আজিৰ পৰা অষ্ট্ৰেলিয়া প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে ভাৰতৰ প্ৰস্তুতি মেচ
কেনবেৰা, ৩০ নৱেম্বৰ: শনিবাৰৰ পৰা অষ্ট্ৰেলিয়া প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে দুদিনীয়া প্ৰস্তুতি মেচত অংশ ল’ব ভাৰতীয় ক্ৰিকেট দলে৷ গোলাপী বলৰ এই প্ৰস্তুতি মেচখনত অংশ লৈ এডিলেইডত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ টেষ্টৰ বাবে প্ৰস্তুতি চলাব ভাৰতে৷ প্ৰস্তুতি মেচত অৱশ্যে বৰষুণে বিঘিনি ঘটোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে৷ বতৰৰ পূৰ্বানুমান অনুসৰি শনিবাৰে এশ শতাংশ বৰষুণৰ সম্ভাৱনা আছে৷ অৰ্থাৎ মেচৰ যিকোনো সময়তে বৰষুণ আহিব পাৰে৷ ভাৰতে এতিয়ালৈকে চাৰিখন দিবা-নৈশ টেষ্টত অংশ লৈছে৷ ইয়াৰে একমাত্ৰ মেচখনত ভাৰত পৰাস্ত হৈছিল চাৰিবছৰৰ পূৰ্বে এডিলেইডত৷ দলটো মেচনত ৩৬ ৰানত আউট হৈ গৈছিল৷ দ্বিতীয় টেষ্টৰ পূৰ্বে সেই স্মৃতিয়ে আমনি কৰিব পাৰে ভাৰতীয় দলক৷
পাৰ্থৰ প্ৰথম টেষ্টত শক্তিশালী জয় অৰ্জনৰ পাছত ভাৰতীয় দলৰ আত্মবিশ্বাস তুংগত৷ দ্বিতীয় সন্তানৰ পিতৃ হোৱাৰ বাবে প্ৰথম টেষ্টৰ পৰা আঁতৰি আছিল ৰোহিত শৰ্মাই৷ কিন্তু ছয় ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগা দ্বিতীয় টেষ্টত ৰোহিতৰ দললৈ প্ৰত্যাৱৰ্তন ঘটিব৷ খেলুৱৈজনে ইতিমধ্যে অষ্টে˜লিয়াত উপস্থিত হৈ অনুশীলন আৰম্ভ কৰিছে৷ যশস্বী জয়ছোৱাল আৰু ৰোহিত অ’পেনাৰ৷ কিন্তু পাৰ্থত জয়ছোৱাল আৰু কে এল ৰাহুলে ভাল প্ৰদৰ্শন কৰিছিল৷ এনে অৱস্থাত ৰোহিতে তিনি নং স্থানত বেট ধৰিব পাৰে৷ গীলৰো বেটিংক্ৰম সলনি হ’ব৷ প্ৰস্তুতি মেচতে এই সালসলনি প্ৰয়োগ কৰি চাব পাৰে৷ প্ৰস্তুতি মেচখন যিহেতু দুদিনীয়া সেয়ে ভাৰতে বলিঙত কৈ বেটিঙত অধিক সময় কটাব বিচাৰিব৷ কোনো খেলুৱৈ আঘাতৰ সমস্যাৰ সন্মুখীন নহ’লে ছৰফৰাজৰ দৰে খেলুৱৈয়ে সুযোগ পোৱাৰ সম্ভাৱনা নাই যদিও প্ৰস্তুতি মেচত তেওঁ সুযোগ ল’ব বিচাৰিব৷ শুকুৰবাৰে প্ৰথম নেট ছেছনত ভাৰতীয় দলৰ খেলুৱৈকলক চাপমুক্ত হৈ অনুশীলন কৰা দেখা যায৷ প্ৰস্তুতি মেচখনত অষ্ট্ৰেলিয়া প্ৰধানমন্ত্ৰী একাদশক নেতৃত্ব দিব অলৰাউণ্ডাৰ জেক এডৱাৰ্ডছে৷ লগতে দলত থাকিব অনূধবৰ্-১৯ দলৰ তাৰকা চাৰ্লি এণ্ডাৰছন, মাহলি বেয়াৰ্ডমেন, আইডেন অ’কনৰ আৰু ছেম ক’নছষ্টাছ৷