Logo
image

ৰংঘৰ, চিৰিয়াখানাৰ বাবে কেন্দ্ৰৰ ২০০ কোটি টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ নৱেম্বৰ : অসমৰ পৰ্যটন ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ আৰ্থিক সাহায্য আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে৷ ৰাজ্যৰ দুটাকৈ পৰ্যটন ক্ষেত্ৰ গুৱাহাটীস্থিত ৰাজ্যিক চিৰিয়াখানা আৰু শিৱসাগৰৰ ৰংঘৰৰ উন্নয়নৰ বাবে ২০০ কোটি টকা অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটৰ এই অনুমোদনৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে৷ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে অসমসহ মুঠ ২৩ খন ৰাজ্যৰ ৪০টা প্ৰকল্পৰ বাবে ৩,২৯৫.৭৬ কোটি টকা অনুমোদন জনায়৷ দেশৰ পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ বাবে স্পেচিয়েল এছিছটেন্স টু ষ্টেট ফৰ কেপিটেল ইনভেষ্টমেণ্ট চমুকৈ এছএএছচিআই আঁচনিৰ অধীনত এই পুঁজিত অনুমোদন জনাইছে৷


কেন্দ্ৰৰ মোদী চৰকাৰে অসমৰ আহোম ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ সৌন্দৰ্যবদ্ধন আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ বাবে ২০০ কোটি টকা অনুমোদন জনোৱাত আদৰণি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে টুইট যোগে প্ৰকাশ কৰা অনুসৰি গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ উন্নয়নৰ বাবে ৯৭.১২ কোটি টকা আৰু ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৯৪.৭৬ কোটি টকা অনুমোদন জনাইছে৷ উল্লেখ্য, ইয়াৰ পূৰ্বে অসম চৰকাৰে এছিয়াৰ প্ৰথমখন ক্ৰীড়া পেভিলিয়ন হিচাপে পৰিচিত ঐতিহাসিক ৰংঘৰৰ উন্নয়ন তথা সৌন্দৰ্যবদ্ধৰ্নৰ নতুন প্ৰকল্প প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ সাহায্য বিচাৰি আবেদন জনাইছিল৷ অসম চৰকাৰৰ আবেদনৰ ভিত্তিতে চিৰিয়াখানা আৰু ৰংঘৰ প্ৰকল্পৰ বাবে ২০০ কোটি টকা অনুমোদন জনাই মোদী চৰকাৰে৷ ইফালে কাজিৰঙাত অনুষ্ঠিত আন্তঃজাৰ্তিক পৰ্যটন মেলাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ হাজাৰ কোটি টকা ব্যয়ৰে কাজিৰঙাৰ চাৰিলেনযুক্ত এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰস্তুতিৰ কথা উল্লেখ কৰিছিল৷ কাজিৰঙাৰ ৩৮ কিলোমিটাৰ দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ বাবে অহা ৪-৫ মাহৰ ভিতৰত নিবিদা আহ৩ান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল৷

মাৰ্ঘেৰিটাৰ উদ্যোগত গুৱাহাটীত বস্ত্ৰ সন্মিলন

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি : উত্তৰ-পূৰ্বাঞ্চলৰ বয়ন শিল্পক বিশ্ববাসীৰ সমুখত দাঙি ধৰিবলৈ নতুন বছৰৰ আৰম্ভণীতে গুৱাহাটীত আয়োজন কৰা হৈছে উত্তৰ-পূব বস্ত্ৰ সন্মিলন৷ আজি নতুন দিল্লীত কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰস্তাৱিত এই সন্মিলনৰ কথা জানিবলৈ দিয়ে৷ উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী-বোৱনীৰ প্ৰতিনিধিকে ধৰি আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া উক্ত সন্মিলনৰ উদ্যোগ গ্ৰহণ কৰিছে মাৰ্ঘেৰিটাৰ বস্ত্ৰ মন্ত্ৰণালয়ে৷ বিভাগীয় কেবিনেট মন্ত্ৰী গীৰিৰাজ সিঙৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ বয়ন শিল্পত প্ৰযুক্তিৰ বিকাশ তথা উৎপাদিত বয়-বস্তুৰ বজাৰৰ দিশটোকলৈ আলোচনা কৰা হ’ব৷ গুৰুত্ব প্ৰদান কৰা হ’ব উত্তৰ-পূবৰ শিপিনী-বোৱনীসকলৰ দক্ষতা বিকাশৰ বিষয়টোৰ ওপৰত৷ উল্লেখ্য, দক্ষতা বিকাশকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহকলৈ মাৰ্ঘেৰিটাই আজি তেওঁৰ দিল্লীস্থ চৰকাৰী বাসভৱনত উক্ত সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত দক্ষতা বিকাশ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য কেন্দ্ৰীয় মন্ত্ৰীজনে দাঙি ধৰি কয় যে ২০১৪ চনৰ পূৰ্বে দেশত ১০,১১৯টা আই টি আই আছিল৷ এতিয়া ৪৭ শতাংশ বৃদ্ধিৰে দেশত থকা আই টি আইৰ সংখ্যা হৈছে ১৪,৯৫৩টা৷ একেদৰে ২০১৬-১৭চনত এপ্ৰেণ্টিছসকলৰ বাবে দেশত ১৭,৬০৮টা প্ৰতিষ্ঠান আছিল৷ ২০২২-২৪চনত এয়া দুগুণ বৃদ্ধি পাই হৈছেগৈ ৩৫,২২৯টা৷ মন্ত্ৰী মাৰ্ঘেৰিটাই প্ৰকাশ কৰা মতে, কেন্দ্ৰৰ সমৰ্থ আঁচনি অসমত বৰকৈ সফলতা লাভ কৰিছে৷ ৮৮শতাংশ মহিলাক আমি এই আঁচনিৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিছোঁ৷ আনহাতে, দেশৰ ডেৰ কোটিতকৈ অধিক যুৱক-যুৱতীক দক্ষতা বিকাশৰ পদক্ষেপসমূহত কেন্দ্ৰীয় চৰকাৰে সামৰি ল’বলৈ সক্ষম হোৱা বুলি বিভাগীয় ৰাজ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে৷ কেন্দ্ৰই বিচাৰে দেশৰ যুৱ প্ৰজন্মই আত্মনিৰ্ভৰশীল হওক৷ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা মানুহে আদৰি লৈছে৷ এই যোজনাত অন্তৰ্ভুক্ত হোৱা লোকসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ আনহাতে, কাৰিগৰী বস্ত্ৰশিল্প এতিয়া পূৰ্বতকৈ শক্তিশালী ৰূপ ল’বলৈ সক্ষম হোৱাৰ কথা ব্যক্ত কৰি মাৰ্ঘেৰিটাই কয় যে এই বিষয়ত গৱেষণাৰ বাবে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ৰ পৰা ৬কোটিতকৈ অধিক পুঁজি আগবঢ়োৱা হৈছে৷ মুঠতে কেন্দ্ৰৰ সকলো বিভাগত দক্ষতা বিকাশৰ দিশটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰা বুলি মাৰ্ঘেৰিটাই সংবাদ মেলত ব্যক্ত কৰে৷

নিজম পৰিল কাজিৰঙা, পৰ্যটন মেলাৰ সমাপ্তি

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক : নিজম পৰিল দেশী-বিদেশী পৰ্যটন প্ৰতিনিধিৰ উপস্থিতিত মুখৰ হৈ থকা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা৷ অসম চৰকাৰৰ আতিথ্যত আয়োজিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ৰ সামৰণিৰ লগে লগে কাজিৰঙাত বিগত তিনিটা দিনৰ উৎসৱমুখৰ পৰিৱেশৰ অন্ত পৰে৷ উল্লেখ্য, যোৱা ২৭নৱেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছতে বিশ্বৰ ৩০খন দেশৰ ৫৯গৰাকী পৰ্যটন প্ৰতিনিধি আৰু দুইশ দেশীয় পৰ্যটন প্ৰতিনিধিয়ে ‘বি টু বি’ (বিজনেছ টু বিজনেছ) সভাৰ জৰিয়তে একাধিক পৰ্যটন উত্তৰণ, বাণিজ্যিক বুজা-বুজি কাৰ্যকলাপৰ লগতে পৰ্যটন সম্পৰ্কীয় বিভিন্ন বিষয়ত পৰ্যালোচনা কৰে৷ পৰ্যটনৰ জৰিয়তে নিয়োগ, নাৰী সৱলীকৰণ, উদ্ভাৱন, বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু প্ৰচাৰ সম্বন্ধীয় কেতবোৰ বিষয় চর্চা লগতে বিগত দিনকেইটাত পৰ্যটন প্ৰতিনিধি হিচাপে থকা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ইনফ্লুৱেন্সাৰ আৰু টু্যৰ অপাৰেটৰসকলে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন সমল সংগ্ৰহ কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু হাতীখুলি চাহ বাগিচাৰ চাহ পৰ্যটন, নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰ আদি পৰ্যটনথলী পৰিভ্ৰমণ কৰা পৰ্যটন প্ৰতিনিধিৰ দলটোৱে পৰম্পৰাগত সাংস্কৃতিক নৃত্য-গীতৰো অভিজ্ঞতা লয়৷ ইফালে, বিগত তিনিটা দিন কাজিৰঙাত কটাই পৰ্যটন প্ৰতিনিধিসকল আজি কাজিৰঙা এৰে৷ ইয়াৰ লগে-লগে কাজিৰঙাৰ উদুলি-মুদুলি পৰিৱেশৰো অন্ত পৰে৷  উল্লেখ্য, কালি কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত আইয়ৰাত পৰ্যটনমন্ত্ৰী সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীত উপস্থিত থাকি আমেৰিকা যুক্তৰাজ্যৰ ভাৰতত থকা ৰাষ্ট্ৰদূতে সকলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ ভাৰতৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল পৰ্যটন ক্ষেত্ৰত বহু চহকী৷ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বহুক্ষেত্ৰত পিছপৰি আছে৷ এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ যোগেদি বিশ্বৰ সৰ্বাধিক এটা খড.গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য পৰ্যটন ক্ষেত্ৰ আগুৱাই যোৱাৰ থল আছে বুলি মতপ্ৰকাশ কৰে৷  কাজিৰঙাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অংশগ্ৰহণ কৰা দেশ-বিদেশৰ পৰ্যটন প্ৰতিনিধিয়ে আতিথ্য আৰু কলা-সংস্কৃতি দেখি আশ্চর্য প্ৰকাশ কৰে৷ বিশেষকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা বিশ্বৰ সৰ্বাধিক এটা খড়গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি উৎফুল্লিত হৈ পৰাৰ কথা প্ৰকাশ কৰে৷ কাজিৰঙা ত্যাগ কৰাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অংশগ্ৰহণ কৰিবলৈ অহা পৰ্যটক প্ৰতিনিধিয়ে কয়- কাজিৰঙা অতি মনোমোহা৷ এই কথা আমাৰ জীৱনৰ এক স্মৃতি৷ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ৷ উত্তৰ-পূৰ্বাঞ্চলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক বিশ্ব পৰিচিত স্থান৷ এই মেলাৰ যোগেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ পৰ্যটকৰ আগমন বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰীৰ কাষত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱৰ কৰ্মকৰ্তা

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি : মৰিগাঁও জিলাৰ মায়ঙৰ পৰ্যটনকেন্দ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা ১৮ আগষ্টত ‘মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ’ সফলতাৰে উদ্‌যাপনৰ পাছত পৰ্যটনকেন্দ্ৰিক এই বিৰল উৎসৱটো স্থায়িত্বকৰণ সম্পৰ্কে আলোচনা কৰিবলৈ এই উৎসৱৰ কৰ্ণধাৰ সমিতিৰ তিনিজন সদস্যই বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে৷ কৰ্ণধাৰ সমিতিৰ হৈ অতনু কুমাৰ শৰ্মা, ড॰ উৎপল নাথ আৰু বিপুল ডেকাই অসম সচিবালয়ত এই সম্পৰ্কে অনুষ্ঠিত এক চমু বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উল্লিখিত উৎসৱটো প্ৰতিবছৰে নিয়মীয়াকৈ অনুষ্ঠিত কৰিব পাৰিলে যে মায়ং-পৱিতৰাৰ লগতে মৰিগাঁও জিলা তথা সমগ্ৰ অসমৰে পৰ্যটন ক্ষেত্ৰত ধনাত্মক প্ৰভাৱ পৰিব, সেই সম্পৰ্কে উপস্থাপন কৰে৷ কৰ্ণধাৰ সমিতিৰ সদস্যকেইজনে মুখ্যমন্ত্ৰীক এই অনন্য পৰ্যটন উৎসৱটো উদ্‌যাপনৰ বাবে অসম চৰকাৰৰ পৃষ্ঠপোষকতা বিচাৰি আবেদন জনোৱাৰ লগতে পৰ্যটন বিভাগৰ বাৰ্ষিক কৰ্মসূচীত অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনায়৷ মুখ্যমন্ত্ৰীয়ে উৎসৱটোক পৰিকল্পিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে আৰু প্ৰস্তাৱটো অসম চৰকাৰৰ পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ প্ৰেৰণ কৰে৷ এই সম্পৰ্কে বিতং আলোচনাৰ বাবে বিভাগীয় মন্ত্ৰীজনৰ সৈতে বৈঠকত মিলিত হ’বলৈও কৰ্ণধাৰ সমিতিক পৰামৰ্শ আগবঢ়ায়৷ উল্লেখ্য, মৰিগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নেতৃত্বত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱৰ সফল উদ্‌যাপনৰ পাছত যোৱা চাৰিটা মাহৰ ভিতৰতে মায়ং-পবিতৰাৰ লগতে সমগ্ৰ মৰিগাঁও জিলাৰে পৰ্যটন খণ্ডৰ উন্নয়নত ধনাত্মক প্ৰভাৱ পৰিছে৷ যাদুৰ দেশ মায়ঙৰ গুপুত ৰহস্য, মায়াময় সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যই সমগ্ৰ বিশ্বৰে পৰ্যটক, গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ উৎসৱৰ পাছত মায়ং-পবিতৰালৈ তথা মৰিগাঁও জিলালৈ অহা পৰ্যটকৰ সংখ্যা আগতকৈ দুগুণে বৃদ্ধি পাইছে৷ পবিতৰা অভয়াৰণ্য দৰ্শনৰ বাবে অহা পৰ্যটকসকলক বাদদিও একমাত্ৰ মায়ঙৰ ৰহস্যময় ঐতিহ্য-সংস্কৃতি উপভোগৰ বাবেই বিগত চাৰিটা মাহত সহস্ৰাধিক দেশীয় পৰ্যটক আৰু শতাধিক বিদেশী পৰ্যটকৰ আগমন ঘটিছে৷ ইয়াৰ লগে লগে চাৰণ বিলৰ কেনয়িং-কায়াকিং, জলচৰ পক্ষীৰ কলৰৱ, বঘৰাৰ কইনা কান্দা শিল, মায়ং পাহাৰৰ প্ৰাচীন গুহা, প্ৰত্নতাত্বিক সমল ৰাজি, বুঢ়ামায়ঙৰ কেঁচাইখাইতী থান, দেওশাল মন্দিৰ, পাটেকীবড়ী থান, ব্ৰহ্মপুত্ৰৰ বলিচৰ, নদী ডলফিনকে ধৰি মৰিগাঁও জিলাৰ আন আন পৰ্যটন সমলসমূহেও পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে মায়ং-পবিতৰাকে কেন্দ্ৰ কৰি মৰিগাঁও জিলাৰ আকৰ্ষণীয় পৰ্যটন সমলৰাজি দেখুৱাবলৈ দেশী-বিদেশী পৰ্যটকসকলক গাইড কৰাৰ বাবে অঞ্চলটোৰ শিক্ষিত নিবনুৱাসকল একত্ৰিত হৈ ‘মায়ং-পবিতৰা টুৰিষ্ট গাইড এছ’চিয়েশ্বন’ এটিও গঠন কৰিছে৷ পৰিকল্পিতভাৱে আগবাঢ়িব পাৰিলে অনাগত দিনবোৰত অসমৰ পৰ্যটন ক্ষেত্ৰখনত মায়ং-পবিতৰা তথা মৰিগাঁও জিলাই যে এক মৰ্যাদাসম্পন্ন স্থান লাভ কৰিব, সেইটো নিশ্চিত৷

উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰ লৈকে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে দশম সংস্কৰণ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ ৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ডিজি-চিএছআইআৰ,  আইআইএছএফ ২০২৪-ৰপৰিচালনা সমিতিৰ অধ্যক্ষ ড॰ এন. কালাইচেলভিয়ে৷ তেওঁ লগতে কয়-কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) বিজ্ঞান আৰু প্ৰযুক্তি ড॰ জিতেন্দ্ৰ সিং, আৰু মুখ্যমন্ত্ৰী ড॰ হিমান্ত বিশ্ব শৰ্মা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ আইআইএছএফ ২০২৪-এ ৮, ০০০-ৰো অধিক প্ৰতিনিধি আকৰ্ষিত কৰিব আৰু সমগ্ৰ দেশৰ পৰা দৈনিক অতিৰিক্ত ১০, ০০০ দৰ্শনাৰ্থীৰ আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে৷ এই অনুষ্ঠানটোৱে ভাৰত চৰকাৰৰ মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত উদ্যোগৰ সৈতে আন্তঃসংযোগ স্থাপন কৰিছে আৰু ইয়াৰ লক্ষ্য হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উৎপাদনৰ ক্ষেত্ৰত উদ্ভাৱন আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলকতা বৃদ্ধি কৰা৷ চিএছআইআৰ, দ্বাৰা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ ভূবিজ্ঞান মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পৰিৱেশত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হোৱাৰ প্ৰতিশ্ৰুতি দি পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ, আইআইটি গুৱাহাটী আৰু বিজ্ঞান ভাৰতীৰ সহযোগিতাত এই সন্মিলন অনুষ্ঠিত কৰা হৈছে৷ এই অনুষ্ঠানটোৱে ভাৰতক এক বিজ্ঞান আৰু প্ৰযুক্তি-চালিত গোলকীয় উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা বিষয়বস্তু সম্পৰ্কে গুৰুত্ব আৰোপ কৰি সুবিধাবঞ্চিত অঞ্চলসমূহত বিজ্ঞান আৰু উদ্ভাৱনৰ পৰিসৰ সম্প্ৰসাৰণৰ দিশত থকা ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব৷ আইআইএছএফ-ৰ মূল উদ্দেশ্য হৈছে সকলোৱে বিজ্ঞানৰ উদ্‌যাপন কৰা৷ সংবাদ মেলত চিএছআইআৰ-এনআইআইএছটি, টিভিএমৰ সঞ্চালক ড॰ চি. আনন্দৰামাকৃষ্ণন, প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে৷