকাবেতবাৰী সমষ্টিৰ পিঠাদিত অখিল গগৈৰ জনসভা অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰ বাবে আনন্দৰ বতৰা বিয়পিছে ৰাইজৰ দলৰ কৰ্মী আৰু সমৰ্থকসকলৰ মাজত৷ উক্ত সভাতেই অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজাব৷ বৰ্তমান পৰিস্থিতিত ৰাজ্যখনৰ জ্বলন্ত সমস্যা বিশেষকৈ অত্যাৱশ্যকীয় দ্ৰব্যৰ মূল্যবৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক কোঙা কৰিছে৷ ৰাইজৰ দলৰ অভিযোগ– যধে-মধে জাননী দিয়া আৰু নিদিয়াকৈ উচ্ছেদ কৰি দুখীয়া জনসাধাৰণৰ জীৱন দুৰ্বিহ কৰি তোলা পৰিলক্ষিত হৈছে৷ কৃষকে উৎপাদন কৰা শস্যৰ ন্যায্য মূল্য নাপাই আত্মহত্যা কৰিবলগীয়া হৈছে৷ চৰকাৰী সকলো বিভাগতেই বিয়াগোম কেলেংকাৰি হোৱা, যুগ যুগ ধৰি বসবাস কৰা কৃষকক ৰিজাৰ্ভ আৰু চৰৰ মাটিৰ পট্টা নিদি বহিৰাগত বণিয়া আদানি-ৰামদেৱক অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি দিছে৷ যধে-মধে মদৰ দোকানৰ লাইচেঞ্চ দি চহৰীয়া-গাঁৱলীয়া ডেকাক পংগু কৰা, বিদু্যৎ বিভাগে স্মাৰ্ট মিটাৰৰ যোগেদি পুঁজিপতিক জনসাধাৰণৰ তেজ শুহি খোৱাৰ পথ প্ৰশস্ত কৰি চৰকাৰী যিকোনো সেৱাৰ মাচুল দ্বিগুণ-ত্ৰিগুণলৈ বৃদ্ধি কৰি, জীৱন দায়িনী ঔষধৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি কৰি জনসাধাৰণক ৰাম টাঙোন সোধাইছে৷ স্বচ্ছ আৰু নিকা নিযুক্তিৰ পৰিৱৰ্তে, নিযুক্তিৰ নামত বৃহৎ দুৰ্নীতি কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ চহৰসমূহত অপৰিকল্পিতভাৱে যধে-মধে অভাৰ ব্ৰীজ বনাই গছ-গছনি কাটি কোটি কোটি টকাৰ কমিছন লৈ জনজীৱন, প্ৰাণীকুলৰ ক্ষতিসাধন কৰিছে, আন্তঃগাঁথনি নোহোৱাকৈ যধে-মধে মেডিকেল বনাই চমক সৃষ্টি কৰি, ৰাজহুৱা সম্পদ পানীৰ দৰত বণিয়াক বিক্ৰী কৰা, চৰকাৰী বিদ্যালয়বোৰ বন্ধ কৰি শিক্ষাৰ বাণিজ্যিকীকৰণৰ ব্যৱস্থা সুচল কৰা, কৰ্ম সংকোচন নীতি গ্ৰহণ কৰি নিবনুৱা সমস্যা ভয়াৱহ কৰি তুলিছে৷
এন আৰ চিৰ সমস্যা সমাধান নকৰি, ডি ভোটাৰ সমস্যা সমাধান নকৰি, অসম চুক্তি ৰূপায়ণৰ নামত ভেঁকোভাওনা কৰি, নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশিত শ শ প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰা, খহনীয়া সমস্যাৰ সমাধান নকৰা, নগৰিকত্বৰ নামত সাধাৰণ মানুহক ডিটেনশ্বন কেম্পৰ জৰিয়তে অকথ্য নিৰ্যাতন কৰা, বিদেশী সমস্যাৰ সমাধান নকৰি জনসাধাৰণক আভুৱা ভৰি আহিছে৷ বিধায়ক আৰু সাংসদ উন্নয়ন পুঁজিৰ সদ ব্যৱহাৰ নকৰি, পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে এমজিএনৰেগা, চতুৰ্দশ বিত্তীয় আয়োগ, পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে কোটি কোটি টকাৰ কেলেংকাৰী কৰি এইখন চৰকাৰে ধাৰাবাহিকভাৱে নিজৰ খিয়াল খুচি মতে কাম-কাজ চলাই গৈ আছে৷ হত্যা, হিংসা, ধৰ্ষণ যেন আজিৰ দিনত অসমৰ বাবে নিত্য-নৈমিত্তিক ঘটনা প্ৰৱাহ হে৷ এইবোৰ দেখি সকলোৱে চকু মুদা কুলিৰ ভাও ধৰাহে দেখা পোৱা যায়৷ শেহতীয়াকৈ ৰাজ্যখন এনকাউণ্টাৰৰ দ্বাৰা ‘পুলিচী শাসন’ৰ প্ৰৱৰ্তন কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে৷ সেয়েহে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি এই সমূহ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে নৱ গঠিত পাকাবেতবাৰী সমষ্টিটো ন-কৈ দুৰ্নীতিমুক্ত কৰি উন্নয়ৰ বাটেৰে আগবাঢ়াই লৈ যাবৰ বাবে ৰাইজৰ দলৰ পাকাবেতবাৰী ব্লক সমিতিৰ সহযোগত আৰু দক্ষিণ পাকা আঞ্চলিক সমিতিৰ উদ্যোগত ২২ নৱেম্বৰত ৰণডংকা বজাব অখিল গগৈয়ে৷ উল্লেখ্য, ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিভিন্ন সময়ত ভিন্ন ইছ্যুক লৈ সৰৱ হৈ পৰি সুনাম অৰ্জন কৰিছে৷ অখিল গগৈয়ে পাকাবেতবাৰী সমষ্টিটোৰ ভক্তৰডবা অঞ্চলৰ পিঠাদি হাইস্কুল খেলপথাৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব৷ ইতিমধ্যে অভ্যৰ্থনা সমিতিৰ লগতে উপ-সমিতিসমূহ গঠন কৰা হৈছে৷ ইতিমধ্যে ৰাইজৰ দলৰ নেতা-কৰ্মীসকলে ব্যাপক উছাহ-উদ্দীপনাৰে কাম-কাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ লগতে ৰাইজৰ দলৰ সম্পাদক ক্ৰমে আজিজুৰ ৰহমান, আশ্ৰাফুল ইছলাম, মনিৰুজ জামান আৰু মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তী উপস্থিত থাকি ৰাইজক সম্বোধন কৰিব৷