কাজিৰঙাত বিদেশী অতিথিয়ে শুনিলে জুবিনৰ গান
‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২৯ নৱেম্বৰ : কাজিৰঙাৰ কহঁৰাত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে আয়োজিত ১২সংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি সামৰণি পৰে৷ এই মেলাত অংশগ্ৰহণ কৰা দেশ-বিদেশৰ প্ৰায় চাৰিশ প্ৰতিনিধিয়ে আজি বিশ্বৰ সৰ্বাধিক এটা খডগ থকা গঁড়ৰ বাসস্থান তথা ফাইভ বিগ হিচাপে পৰিচিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ভ্ৰমণ কৰি অভিভূত হৈ পৰে৷ জানিব পৰা মতে, বিশ্বৰ ভিন্ন দেশৰ পৰা কাজিৰঙাত উপস্থিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন প্ৰতিনিধিৰ দলে আজি দৰ্শন কৰে কাজিৰঙা৷ অসম চৰকাৰ আতিথ্যত কাজিৰঙাত অনুষ্ঠিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ত অংশগ্ৰহণ কৰিবলৈ অহা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন প্ৰতিনিধিৰ দলটোৱে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ লগতে হাতীখুলি চাহ বাগিচা দৰ্শন কৰে৷ উল্লেখ্য, উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন সম্ভাৱনীয়তাক বিশ্ব দৰবাৰত সাৱলীল ৰূপত উপস্থাপন তথা প্ৰচাৰ, প্ৰসাৰৰ বাবে আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা কালি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই পৰ্যটন মেলাত প্ৰায় চাৰিশ দেশীয় পৰ্যটন প্ৰতিনিধি, ক্ৰেতা-বিক্ৰেতাৰ লগতে বিশ্বৰ ৩০খন দেশৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ইনফ্লুৱেন্সাৰ, টু্যৰ অপাৰেটৰ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসহ মুঠ ৫৯গৰাকী বিদেশী পৰ্যটন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে৷ ৰাচিয়া, ফ্ৰান্স, ইটালী, শ্ৰীলংকা, ম্যানমাৰ, ভূটান, নাইজেৰিয়া, কোৰিয়া, স্পেইন, ভিয়েটনাম আদি দেশৰ পৰা অহা এই পৰ্যটন প্ৰতিনিধিসকলে কালি ‘বি টু বি’ (বিজনেছ টু বিজনেছ) সভাত অংশ লোৱাৰ পাছত আজি পুৱাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে৷ উদ্যানৰ অন্তৰ্ভাগত খোলা জীপচিত উঠি নৈসৰ্গিক দৃশ্যৰ লগতে গঁড়, হাতী, বনৰীয়া ম’হ, হৰিণা, বিবিধ পক্ষী প্ৰত্যক্ষ কৰি উল্লসিত হৈ পৰা পৰিলক্ষিত হয়৷
ইয়াৰ পাছতে দলটো উপস্থিত হয় হাতীখুলি চাহ বাগিচাত৷ উল্লেখ্য, বিগত বৰ্ষৰ পৰা হাতীখুলি চাহ বাগিচাৰ তৰফৰ পৰা পৰ্যটকৰ সুবিধাৰ্থে চাহ পৰ্যটনৰ ব্যৱস্থা কৰা হৈছে৷ য’ত পৰ্যটকসকলে চাহপাত তোলাৰ পৰা বিভিন্নধৰণৰ চাহ প্ৰস্তুত কৰালৈকে সকলোখিনিৰ বিষয়ে সম্যক আভাস পোৱাৰ ব্যৱস্থা কৰা হৈছে৷ আজি বিদেশী পৰ্যটন প্ৰতিনিধিৰ দলটো হাতীখুলি চাহ বাগিচাত উপস্থিত হৈ বাগিচাৰ পৰিচালক মিত্ৰভানু দাসৰ নেতৃত্বত এটি কলি দুটি পাতৰ পৰা কেনেকৈ চাহপাত প্ৰস্তুত কৰা হয় আৰু বিভিন্ন প্ৰকাৰৰ চাহপাত তৈয়াৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে অৱগত হয়৷ হাতীখুলি বাগিচাৰ কাৰখানা প্ৰত্যক্ষ কৰাৰ লগতে ভিন্নপ্ৰকাৰৰ চাহৰ জুতি লৈ আপ্লুত হোৱা পৰ্যটন প্ৰতিনিধিৰ দলটো অসমৰ চাহ পৰ্যটনৰ প্ৰতি আকৰ্ষিত হোৱা বুলি জানিব পৰা গৈছে৷ ভিয়েটনাম, ফ্ৰান্স, থাইলেণ্ড, ৰুছ আদি দেশৰ পৰ্যটক প্ৰতিনিধিয়ে জানিবলৈ দিয়া মতে, কাজিৰঙাৰ আতিথ্য অতুলনীয়৷ অসমৰ অতিথি পৰায়ণতাক বাৰে বাৰে দুহাৰে বিদেশী পৰ্যটন প্ৰতিনিধিয়ে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ইমান সুন্দৰকৈ সংৰক্ষণ তথা পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ বিশ্বৰ সৰ্বাধিক এটা খড.গ থকা গঁড়ৰ বাসস্থানক সংৰক্ষণ কৰা পদ্ধতি আন ৰাষ্ট্ৰৰ বাবে শিকিবলগীয়া বুলিও মত প্ৰকাশ কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অংশগ্ৰহণ কৰা প্ৰতিনিধিয়ে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ইয়াৰ জীৱ বৈচিত্ৰ্য, চাহ বাগিচা, কলা-সংস্কৃতিক সম্পদৰে ভৰপূৰ এই ৰাজ্যৰ প্ৰতি পৰ্যটকৰ আগমনৰ যথেষ্ট থল আছে৷ কেৱল প্ৰচাৰ আৰু প্ৰসাৰ সঠিকভাৱে কৰিলে দেশ- বিদেশৰ পৰ্যটকৰ আগমন বৃদ্ধি পোৱাটো নিশ্চিত বুলিও মত প্ৰকাশ কৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন প্ৰতিনিধিয়ে৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ মাজত বন্যপ্ৰাণী, জীৱ বৈচিত্ৰ্য দৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰজাতিৰ পক্ষী দৰ্শন কৰি জীৱনৰ পাহৰিব নোৱৰা অভিজ্ঞতা আহৰণ কৰাৰ কথা জানিবলৈ দিয়ে বিদেশী প্ৰতিনিধিয়ে৷ ইফালে নিশালৈ প্ৰতিনিধি দলটোৱে কাজিৰঙাৰ আয়’ৰা পৰ্যটন নিৱাসত সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি কাইলৈ কাজিৰঙা এৰিব বুলি জানিব পৰা গৈছে৷ আনহাতে, আজি পুৱাৰ ভাগত আয়’ৰা পৰ্যটন নিৱাসত ৰাজ্যৰ পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অসম পৰ্যটনৰ উচ্ছপদস্থ বিষয়াসকলৰ সৈতে পৰ্যটন তথা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয়৷ উল্লেখ্য, বুধবাৰে নিশা কাজিৰঙা পৰ্যটন মেলাত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে৷ কাজিৰঙালৈ অহা দেশী-বিদেশী অতিথিয়ে শুনিলে জুবিনৰ গান৷ বৃহস্পতিবাৰে আন এজন জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই গীত পৰিৱেশন কৰে৷