Logo
image

বিনিয়োগকাৰীক প্ৰলোভিত কৰি বিশালৰ ধন সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা আছিল চুমিৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ ডিচেম্বৰ : বিশাল-চুমিৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে দাখিল কৰা প্ৰথমখন অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই ওলাইছে বিস্ফোৰক তথ্য৷ অভিযোগনামাত প্ৰকাশ পোৱা মতে পাতি লোৱা ভায়েক বিশাল ফুকনৰ ট্ৰেডিঙৰ নামত বিনিয়োগকাৰীক প্ৰলোভিত কৰিবলৈ কৰিঅ’গ্ৰাফাৰ-অভিনেত্ৰী চুমি বৰাই লৈছিল মূল ভূমিকা৷ আনকি বিনিয়োগকাৰীক প্ৰলোভিত কৰাৰ বাবে অভিনেত্ৰী চুমি বৰাই সামাজিক মাধ্যমত মিছা আভিজাত্যৰো নাটক কৰিছিল৷ অভিনেত্ৰী চুমি বৰাৰ সৈতে সম্পৰ্ক হোৱাৰ পাছতেই বিশালে ট্ৰেডিঙৰ বেপাৰলৈ আহিছিল  বৃহৎ পৰিৱৰ্তন৷ এক কথাত চুমি বৰাই বিনিয়োগকাৰীসকলক প্ৰলোভনেৰে বিশাল ফুকনৰ ট্ৰেডিঙত ধন বিনিয়োগ কৰিবলৈ প্ৰৰোচিত কৰিছিল৷ আনকি ট্ৰেডিঙত বিনিয়োগৰ ফলতেই নিজৰ আৰ্থিক অৱস্থা উন্নত হোৱা বুলিও বিনিয়োগকাৰীসকলক কৌশলেৰে ইংগিত দিছিল অভিনেত্ৰী চুমিয়ে৷ যাতে তেওঁলোকেও বিনিয়োগৰ প্ৰতি আকৰ্ষিত হয়৷ চুমিৰ প্ৰলোভনৰ প্ৰাকচক্ৰত বন্দী হৈ চিকিৎসকৰ পৰা শিল্পীলৈ, আৰক্ষীৰ পৰা ৰাজনীতিকলৈ বিভিন্নজনে বিশালৰ ওচৰত ধন বিনিয়োগ কৰিছিল৷ চি বি আয়ে অভিযোগনামাত প্ৰকাশ কৰা অনুসৰি বিশাল-চুমি বাহিনীয়ে ট্ৰেডিঙৰ নামত নটাৰী যোগে দলিল কৰি আগষ্ট মাহ পৰ্যন্ত বিভিন্নজনৰ পৰা সংগ্ৰহ কৰিছিল সৰ্বমুঠ ৬৬,১৯,১৩,২০৫ টকা৷


অৱশ্যে ইয়াৰে প্ৰায় ৫১ কোটি টকা বৰ্তমানেও বিনিয়োগকাৰীক ঘূৰাই দিয়া নাই৷ বিশালে প্ৰথমে অভিজিৎ চন্দা আৰু নীৰেন্দ্ৰ বৰ্মন নামৰ দুজন ব্যক্তিৰে মিলি আৰম্ভ কৰিছিল ট্ৰেডিঙৰ বেপাৰ৷ অভিজিৎ চন্দা আৰু নীৰেন্দ্ৰ বৰ্মনে পূৰ্বে মাল্টিনেচনেল কোম্পানীত কাম কৰাৰ অভিজ্ঞতা আছিল৷ প্ৰথমে বিশালে নিয়মীয়াকৈ বিনিয়োগকাৰীক সুদ ওভতাই দি আহিছিল৷ বিশাল বাহিনীয়ে মুঠ ৩০ শতাংশ লাভৰ প্ৰতিশ্ৰুতিৰে ট্ৰেডিঙৰ বেপাৰ আৰম্ভ কৰিছিল৷ প্ৰথমাৱস্থাত বিশালৰ ট্ৰেডিঙৰ বেপাৰ চালুকীয়া আছিল যদিও এটা সাংস্কৃতিক অনুষ্ঠানত অভিনেত্ৰী চুমি বৰাক সাক্ষাৎ পোৱাৰ পাছতেই বিশালৰ জীৱন ৰথৰ চকা ঘূৰিবলৈ আৰম্ভ কৰিছিল৷ ছ’চিয়েল মিডিয়াত হাজাৰ হাজাৰ অনুৰাগী থকা চুমি বৰাই বিশালৰ ট্ৰেডিং বেপাৰক ধন ঘটাৰ সহজ পন্থা হিচাপে বাছি লৈছিল৷ চুমিয়ে পৰিচিত বিভিন্নজনক বিশালৰ সৈতে চিনাকী কৰাই দি ট্ৰেডিঙত ধন বিনিয়োগৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছিল৷ ইয়াৰ পাছতেই বিশালে ‘পাৰ্চেলিয়া’ নামৰ ঔষধ বিতৰত কোম্পানী খুলি বিনিয়োগকাৰীক আকৰ্ষণৰো চেষ্টা চলায়৷ এই পাৰ্চেলিয়া কোম্পানীৰ প্ৰচাৰৰ বাবে চুমি-বিশালে একাংশ তথাকথিত সাংবাদিক, ইউটিউবাৰক ছ’চিয়েল মিডিয়াত পেইড প্ৰচাৰতো ব্যৱহাৰ কৰিছিল৷ বিশালে ওড়িশা, ছত্তিশগড়কে ধৰি আন কেইবাখনো ৰাজ্যতো ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ জাল মেলিছিল৷ বহিঃৰাজ্যত মানবেন্দ্ৰ সিং, মুন দত্ত, ৰীতেশ শ্ৰীনিৱাস আৰু অভিৰাম পাত্ৰ নামৰ লোককেইজনক এজেণ্ট হিচাপে নিয়োগ কৰিছিল৷ চি বি আয়ে অভিযোগনামাত বিশাল-চুমি বাহিনীয়ে পঞ্জী স্কীমৰ দৰে প্ৰৱঞ্চনা কৰা বুলিও উল্লেখ কৰিছে৷ মুঠ ৭ টা বেংক একাউণ্টৰ বিনিয়োগকাৰীৰ পৰা ধন জমা লৈছিল বিশাল বাহিনীয়ে৷ তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক বিশালৰ প্ৰতিষ্ঠানৰ ছুপাৰভাইজাৰ নিযুক্তি দি ধৃত শোভনজ্যোতি কুৰ্মী আৰু চন্দন নাথক মেনেজাৰ নিয়োগ কৰিছিল৷ ইতিমধ্যে ৮ জন ভুক্তভোগী বিনিয়োগকাৰী ক্ৰমে ৰাজীৱ বণিয়া, জোনটি ৰাজকোঁৱৰ, বৰ্ণালী খাউণ্ড, হিমাংশু গোহাঁই, কৃষ্ণকমল বৰপাত্ৰ গোহাঁই আৰু মানসজ্যোতি বৰপাত্ৰই প্ৰৱঞ্চক বিশাল ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷