Logo
image

চি এছ কেৰ নতুন জাৰ্ছী উন্মোচন

'আমাৰ অসম' ২৬ মাৰ্চঃ আই পি এলৰ চতুৰ্দশ ছীজনত তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক [চি এছ কে] দেখা যাব নতুন জাৰ্ছীত৷ বৃহস্পতিবাৰে সেই জাৰ্ছী উন্মোচন কৰিলে দলটোৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে৷ হালধীয়া ৰঙৰ জাৰ্ছীৰ কান্ধৰ অংশত আছে জলপাই ৰঙৰ ষ্ট্ৰাইপ৷ ভাৰতীয় সেনা বাহিনীৰ পোছাক জলপাই ৰঙৰ হোৱাৰ বাবেই সেনালৈ শ্ৰদ্ধা জনাই দলটোৰ জাৰ্ছীৰ এটা অংশ জলপাই ৰঙৰ কৰা হৈছে৷ ভাৰতীয় সেনাৰ প্ৰতি ধোনিৰ ভালপোৱাৰ কথা নি(য় কাৰো অবিদিত নহয়৷ বিশ্বকাপ ক্ৰিকেটৰ পাছত সেনাৰ টেৰিট’ৰিয়েল বাহিনীত যোগ দিছিল প্ৰাক্তন ভাৰতীয় অধিনায়কজনে৷ ধোনিৰ পৰামৰ্শমতেই চেন্নাই ছুপাৰ কিংছৰ নতুন জাৰ্ছীত জলপাই ৰঙৰ ষ্ট্ৰাইপ লগোৱা বুলি ধাৰণা কৰা হৈছে৷ নতুন জাৰ্ছীটোৰ বুকুৰ বাওঁদিশত আছে দলটোৰ ল’গো৷ তাৰ ওপৰত আছে তিনিটা তৰা৷ ধোনিৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছ তিনিবাৰ চেম্পিয়ন হোৱা বাবেই জাৰ্ছীত ৰখা হৈছে তিনিটা তৰা৷ উল্লেখ্য, ১০ এপ্ৰিলত যোৱাবাৰৰ ৰানাৰ-আপ দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলি আই পি এলত অভিযান  আৰম্ভ কৰিব চেন্নাই ছুপাৰ কিংছে৷