Logo
image

ট্ৰেডিং কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত স্বপ্ননীল কাৰামুক্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ নৱেম্বৰ : সম্পূৰ্ণ চাৰি কুৰি চাৰি দিন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হোৱা ট্ৰেডিং কেলেংকাৰিৰ অন্যতম মূল খলনায়ক স্বপ্ননীল দাসে বুধবাৰে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয়৷ তদন্তকাৰী দিছপুৰ আৰক্ষী আৰু চি বি আয়ে নিৰ্দিষ্ট ৬০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰাত ব্যৰ্থ হোৱাৰ বাবেই মঙলবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল দিছপুৰ থানাত ৰুজু হোৱা এটা গোচৰত গ্ৰেপ্তাৰ কৰা স্বয়ম্ভ² ট্ৰেডিং গুৰু স্বপ্ননীল দাসক৷ ছেবিৰ অনুমোদন অবিহনে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত ‘ট্ৰেডিং ফৰ এ লিভিং’ নামৰ এটা ট্ৰেডিং প্ৰশিক্ষণ প্ৰতিষ্ঠান খুলি বিভিন্নজনৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল শিৱসাগৰৰ যুৱকজনক৷ গুৱাহাটী আৰক্ষীৰ লগতে চি বি আয়ে জিম্মাত লৈ জেৰা কৰি স্বপ্ননীল দাসৰ বেংক একাউণ্টত ২ কোটি ৬০ লাখ টকা ট্ৰেডিঙৰ নামত লেনদেন হোৱাৰ তথ্য উদঘাটন কৰাৰ লগতে স্বপ্ননীলৰ চিকিৎসক ভাতৃৰ বেংক একাউণ্টতো প্ৰায় ৮০ কোটি টকা জমা থকাৰ বিস্মোৰক তথ্য উন্মোচন কৰিছিল৷ তদন্তকাৰী দিছপুৰ আৰক্ষী আৰু চি বি আইৰ ব্যৰ্থতাৰ বাবেই অৱশেষত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিবলৈ সক্ষম হোৱা স্বপ্ননীল দাসে বুধবাৰে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহে৷


ট্ৰেডিং কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত স্বপ্ননীলে জামিনত কাৰাগাৰৰ পৰা ওলাই অহাক লৈ এইবাৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক আৰু জেইলাৰক মেনেজ কৰি স্বপ্ননীলে বুধবাৰে সন্ধিয়া কাৰাগাৰৰ চৌহদৰ ভিতৰৰ পৰাই এ এছ ০১ ই ৱাই ৬০০১ নম্বৰৰ এখন বিলাসী ৰেঞ্জৰ’ভাৰ বাহনত উঠি বলীউডৰ ছবিৰ নায়কৰ ষ্টাইলত ওলাই যায়৷ লক্ষণীয় বিষয়টো হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদৰ প্ৰৱেশদ্বাৰত এখন গেট থকাৰ লগতে চৌহদৰ ভিতৰতো এখন গেট আছে৷ নিয়ম অনুসৰি কাৰাগাৰৰ চৌহদৰ ভিতৰলৈ ব্যক্তিগত বাহন প্ৰৱেশত নিষেধাজ্ঞা আছে৷ আনকি মূল গেট পাৰ হৈ চৌহদৰ ভিতৰলৈয়ো অনুমতি অবিহনে সাধাৰণ লোকেও প্ৰৱেশ কৰিব নোৱাৰে৷ কাৰাগাৰৰ হাজোতী-কয়দীয়ে মুক্তি পালেও চৌহদৰ প্ৰৱেশদ্বাৰৰ মূল গেটলৈ খোজকাঢ়ি ওলাই আহিব লাগে৷ তেনেস্থলত স্বপ্ননীল দাসক মুকলি আকাশৰ তললৈ উলিয়াই নিয়াৰ বাবে বিলাসী বাহনখনক কাৰাগাৰৰ চৌহদৰ ভিতৰত প্ৰৱেশৰ বাবে কোনো অনুমতি দিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ প্ৰশ্ন উঠিছে কাৰাগাৰ কৰ্তৃপক্ষক মেনেজ কৰি স্বপ্ননীলে ভিভিআইপি আতিথ্য লাভ কৰিলে নেকি? নে অভিযুক্ত স্বপ্ননীলৰ মূৰৰ ওপৰত কোনো প্ৰভাৱশালী ব্যক্তিৰ আশীৰ্বাদ আছে৷ নিয়ম বহিঃৰ্ভূতভাৱে স্বপ্ননীলক কাৰাগাৰৰ পৰা উলিয়াই নিয়াৰ বাবে বিলাসী বাহনখন চৌহদৰ ভিতৰলৈ প্ৰৱেশৰ অনুমতি দিয়া ঘটনাৰ তদন্ত হ’ব নে সেয়া সময়েহে ক’ব৷ আনহাতে, স্বপ্ননীল দাসৰ লগতে ডি বি ষ্টক ট্ৰেডিং কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেমিকা মনালিচা দাসৰো জামিন মঞ্জুৰ কৰিছে আদালতে৷ ২০ নৱেম্বৰত জামিন লাভ কৰা মনালিচাই মঙলবাৰে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয়৷

কাৰাগাৰত ঠাণ্ডাত কঁপিছে চুমি, পৰিয়ালে যোগান ধৰিলে নতুন কম্বল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নহ’ল ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্ত বিশাল ফুকন আৰু কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ স্বামী তাৰ্কিক বৰাই৷ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে সদৰ থানাত নিজাববীয়াকৈ ৰুজু কৰা ৩৫২/২০২৪ নম্বৰৰ গোচৰটোৰ মূল অভিযুক্ত বিশাল ফুকন আৰু বিশালে পাতি লোৱা বায়েক অভিনেত্ৰী চুমি বৰাৰ ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাৰ লগতে আন এজন অভিযুক্ত অভিজিত চন্দাক মঙলবাৰে জামিন মঞ্জুৰ কৰিছিল গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ অৱশ্যে ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা গোচৰটোত বিশাল-তাৰ্কিকে জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নহ’ল৷ কিয়নো বিশাল ফুকন, চুমি বৰা আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে একে প্ৰৱঞ্চনাৰ অভিযোগত ডিব্ৰুগড়ৰৰ বৰবৰুৱা থানা আৰু দুলীয়াজান থানাতো দুটা পৃথক গোচৰ ৰুজু হৈ আছে৷ বৰবৰুৱা থানাৰ গোচৰটোত ইতিমধ্যে তিনিওজনকে গ্ৰেপ্তাৰো কৰিছে৷ যাৰ বাবে বৰবৰুৱা থানাৰ ৮৫/২০২৪ নম্বৰ গোচৰটোৰ লগতে দুলীয়াজান থানাত ১৯৮/২০২৪ গোচৰটোত জামিন লাভ কৰিলেহে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ব বিশাল-তাৰ্কিকে৷ বুধবাৰে এই দুয়োটা গোচৰতে চুমি, বিশাল আৰু তাৰ্কিকসহ সাতজন ধৃত অভিযুক্তক চিবিআইৰ গুৱাহাটীস্থ বিশেষ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতত হাজিৰ কৰোৱাৰ সময়তে কাৰাগাৰৰ ভিতৰত অতিমাত্ৰা ঠাণ্ডাত কঁপি থকাৰ কথা ব্যক্ত কৰাত চুমি বৰাক পৰিয়ালৰ লোকে যোগান ধৰে এখন নতুন কম্বল৷ অতিমাত্ৰা ঠাণ্ডাৰ বাবে জে’লত অসুবিধাৰ সন্মুখিন হোৱা বুলিও চুমিয়ে অধিবক্তা আৰু আত্মীয়ৰ আগত অসন্তুষ্টি ব্যক্ত কৰে৷ কেৱল চুমি বৰাকেই নহয়, বিশাল ফুকনৰ ট্ৰেডিঙৰ গোচৰটোৰ কাৰাবন্দী মুঠ সাত অভিযুক্তৰ বাবে নতুন কম্বলৰ যোগান ধৰা হয়৷ বুধবাৰে চিবিআয়ে ডি বি ষ্টক কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰা দীপাংকৰ বৰ্মনকো আদালতত হাজিৰ কৰোৱায়৷