Logo
image

ড’প বিধি উলংঘা, চাৰি বছৰৰ বাবে নিলম্বিত বজৰং পুনিয়া

নতুন দিল্লী, ২৮ নৱেম্বৰ: ড’প-বিধি উলংঘা কৰাৰ অপৰাধত চাৰি বছৰৰ বাবে নিলম্বনৰ সন্মুখীন হৈছে ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়া৷ ৰাষ্ট্ৰীয় ড’প নিবাৰক সংস্থাই  (নাডা) মঙলবাৰে দেশৰ তাৰকা মল্লযুঁজাৰুজনক চাৰি বছৰৰ বাবে নিলম্বিত কৰাৰ কথা ঘোষণা কৰে৷ জাতীয় দলৰ ছিলেকছন ট্ৰায়েলৰ সময়ত  ১০ মাৰ্চত ড’প টেষ্টৰ বাবে নমুনা দিবলৈ অস্বীকাৰ কৰিছিল বজৰঙে৷ টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদকজয়ী খেলুৱৈজনক নাডাই প্ৰথমে ২৩ এপ্ৰিলত নিলম্বিত কৰিছিল৷ ইয়াৰ পাছতে মল্লযুঁজৰ বিশ্ব গৰ্ভনিং বডী ইউডব্লিউডব্লিউ-এ বজৰঙক নিলম্বিত কৰিছিল৷


বজৰঙে তেওঁৰ সাময়িক নিলম্বনৰ বিৰুদ্ধে আবেদন জনাইছিল আৰু নাডাৰ ড’প নিবাৰক ড’পিং পেনেলে (এডিডিপি) প্ৰাথমিকভাৱে নিলম্বন তুলি ল’লেও  ইয়াৰ পাছত নাডাই ২৩ জুনত মল্লযুঁজাৰুজনলৈ জাননী প্ৰেৰণ কৰিছিল৷ শুনানীৰ পাছত শাস্তি ৰেহাইৰ নিৰ্দেশ তুলি দিয়া হয়৷ ২৩ এপ্ৰিলৰ পৰাই তেওঁৰ চাৰি বছৰৰ নিলম্বন কাৰ্যকৰী হয়৷ চাৰি বছৰৰ নিলম্বনৰ সময়ত বজৰঙে মল্লযুঁজৰ কোনো প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰিব৷ লগতে কোনো আন্তঃৰাষ্ট্ৰীয়  প্ৰতিযোগিতাত প্ৰশিক্ষকৰ ভূমিকাতো তেওঁ থাকিব নোৱাৰিব৷ নমুনা দিবলৈ অস্বীকাৰ কৰাৰ ক্ষেত্ৰত আত্মপক্ষ সমৰ্থন কৰি বজৰঙে কৈছিল যে নাডাৰ পৰীক্ষাৰ ওপৰত ভৰসা নথকাৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তেওঁ আৰু কৈছে যে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ  প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে আন্দোলনত মিলিত হোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এনে সিদ্ধান্ত লোৱা হয়৷