Logo
image

সেৱা সেতু প’ৰ্টেললৈ ৰাইজৰ সঁহাৰি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ উদ্বোধন কৰে৷ ৰাজহুৱা সেৱা প্ৰদানৰ দিশত দায়বদ্ধতা সুনিশ্চিতকৰণৰ উদ্দেশ্যে ৰাজহুৱা সেৱা অধিকাৰৰ আপীল কাৰ্যপ্ৰণালী, ৰাজহুৱা সেৱা অধিকাৰৰ সকলো দিশ সামৰি প্ৰকাশ কৰা হাতপুথি তথা আয়োগৰ ৱেবচাইটও মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় প্ৰযুক্তিয়ে আজি দায়বদ্ধতা গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ জনসাধাৰণে নিজৰ অধিকাৰৰ বিষয়ে নাজানিলে সুশাসন প্ৰতিষ্ঠা হ’ব নোৱাৰে৷ ৰাজহুৱা সেৱাত জনগণৰ বহুতো সুবিধা আছে আৰু চৰকাৰে তাক কেবল নিশ্চিত কৰিব পাৰে৷ জনসাধাৰণক অধিকাৰ প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব৷ ২০১০ চনত মধ্যপ্ৰদেশ চৰকাৰে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰি দেশত প্ৰথমবাৰলৈ ৰাজহুৱা সেৱা অধিকাৰ আইন প্ৰণয়ন কৰিছিল৷ ২০১২ চনত অসমে ৰাজহুৱা সেৱা অধিকাৰ আইন প্ৰণয়ন কৰিছিল৷ সেই আইনখন ৰূপায়ণ কৰা হয়৷ ২০১৯ আৰু ২০২৪ চনত আইনখন দুবাৰকৈ সংশোধন কৰা হৈছিল৷


অসম চৰকাৰে ইতিমধ্যে সেৱা সেতুৰ জৰিয়তে ৭২৫টা বিষয় নাগৰিকৰ অধিকাৰ বুলি ঘোষণা কৰিছে বুলিও তেওঁ কয়৷ ইয়াতে ৬৪টা বিভাগৰ লগতে সঞ্চালকালয় আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্গত তিনিখন স্বায়ত্তশাসিত পৰিষদ আছে৷ প্ৰত্যেকটো সেৱা কিমান দিনৰ ভিতৰত দিব লাগে সেই সম্পৰ্কে এখন সূচীও পোৰ্টেলত দিয়া হৈছে৷ সেৱা সেতুৱে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছে সেৱা সেতু পোৰ্টেলত আৰম্ভণিৰে পৰা বৰ্তমানলৈকে ১.৫৬ কোটি আবেদন লাভ কৰাৰ বিপৰীতে ইয়াৰে ১.৪ কোটি আবেদন নিষ্পত্তি কৰা হৈছে৷ আবেদনৰ নিষ্পত্তিৰ হাৰ ৯০ শতাংশৰো অধিক৷ জনসাধাৰণৰ অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে দেশৰ ৩৪খন ৰাজ্যত ৰাজহুৱা সেৱা অধিকাৰ আইন বলবৎ কৰা হৈছে৷ আৰ টি আইৰ জৰিয়তে জনসাধাৰণে তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ যোৱা বছৰ ৰাজহুৱা সেৱা অধিকাৰ আয়োগ গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিল আৰু ৰাজহুৱা সেৱাৰ অধিকাৰ সঁচা অৰ্থত এক অধিকাৰ হিচাপে ৰূপান্তৰ কৰিব বিচাৰিছিল৷ ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া ডঃ সুজয় লাল থাওছেনক অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ অধ্যক্ষ, ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী আৰু বিমল চন্দ্ৰ ওছৱালক আয়ুক্ত হিচাপে নিযুক্তি দিয়ে৷ অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ বিভিন্ন দিশ সম্পৰ্কত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজক সঠিকভাৱে ৰাজহুৱা সেৱাৰ অধিকাৰ প্ৰদান কৰিব পাৰিলে অসম সুশাসনৰ কেন্দ্ৰবিন্দুত পৰিণত হ’ব৷ বিষয়া-কৰ্মচাৰীসকলক এই দিশত অধিক তৎপৰ হ’ব লাগিব৷ মুখ্যমন্ত্ৰীয়ে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ সম্পৰ্কত ৰাইজক সঠিকভাবে জনোৱাৰ বাবে প্ৰচাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ আজিৰ এই অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ দাস, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চাহ জনজাতি কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ উপৰি মুখ্য সচিব ড॰ ৰবি কোটা প্ৰমুখ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷