‘লুচিফাৰ’ৰ গ্ৰাসত!
কিছুদিন আগতে এজন আৰক্ষী বিষয়াই ট্ৰেফিক ছিগনেল ভংগ কৰা ডেলিভাৰী এজেণ্ট ছাত্ৰজনক আক্ৰমণ কৰাৰ ঘটনা ভাইৰেল হৈ ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল৷ কিছু বছৰ আগতে বগীঢলা চাহ বাগিচাত হোৱা গুলীচালনাৰ প্ৰতিবাদ কৰিবলৈ যোৱা নিৰস্ত্ৰ প্ৰতিবাদীক আৰক্ষীয়ে বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ দৃশ্য সমগ্ৰ অসমৰ ৰাইজে দেখিছিল৷ উচ্ছেদিতসকলক বেতেৰে কোবোৱাৰ দৰে ঘটনা অসমত সুলভ আৰু ক’ভিড মহামাৰীৰ সময়ত কাণত ধৰাই আঁঠু কঢ়োৱা দিনবোৰৰ স্মৃতি এতিয়াও বহুতৰ মনত সজীৱ৷ এই ঘটনাবোৰে কতৃৰ্ত্বশীল ব্যক্তিসকলে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ লগত জড়িত জটিল মানসিক আৰু সামাজিক কাৰকসমূহৰ ওপৰত আলোচনা কৰিবলৈ আমাক বাধ্য কৰায়৷ কেৱল আৰক্ষীয়েই নহয়, চাকৰি এটা হাতলৈ অহাৰ পাছতো মানুহবোৰ লুচিফাৰ এফেক্টৰ দ্বাৰা পৰিচালিত হয়৷ মইবৰ ভাব এটা লৈ ফুৰে৷ অধ্যাপকৰ পৰা পিয়নলৈকে একেই বৈশিষ্ট্য৷ ক্ষমতাত নথকা মানুহৰ ওপৰত তেওঁলোকে নিজৰ ক্ষোভ উজাৰে৷ লুচিফাৰ হৈছে চয়তানৰ নাম৷ লুচিফাৰ প্ৰভাৱে কয় যে কোনো ভাল ব্যক্তিকো সামাজিক, পাৰিপাশ্বিৰ্ক কাৰকৰ দ্বাৰা বেয়া মানুহলৈ পৰিৱৰ্তিত কৰিব পৰা যায়৷ ষ্টেনফৰ্ড প্ৰিজন পৰীক্ষাত এই বিষয়ে এটা গৱেষণা হৈছিল– য’ত কিছুমান ছাত্ৰই পুলিচৰ পদবী লৈছিল আৰু আন কিছুমান ছাত্ৰই কয়দীৰ৷ ষ্টেনফৰ্ডৰ প্ৰফেছৰ জিমবাৰ্ডে এই পৰীক্ষণ আধাতে সমাপ্ত কৰিবলগীয়া হৈছিল৷ কাৰণটো আছিল, পুলিচৰূপী ছাত্ৰসকলৰ কয়দীৰূপী ছাত্ৰৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ৷ আচৰিত নহয়নে কেৱল ইউনিফৰ্ম পিন্ধাৰ পাছতেই ছাত্ৰসকল হৈ পৰিছিল উৎপীড়নকাৰী৷ অসমত আৰক্ষী বিষয়াই ডেলিভাৰী এজেণ্টৰ ওপৰত কৰা আক্ৰমণক কতৃৰ্ত্ব, পৰিস্থিতিগত চাপ, এনেকুৱা ব্যৱহাৰক ন্যায্যতা দিয়া প্ৰতিষ্ঠানিক শাস্তিবিহীনতাৰ বিষাক্ত মিশ্ৰণৰ দ্বাৰা পৰিচালিত লুচিফাৰ প্ৰভাৱৰ এক আধুনিক সংস্কৰণ বুলি ক’লেও ভুল নহ’ব৷ হয়তো বহু আৰক্ষী বিষয়াই নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ আৰু শৃংখলা বলৱৎ কৰিবলৈ নিজৰ ঊধবৰ্তন বিষয়াৰ পৰা তীব্ৰ হেঁচা পায়৷ এনে পৰিৱেশত যিসকল ব্যক্তিক শক্তিহীন বুলি দেখা যায় : যেনে ডেলিভাৰী এজেণ্ট বা শ্ৰমিকসকল : তেওঁলোকৰ খং বা হতাশাৰ সুবিধাজনক লক্ষ্য হৈ পৰে৷ সৰু সৰু যান-বাহেন নিয়ম ভংগ কৰাটো ক্ষমতাত থকাসকলৰ বাবে নিজৰ আধিপত্য প্ৰকাশ কৰাৰ অজুহাত হৈ পৰে৷ ২০২০ চনৰ মে’ত এজন আমেৰিকান আৰক্ষী বিষয়াৰ হাতত জৰ্জ ফ্লয়ডৰ কৰুণ মৃত্যুৱে ফিলিপ জিম্বাৰ্ডোৰ লুচিফাৰ ইফেক্টৰ সৈতে মিল থকা কতৃৰ্ত্বৰ অপব্যৱহাৰ, ক্ষমতাৰ গতিশীলতা আৰু নৈতিক বিচ্ছিন্নতাৰ ব্যৱস্থাগত আসোঁৱাহবোৰৰ আন এটা উদাহৰণ দাঙি ধৰে৷ যিকোনো সাধাৰণ ব্যক্তিয়ে পৰিস্থিতিগত হেঁচা, প্ৰতিষ্ঠানিক সংস্কৃতি আৰু অনুভূত শাস্তিহীনতাৰ অধীনত এনেকৈ জঘন্য কাৰ্য সংঘটিত কৰিব পাৰে৷ ষ্টেনফৰ্ড কাৰাগাৰ পৰীক্ষাৰ ফলাফলৰ বিশ্বজনীনতা এয়েই যে আমেৰিকাই হওক, অসমেই হওক ক্ষমতাৰ অপব্যৱহাৰৰ একেই চৰিত্ৰ আমি দেখিবলৈ পাওঁ৷ যদিওবা ক্ষমতাৰ এনে অপব্যৱহাৰ যিকোনো কৰ্মক্ষেত্ৰতে দেখা যায়, তথাপি আৰক্ষীৰ হাতত যিহেতু অপৰিসীম ক্ষমতা দিয়া হয়, সেয়ে এনে অপব্যৱহাৰ ৰোধ কৰিবলৈ পদক্ষেপ লোৱা উচিত৷ কিছুমান ফলপ্ৰসূ ব্যৱস্থা হ’ল– পৰিস্থিতিগত চাপ প্ৰতিহত কৰিবলৈ সহানুভূতি, ডি-এস্কেলেচন কৌশল, আৰু আৱেগিক নিয়ন্ত্ৰণত গুৰুত্ব দিবলৈ প্ৰশিক্ষণ দিব লাগিব৷ স্বতন্ত্ৰ পৰ্যালোচনা ব’ৰ্ড আৰু বডী কেমেৰা বাধ্যতামূলক কৰিব লাগিব (হয়তো কেনেকৈ বাৰে বাৰে পুলিচৰ হাতৰ পৰা অপৰাধী পলাই যায় সেয়াও কেমেৰাত ধৰা পৰিব!)৷ জনসাধাৰণক নিয়ন্ত্ৰণৰ সলনি সেৱাক অগ্ৰাধিকাৰ দি আৰক্ষী প্ৰতিষ্ঠানসমূহৰ ভিতৰত সম্প্ৰদায়মুখী মানসিকতাক ‘community-oriented mindset’ ত্বৰান্বিত কৰিব লাগিব৷আইন প্ৰয়োগকাৰী পদ্ধতিবোৰৰ সংস্কাৰৰ ক্ষেত্ৰত জনগণৰ প্ৰত্যক্ষ অংশগ্ৰহণ নিশ্চিত কৰা আৰু বিষয়াসকলক জবাবদিহি কৰিব লাগিব৷শিক্ষা, তদাৰকী আৰু কৰ্মসংস্কৃতিৰ পৰিৱৰ্তনৰ জৰিয়তে ব্যৱস্থাগত বিফলতাক মোকাবিলা কৰি জৰ্জ ফ্লয়ডৰ লগত হোৱা বা ডেলিভাৰী বয় ছাত্ৰজনৰ লগত হোৱা দুৰ্ভাগ্যজনক ঘটনাবোৰ প্ৰতিৰোধ সম্ভৱ হ’ব পাৰে৷ লুচিফাৰ হয়তো আমাৰ সকলোৰে ভিতৰত আছে৷ স্তৰভিত্তিক ‘hierarchical’ গাঁথনি থকা প্ৰতিষ্ঠানসমূহে এনে নেতিবাচক পৰিৱেশক লালন-পালন কৰে, য’ত লুচিফাৰ নামৰ চয়তানটোৱে আমাক প্ৰভাৱিত কৰে৷ ‘Power tends to corrupt, and absolute power corrupts absolutely’– ১৯ শতিকাৰ ইংৰাজ লেখক, ৰাজনীতিবিদ আৰু ইতিহাসবিদ লৰ্ড এক্টনৰ এটা বিখ্যাত উক্তি৷ কিন্তু আমি লুচিফাৰক পৰাভূত কৰিব পাৰোঁ৷ আৰক্ষীয়েও প্ৰতিষ্ঠানিক সংস্কাৰৰ দ্বাৰা আৰক্ষী প্ৰশাসন লুচিফাৰ মুক্ত কৰিব নি(য় পাৰিব৷