চৰকাৰী খৰচত বিশেষ বিমানেৰে কাজিৰঙালৈ অনা হ’ল বিদেশী ‘অতিথি’
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ নৱেম্বৰ : বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা৷ কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলালৈ চৰকাৰী খৰচত বিশেষ বিমানেৰে অনা হৈছে বিদেশী ট্যুৰ-অপাৰেটত, ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ, ব্ল’গাৰ, শিক্ষাৰ্থী আৰু দিল্লীস্থ কেইবাজনো বিদেশী সাংবাদিকক৷ বিদেশী ট্যুৰ অপাৰেটৰ, ইউটিউবাৰ, ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলক কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে চাৰ্টাড বিমানেৰে অসমলৈ আদৰি আনিছে যদিও অসমত আতিথ্যৰ নামত থকা-খোৱা তথা ভ্ৰমণৰ সমস্ত খৰচ বহন কৰিবলগীয়া হৈছে ৰাজ্য চৰকাৰে৷ যিসময়ত এশিঙীয়া গড়ৰ বাবে বিখ্যাত বিশ্ব ঐতিহ্য কাজিৰঙালৈ দেশী-বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যা বৃদ্ধিৰে অভিলেখ গঢ়া বুলি চৰকাৰৰ বুলি দাবী কৰি আহিছে, ঠিক সেই সময়তে কাজিৰঙাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে ৰাজকোষৰ ধনেৰে বিদেশী ট্যুৰ অপাৰেটৰ-ইউটিউবাৰক আমন্ত্ৰণ কৰি আনি আপ্যায়ণ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ যদিও কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে বিদেশী পৰ্যটক হিচাপে অতিথিসকলক অসমলৈ আনিছে, পৰ্যটকসকলৰ বৃহৎ সংখ্যকেই দীৰ্ঘদিন ধৰি ভাৰততে আছে৷ আনকি এইসকলক পৰ্যটকৰ বহুজনে ইতিমধ্যে হিন্দী ভাষাও সলসলীয়াকৈ ক’বলৈ শিকি গৈছে৷ আনকি, অসম পৰ্যটন উন্নয়ন নিগমে বিদেশী পৰ্যটক হিচাপে আতিথ্য দিয়া আফ্ৰিকাৰ আহমেদ নামৰ ডিব্ৰুগড়স্থিত আই চি এম আৰৰ গৱেষক ছাত্ৰজনে আকৌ অসমীয়া ক’বলৈকো শিকি পেলাইছে৷
তদুপৰি আহমেদে হিন্দী ভাষাও শুদ্ধ উচ্ছাৰণেৰে ক’ব পাৰে৷ বিশেষ বিমানেৰে ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হোৱা পৰ্যটকৰূপী এইসকল ট্যুৰ অপাৰেটৰ, ইনফ্লুৱেঞ্চাৰ, ইউটিউবাৰ, ব্ল’গাৰ, সাংবাদিকক মঙলবাৰে আহোম ইতিহাস বিজড়িত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য স্বীকৃতি লাভ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰোৱায়৷ চৰাইদেউ মৈদামৰ উক্ত অনুষ্ঠানত অতিথিসকলক আদৰণি জনাই অসম চৰকাৰৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই৷ বিদেশী অতিথিসকলৰ সম্মুখত আহোম ৰাজত্বকালৰ খাদ্য, বাদ্য, নৃত্য ইত্যাদি পৰম্পৰা প্ৰদৰ্শন কৰা হয়৷ ইয়াৰ পাছতেই পৰ্যটকসকলক লৈ যোৱা হৈছিল ৰংঘৰলৈ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ লগত সংগতি ৰাখি অসম চৰকাৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰংঘৰলৈ আদৰি অনা বিদেশী পৰ্যটকসকলে মোবাইলৰ ফ্লাচ লাইট জ্বলাই ৰংঘৰৰ ভাস্কৰ্য চাবলগীয়া হ’ল৷ জয়সাগৰ পুখুৰী পৰিভ্ৰমণ কৰি সন্ধিয়া প্ৰায় পাঁচ বজাত ৰংঘৰত উপস্থিত হোৱা পৰ্যটকৰ দলটোৱে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা নথকাত মোবাইল টৰ্চ লাইট জ্বলাই ৰংঘৰৰ দেৱালত খোদিত আহোম শিলালিপি চাবলগীয়া হয়৷ ইয়াৰ পাছতেই পৰ্যটকসকলক কাজিৰঙাত অনুষ্ঠিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত ভাগ লোৱাৰ বাবে লৈ যোৱা হয়৷ বুধবাৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে৷ লক্ষণীয় বিষয়টো হৈছে– বিগত সময়ছোৱাত কাজিৰঙালৈ পৰ্যটকক আকৰ্ষণৰ বাবে আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব দিবলৈ সচেতন মহলে দাবী জনাই আহিছিল যদিও ৰাজ্যৰ পৰ্যটন উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাজিৰঙাৰ আন্তঃগাঁথনি উন্নয়নৰ কোনো প্ৰয়োজনীয়তা নাই বুলিহে মন্তব্য কৰা দেখা গৈছিল৷ মন্ত্ৰী বৰুৱাই কাজিৰঙা সমগ্ৰ বিশ্বতে পৰিচিত বুলিও দাবী কৰিছিল৷ কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই বক্তব্যৰ বিপৰীতে এতিয়া খোদ পৰ্যটন উন্নয়ন নিগমে কাজিৰঙাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে বিদেশী ট্যুৰ অপাৰেটৰ, ইউটিউবাৰ, ব্ল’গাৰ আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰক ৰাজকোষৰ ধনেৰে আতিথ্য দি আমন্ত্ৰণ কৰি আনিবলগীয়া হ’ল৷ ইফালে কাজিৰঙাৰ পৰ্যটন মেলালৈ শিল্পী জুবিন গাৰ্গকো সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰি নিয়ে পৰ্যটন উন্নয়ন নিগমে৷ বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু জাতীয় অৰ্কিড উদ্যান পৰিদৰ্শন কৰি শিল্পী জুবিন গাৰ্গে কাজিৰঙাৰ গড়ৰ সংখ্যা প্ৰয়োজনতকৈ অধিক বৃদ্ধি পোৱা বুলি মন্তব্য কৰে৷ অসমৰ পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে ৰাজকোষৰ ধনেৰে ৰাজ আতিথ্য দি বিশেষ বিমানেৰে চৰকাৰে অসমলৈ আদৰি আনিছে ১৫জন বিদেশী ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ-ইউটিউবাৰ ৪২জন আন্তঃৰাষ্ট্ৰীয় ট্যুৰ অপাৰেটৰ, ২০জন বিদেশী শিক্ষাৰ্থী আৰু ৪৬ জন পৰ্যটন ক্ৰেতা৷